বৰুৱা সংবাদ – নৱজ্যোতি দাস
(১)
কাষৰতে পাই ডিচেম্বৰীয়া নাৰ্জীৰপৰা হালধীয়া অলপ আনি বৰুৱাই বৰুৱানীৰ গালত বুলাই দিছিল। মৰম কি নুবুজা বৰুৱানীয়ে বৰুৱাক ক’লে, “তুমি মোক জণ্ডিচ জণ্ডিচ কৰি পেলালা।”
(২)
(ইলেকচনৰ সময়)
বৰুৱা: কি কি লাগিব কোৱা।
বৰুৱানী: তেল, চাহপাত আৰু এটা নেইলপলিচ।
বৰুৱা: শেষৰ বিধ আকৌ কিয়?
বৰুৱানী: কাইলৈ ভোট নহয় জানো। Facebookত ফটো দিব লাগিব নহয়। নেইলপলিচ নলগোৱা আঙুলীকেইটা দাস, শৰ্মা, চলিহা, ৰহমানহঁতক কেনেকৈ দেখুৱাম! (বৰুৱাৰ অৱস্থাটো অনুমান কৰক)
(৩)
বিহুৰ বতৰ। বৰুৱানীয়ে বিহু গাইছে, “হাঁহে হৈ চৰিম গৈ তোমাৰে পুখুৰীত ……………. মাখি হৈ চুমা দিম গালত।”
বৰুৱা: বাকী যি কৰা কৰিবা। মাখি হৈ গালত চুমা দিবলৈ নাহিবা। থাপ্পৰত মৰি থাকিলে মোৰ দোষ নাই।
(৪)
বৰুৱাৰ পুতেক বেকাৰ। তাকে চিন্তা কৰি বৰুৱা বহি আছিল।
পুতেক: দুখ নকৰিবা দেউতা। বেকাৰ হৈ আছোঁ কাৰণে অন্ততঃ গাখীৰ অনা, চিলিণ্ডাৰ অনা আদি কামবোৰৰ কাৰণে কাকো এক্সট্রা পইচা দিবলগীয়া হোৱা নাই।
(৫)
বৰুৱা: মাজনী কিয় কান্দিছা?
জীয়েক: মাই মোৰ পিংক কালাৰৰ ফ্ৰকটো পিন্ধি শইকীয়ানী আণ্টিৰ লগত চিনেমা চাবলৈ গৈছে।
(৬)
বৰুৱানী: আনৰ হাজবেণ্ডে ৱাইফৰ কিমান কেয়াৰ লয়, আমাৰহে একো নাই।
বৰুৱা: হয়নে!
বৰুৱানী: নহয়নো কি! আচলতে আপুনি মোক কি বুলি ভাবে?
বৰুৱা: তুমি মোৰ বাবে ঠাণ্ডাৰ দিনৰ ৰ’দত দিয়া কম্বল আৰু গৰমত মিৰিণ্ডাৰ বটল।
☆★☆★☆
1:03 pm
ধন্যবাদ
1:26 pm
Wao… Great Nabo… Hahuwali…
3:02 pm
Thank you ?
3:30 pm
Bohut dhunia Naba.tumar bhobisyot ase.
3:30 pm
Bohut dhunia Naba.tumar vobisyot ase.