ফটাঢোল

ফটাঢোল- চিদানন্দ বৰা

ফটা-ঢোলৰ গৰজনিত মেদিনী কম্পমান
উচাহতে হিঁয়াই নাচে জুৰি ঐক্যতান।
সৰু বৰ মিলি সবে খজুঁৱতি মাৰে
ছেগ পালেই সকলোৱে উভতি কামোৰে।
কেনে যে বিচিত্ৰ এই ঢোলৰ চাপৰি
ডেকা বুঢ়া নাচে সবে বাগৰি বাগৰি।
আছে মহা ধুৰন্ধৰ ওজাৰো মহা ওজা
লগতে নাচনী আছে বতাহতে উৰা।
যন্ত্ৰৱৎ জীৱনৰ ই বিশল্যকৰণী
জীৱনী শক্তি ই মহাসঞ্জিৱনী।
হাঁহিতে বাজে বাঁহী অমিয়া সুৰত
পৰাণ জুৰাই জীৱেমানৱী সঙ্গত।
এধানি সুখতে যদি পাওঁ কিবা আন
আৰু কিয় লাগে বাৰু আন-বান-সান(খিক)।
সতীৰ্থ লাগে কিয় জীৱন পথত
বুজিবলৈ বজোৱা ঢোল আমাৰ সঙ্গত।
বজাও আহা সবে এই ফটা ঢোল
পাওঁৱেই নেকি জীৱনৰ কিবা মহামোল।■■

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *