বিশিষ্ট বুদ্ধিজীৱি বিজয় মহন্তৰ সৈতে এখন্তেক — হেমন্ত কাকতি
শ্ৰদ্ধেয় ৰাইজ, আজি আমি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ অসমৰ এজন আগশাৰীৰ নামজ্বলা বুদ্ধিজীৱি শ্ৰীযুত বিজয় মহন্তক৷ তেখেত একাধাৰে বিপ্লৱী কবি, সমাজ সংস্কাৰক আৰু বহুতো কিবাকিবি৷ আহকচোন, তেখেতৰ লগত দুআষাৰ কথা পাতোঁ৷
আমাৰ সংবাদ কৰ্মী : জয়জয়তে আমাৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ, আপোনাৰ বিজি চিডিউলৰ পৰা আমাক অলপ সময় উলিয়াই দিয়াৰ বাবে৷
আমাৰ প্ৰথম প্ৰশ্ন হ’ল : এই যে আপুনি অসমৰ জ্বলন্ত সমস্যাবোৰ যেনে বানপানী, বিদেশী সমস্যা, জনসংখ্যা বৃদ্ধি, কৃষি সমস্যা, নিবনুৱা সমস্যা বা অন্যান্য ক্ষেত্ৰত হোৱা গভীৰ সমস্যাবোৰত চুপচাপ থাকি নতুন নতুন অদ্ভূত সমস্যা কিছুমানত লাগি থাকে সেই বিষয়ে কি ক’ব?
বিজয় মহন্ত : আপোনাকো বৈপ্লৱিক ধন্যবাদ জনালোঁ৷ চাওক, আপোনালোকে যিবোৰ সমস্যা বুলি ভাবিছে, সেইবোৰ আচলতে চাবলৈ গ’লে কোনো সমস্যাই নহয়৷ সেইবোৰ সমস্যা সমাধান কৰিবলৈচোন চৰকাৰখন আছেই৷ আমাৰ কাম হ’ল সৰু সৰু কিছু বিতৰ্কিত বিষয়ৰ সৃষ্টি কৰি আপোনালোকৰ দৰে সাধাৰণ জনতাক বিভ্ৰান্ত কৰা যাতে যিবোৰ মূল সমস্যা বুলি আপুনি কৈছে তাক পাহৰি গৈ সকলোৱে নিজৰ ভিতৰতে তৰ্ক বিতৰ্ক কৰি ব্যস্ত হৈ থাকে৷ এই ধৰক অসমক ব্ৰাহ্মণ্যবাদৰ কলীয়া ডাৱৰে ছানি ধৰা, মিঞা কবিতাৰ জোৰদাৰ প্ৰচাৰ কৰা, খিলঞ্জীয়াই মিঞাৰ ছোৱালীক সামূহিক বলাৎকাৰ কৰা, বিভিন্ন কবিতা আৰু অকবিতাৰ বাখ্যা, অলকা-জিৰাৰ দৰে বিদেশী চেনেললৈ অসমীয়াক নি বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰা, নতুন নতুন বিতৰ্কিত বিষয়ৰ সৃষ্টি কৰি হৈ চৈ কৰা আদি বহুত কাম কৰি আছোঁ৷
সংবাদ কৰ্মী : এইবোৰ বিতৰ্ক কৰি আপোনালোকৰ কি লাভ হয়? মানে সমাজলৈ কি বৰঙনি আগবঢ়ায়?
বিজয় মহন্ত : বৰঙনি মানে? কি কয়? এইবোৰেই আমাৰ “ৰোজী ৰোতি” আকৌ! চাওক, মোৰ কাৰণে প্ৰথম কথা হ’ল নিজকে প্ৰতিষ্ঠা কৰা৷ সমস্যাৰ সমাধান কৰিবলৈ সমস্যাৰ সৃষ্টিওতো হ’ব লাগিব৷ স্বাধীনতাৰ সত্তৰ বছৰ পিছতো যদি আজি সকলোৱে সমাধানতেই ব্যস্ত থাকিলহেঁতেন, আজিৰ তাৰিখত কেইটা সমস্যা বাছি থাকিলহেঁতেন? বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত হেঙাৰ হৈ মই আৰু আমাৰ সক্ৰিয় সমালোচক সদস্যসকলে চৰকাৰ আৰু জনসাধাৰণক বিহু দেখুৱাই থকা নাই জানো? চাওক, চৰকাৰক আমি কেনেকৈ নচুৱাই ৰাখিছোঁ৷ এন আৰ চি কৰিছে, তাত বিধি পঠালি দিছোঁ, কিবা বিকাশ সম্বন্ধীয় কাম হাতত লৈছে তাত আমি দোষ খুচৰি উলিয়াইছোঁ, বিভিন্ন চৰকাৰী আচনিবোৰেৰে কেনেকৈ জনসাধাৰণক বিকাশৰ নামত ৰাম ঠগন দিবলৈ ওলাইছে তাক উদঙাই দিছোঁ, বিভিন্ন প্ৰযুক্তি আৰু প্ৰকল্পক মানৱাধিকাৰ আৰু প্ৰাকৃতিক সংৰক্ষণৰ নামৰ দোহাই দি নোহোৱাকৈ ৰাখিছোঁ, আনকি বহিৰাগত বনিয়াৰ শোষণৰ অজুহাত দি ৰাস্তা-পদুলি বনোৱাতো বাধা আৰোপ কৰিছোঁ, কিমান কম? এই সমস্যাবোৰ সব সমাধান হৈ গ’লে আমাৰ অস্তিত্ব ক’ত থাকিব?
সংবাদদাতা : কিন্তু কিছুমান চৰকাৰী বিষয়াই কয় আপুনি হেনো উগ্ৰবাদীগোট আৰু বিদেশী ফাণ্ডৰ পৰাও বৰঙনি পায়?
বিজয় মহন্ত : চাওক, মই কি ক’লোঁ? প্ৰথমে পেট পূজা, তাৰ পিছত বাকী সকলো৷ পূজি নহ’লে কাম কেনেকৈ হ’ব? চৰকাৰে আমাক ফাণ্ড নিদিলে আমি ক’লৈ যাম? আগতে বহু কিবা কিবি বঁটা-বাহনো আমি হস্তগত কৰিছিলোঁ৷ আমাৰ এটা “ইকো-চিষ্টেম” আছিল৷ ৰাজনীতিবিদ, কবি, সাহিত্যিক, সমালোচক, বেপাৰী সকলো একে ঘাটতেই ‘পানীটুপি’ লৈছিলোঁ৷ পিচে কিবা পৰিবৰ্তনৰ ঢৌৱে চৰকাৰকো চুলে আমাকো চুলে৷ গতিকে যুদ্ধ আৰু প্ৰেমৰ ক্ষেত্ৰত সকলো ‘জায়েজ’ নহয় জানো?
সংবাদদাতা : বুজিলোঁ ছাৰ, আৰু এটা প্ৰশ্ন সোধোঁ৷ এই যে আপোনালোকৰ ইকো চিষ্টেমৰ কথা ক’লে, তাত সোমাবলৈ অলপ বয়সীয়া হোৱাটো দৰ্কাৰ নেকি? আপোনালোকৰ ছাত্ৰ সংগঠনৰ লিডাৰবোৰো বয়সীয়াল যে?
বিজয় মহন্ত : চাওক, এতিয়াতো বহুত ভাল৷ আজিকালি চ’চিয়েল মেডিয়াত বহুত সৰু সৰু ল’ৰাছোৱালীকো আমাৰ গেঙত অন্তৰ্ভুক্ত কৰাব পৰা হৈছোঁ৷ আগতেতো আমাৰ ছাত্ৰসংগঠনত অন্তৰ্ভুক্ত হ’বলৈ দাড়ি মোছ নহ’লে লোৱাই নহৈছিল৷ বিশ্বাস কৰক, এই যে “ফেচ এপ” এটা ওলাইছে, সেইটো বহুতো ফুলকুমলীয়া ল’ৰাৰ ফটোত ব্যবহাৰ কৰি বহুতকে আমাৰ সংগঠনত মই নিজে সুমুৱাইছোঁ৷ বয়স হ’লেহে মানুহ পৰিপক্ক হয়৷ অন্ততঃ ৰাইজে জানিব লাগে যে আমি গোটেই বয়সস্থ মানুহবোৰেই ইয়াত সোমাই আছোঁ৷ মোৰ নিজৰ দাড়ি মোছ নাই যদিও, নিউজ চেনেলবিলাকত ফোনযোগে হোৱা কথোপকথনত “ফেচ এপ” দি বনোৱা বয়সস্থ ফটোখন ডিচপ্লে কৰি ৰাখি দিওঁ৷
সংবাদ কৰ্মী : মানে ছাৰ আপোনালোকৰ নিউজ চেনেলো নিজৰে?
বিজয় মহন্ত : হয়, নিউজ চেনেল মেইন হয়৷ আমাৰ নিজৰ মানুহৰে চেনেল৷ কোল ডট কম, হেয়াৰ ডট ইন, কোষ্ট গাৰ্দ, পোৰাভেন আৰু স্প্ৰিণ্ট আদি বহুত নামৰ অনলাইন ৱেব পৰ্টেলো আছে৷ নন্দী টিভি আদি নিউজ চেনেল আমাৰেই হয়৷ ২৪/৭ প্ৰচাৰ নকৰিলে আমি কেনেকৈ তিষ্টি থাকিম?
সংবাদ কৰ্মী : ছাৰ, ইণ্টাৰনেচনেল লেভেলত কিবা?
বিজয় মহন্ত : আন্তৰাষ্ট্ৰীয় পৰ্য্যায়তো আমি ভালকৈ খোপনি পুতি লৈছোঁ৷ অলকা-জিৰা, হাঁহিংটন পেষ্ট, ফিউ ইয়ৰ্ক টাইমচ আদিত আমাৰ সংগঠনত ট্ৰেইনিং কৰা বহু সদস্যই আমাৰ এই সৃষ্টিৰাজীক তিলটোকে তালটো কৰি বিশ্ববাসীৰ আগত ঢোল পিটি থাকে৷ এই ধৰক আপোনালোকে কৈছে বাংলাদেশীয়ে সত্ৰৰ মাটি বেদখল কৰিছে, আমি কৈছোঁ সত্ৰৰ মাটি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত জাঁহ গ’ল৷ বচ খেলা খটম৷ কোনে বিচাৰি পাব সেই মাটি?
সংবাদ কৰ্মী : কিন্তু ছাৰ সেয়া অন্যায় নহয় নে? আপোনালোকে সাধাৰণ জনতা আৰু বিশ্ববাসীক উদ্দেশ্য প্ৰনোদিত ভাবে মিছা কথা কোৱা নাইনে?
বিজয় মহন্ত : উদ্দেশ্য নিশ্চয় আছে৷ আমাৰ উদ্দেশ্যও মহান৷ প্ৰথম কথা হ’ল, যাৰ নিমখ খাইছোঁ তাৰ গুণগান কৰিব লাগিবই না? টকা আহিব মধ্যপ্ৰাচ্য, পশ্চিম আৰু দক্ষিণ পূবৰ পৰা, আৰু গান গাম উত্তৰ পূবৰ? এয়া সম্ভৱ জানো?
সংবাদ কৰ্মী : ছাৰ, এই অসমৰ খিলঞ্জীয়া লোকসকলৰ দুখ দুৰ্গতি দেখি, মাজুলীৰ বানৰ কবলত গৃহহাৰা হোৱা লোকসকলে আপোনালোকৰ বুকুত অলপো কষ্ট নিদিয়ে নে?
বিজয় মহন্ত : চাওক, কষ্ট পাবলৈ মোৰ কোনো আপোন নহয়, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো দেশ নাই, মই মুক্ত৷ মই বিজয় মহন্ত!
☆★☆★☆
10:39 am
উফ দাদা কি সুন্দৰ ব্যংগ!ভাল লাগিল৷
7:20 pm
বঢ়িয়া
10:50 am
জাষ্ট ৱাও কাকতি দা।
11:35 am
দাদা। এইটো ফাটা-ফাটি। একদম ক্ষুৰধাৰ
11:37 am
দাদা টামাম এইচাত
11:39 am
ৱাহ ! এইয়াহে ব্যংগ দাদা , মন ভৰি গ’ল ৷ সকলো দিশেই চুই গৈছে ৷
11:40 am
ধুই চাফা কৰি দিলে ৰে
11:45 am
মজ্জা
11:45 am
দাদা তামাম বুলি কলো। কি লিখিলে সকলো পিটিকি দিলে
11:52 am
জাষ্ট ৱাহ ! •••
বোলটি বন্দ্
12:32 pm
তামাম হে দাদা।
2:07 pm
আমাৰ প্ৰধান অস্ত্ৰ হ’ল ‘অসম বন্ধ’।
5:33 pm
তামাম। ইউ হিট দা বুলজ আই
5:49 pm
ফাটাফাটি।
7:18 pm
একেবাৰে ঠাইতে দিছে । সকলো বিষয়ে আলোচনা সঁচা কথাবোৰৰ । বৰ ভাল লাগিল ।
7:24 pm
মজা !??
9:08 pm
মজা দিলে এইচাট।
8:07 am
ৱাও, অনন্য
7:47 pm
সাংঘাতিক