ফটাঢোল

টনী মৰিছন — এযুৰি নীলা চকু আৰু এমুঠি শানিত শব্দৰ চিকমিকনি – দীপাঞ্জলি দাস পাঠক

এযুৰি সুগভীৰ নীলা চকুৰে তাইও পৰীৰ দৰেই অতীৱ সুন্দৰী হ’ব। যিফালেই চকু তুলি চাব সকলােৱে থৰ লাগিব তাইৰ বিমুগ্ধ দুনয়নৰ ৰাগিত। তাই যেনিয়েই খােজ দিব আলফুলীয়া জোতাৰ তলৰ ঘাঁহনিডৰাও তাইৰ প্রেমিক হৈ উঠিব। বতাহজাক উতনুৱা হ’ব দুবাহুত মেৰিয়াই লৈ তাইক এটি চুমা দিবলৈ। সেই উমাল আলিংগনৰ আৱেষ্টনীতে তাই সাৰ পালে সপােনৰ পৰা আৰু নিজকে আৱিষ্কাৰ কৰিলে ৰূঢ় বাস্তৱৰ নির্মম পৃষ্ঠভূমিত। তাইৰ গ’ম সাপৰ বৰণীয়া শৰীৰ আৰু এঙেৰুৱা চকুযুৰিয়ে সজা কাছাজিয়ে তাইক প্রক্ষেপ কৰিলে অৱজ্ঞা আৰু উপেক্ষা কর্কশ মৰুভূমিত। এয়াই অবাঞ্চিত বাস্তৱ পেক’লা ব্রিডল’ভৰ কনমানি পৃথিৱীখনি। নবেল বঁটা বিজয়ী আমেৰিকাৰ ঔপন্যাসিক টনী মৰিছনৰ কলমেৰে নিসৃত যেন এটি তীক্ষ্ণ আর্তনাদ ‘The Bluest Eye।’

আফ্রি-আমেৰিকীয় সমাজ ব্যৱস্থাত সুদীর্ঘ কালজুৰি অব্যাহত থকা বর্ণ বৈষম্যবাদ আৰু তাৰ ফলশ্রুত শােষণ-দমনৰ এনে অলেখ অকথ্য নির্মম কাহিনীয়ে তেজৰ চকুলাে টুকিছে টনী মৰিছনৰ কলমেৰে। ৫আগষ্ট ২০১৯ তাৰিখে মহাপ্রয়ান ঘটে এইগৰাকী বিশ্ববিশ্রুত লেখক, সাহিত্যিক, নােবেল বঁটা বিজয়ী

আমেৰিকীয় ঔপন্যাসিক টনীমৰিছনৰ। টনীমৰিছন কেৱল এগৰাকী ঔপন্যাসিক নাছিল। তেওঁ মূলতঃ

আছিল এগৰাকী প্রসিদ্ধ মানৱতাবাদী লেখক যিয়ে তেওঁৰ সুক্ষ্ম অনুভৱী মন আৰু ব্যাপক বিশ্লেষণাত্মক

যুক্তিৰাজিৰে আমেৰিকাৰ বৰ্ণ-বৈষম্যৰ বলি অসহায় কৃষ্ণাংগসকলৰ পক্ষত সজোৰে মাত মাতি আহিছিল। বিশ্ব সমাদৃত ঔপন্যাসিক মৰিছনৰ প্ৰতিটো লেখা তথা প্ৰতিখন কালজয়ী উপন্যাসেই শ্বেতাংগসকলৰ সমাজত ক’লা মানুহখিনিয়ে ভূগি থকা গ্রহণযােগ্যহীনতা আৰু বঞ্চনাৰ একোখনকৈ জীয়া ছবি উপস্থাপন কৰিছে।

১৯৯৩ চনত সাহিত্যৰ নােবেল বঁটাৰে সন্মানিত প্রসিদ্ধ ঔপন্যাসিকগৰাকীৰ জন্ম হৈছিল ১৯৩১ চনৰ ১৮ফেব্ৰুৱাৰীত আমেৰিকাৰ অহিঅ’ প্রদেশত। জন্ম সুত্রেই বর্ণ বৈষম্যৰ বলি হােৱা টনী মৰিছনৰ প্রতিবাদী চিন্তাৰ সজোৰ প্রকাশ ঘটিছিল তেখেতৰ প্রথম প্রকাশিত উপন্যাস ‘The Bluest Eye'(১৯৭০) জৰিয়তে। সৰ্বমুঠ এঘাৰখন বহুল পঠিত উপন্যাসৰ ৰচয়িতা টনী মৰিছন হৈছে নবেল বঁটা বিজয়ী প্রথমগৰাকী আফ্রি-আমেৰিকীয় মহিলা সাহিত্যিক। তেখেতৰ সম্পূর্ণ সাহিত্য কৰ্মৰাজি উৎসর্গিত হৈছে আফ্রিকীয় মূলৰ ক’লা আমেৰিকীয় মানুহখিনিৰ

দৈনন্দিন জীৱনৰ ক্ষোভ, হতাশা আৰু সামাজিক নিসংগতাবােধক সমাজৰ মূলসুঁতিৰ সমুখত শক্তিশালী ৰূপত উপস্থাপনৰ হকে। সমান্তৰালভাৱে বর্ণ বৈষম্যবাদৰ শিপাক সমুলঞ্চে নিঃশেষ কৰাৰ নিৰন্তৰ প্রয়াসে তেখেতৰ সৃষ্টিশীলতালৈ আনিছিল এক প্রশস্ত মানৱীয় ধাৰা। এযুৰি নীলা চকুৰগৰাকী নােহােৱাৰ দোষতে কিশােৰী পেক’লাৰ কনমানি ‘সৰলতাৰ পৃথিৱীখন’ ধ্বংস হৈছিল আৰু তাই পতিত হৈছিল অনাদৰ আৰু অৱহেলাৰ দূর্বিসহ পৃথিৱীখনত। খােজে প্রতি গাৰ ৰং আৰু সৌন্দৰ্যৰ প্রতি অত্যাধিক সচেতন এখন হৃদয়হীন সমাজত পেক’লাৰ দৰে ক’লা ছালৰ কিশােৰী এগৰাকীৰ বাবে প্ৰেম আৰু গ্রহণযােগ্যতা আছিল মাথোঁ এটা অলীক সপােন। পদে পদে প্রত্যাখিত আৰু অৱহেলিত এখন সমাজৰ প্রতিনিধি পেক’লাই নুবুজিছিল মাকৰ আদৰনাে কেনেকুৱা কাৰণ তাইৰ মাক আছিল বগা আমেৰিকীয় পৰিয়াল এটাৰ গৃহদাসী। মালিকৰ সন্তানসকলৰ সম্পূর্ণ আলপৈচান ধৰি, আদৰ যতন সকলােখিনি সিহঁতৰ পৰিচৰ্যাত শেষ কৰাৰ পাছত পেক’লাৰ ভাগত পৰিছিলগৈ কেৱল ক্লান্ত-শ্রান্ত মাকৰ গালি-গালাজ, দাবী-ধমকি। সিহঁতৰ পৰিয়ালবােৰত প্রেম নাছিল। আছিল কেৱল ভােক, ক্ষোভ, ক্ষয়িষ্ণু মূল্যবােধৰ বিদ্রুপ আৰু বঞ্চনাৰ উঁহ জুই একুৰা উমি উমি জ্বলি। এই জুইকুৰাতে জ্বলি

নিঃশেষ হৈছিল পেক’লাৰ মৰম আকলুৱা সপােনটোৰ অৱশেষ যেতিয়া তাই আপােন দেউতাকৰ দ্বাৰা ধর্ষিতা

হৈছিল। এখন বগা ছাল আৰু এযুৰি নীলা চকুৰ অবর্তমান পেক’লাই লাভ কৰা ব্যক্তিগত আৰু সামাজিক ঘৃণাৰ প্ৰতিটো অভিব্যক্তিয়ে যিকোনাে সংবেদনশীল লােককে হাঁ‌ড়লৈকে কঁপাই তুলিব পাৰে। অনেক প্রজন্ম ধৰি বর্ণ বৈষম্যই শ্রীহীন কৰা ক’লা মানুহৰ সমাজখনৰ হিয়া-ভগা কান্দোন এটাকহে যেন ঔপন্যাসিক টনী মৰিছনে অতি সংবেদনশীলতাৰে উপস্থাপন কৰিছে তেওঁৰ প্ৰতিখন উপন্যাসৰ মাজেৰে।

তেখেতৰ দ্বিতীয়খন উপন্যাস ‘Sula’ (১৯৭৩) জৰিয়তে টনীমৰিছনে এগৰাকী আফ্রি-আমেৰিকীয় মহিলাৰ আত্মানুন্ধানৰ মাধ্যমেৰে নিজৰ অস্তিত্বৰ অনুসন্ধানৰ সুদীর্ঘ চল্লিছ বছৰীয়া সংঘাতময় জীৱনৰ কাহিনী অংকন কৰিছে। ১৯৭৭ চনত প্রকাশিত ঔপন্যাসিকগৰাকীৰ তৃতীয়খন উপন্যাস ‘Song of Solomon’য়ে দেশজুৰি সাহিত্য সমালােচকসকলৰ ভূয়সী প্রসংশা লাভ কৰে। এই উপন্যাসখনত টনী মৰিছনে এটা আফ্রিকীয় মূলৰ আমেৰিকাৰ পৰিয়ালৰ চাৰিটা প্ৰজন্মৰ জটিল আৰু যন্ত্রণাময় জীৱন-গাঁথাক বিস্তৃত ৰূপত দাঙি ধৰিছে। এই জনপ্রিয় উপন্যাসখনৰ বাবে ঔপন্যাসিক মৰিছনে National Book Critic Circle Award লাভ কৰে। ১৯৮১ চনত প্রকাশিত অন্য এখন ভাৱােদ্বীপক উপন্যাস ‘Tar Baby’ৰ মাধ্যমেৰে ঔপনাসিক টনী মৰিছনে আফ্রি-আমেৰিকীয় কৃষ্ণাংগ লােকসকলৰ দ্বাৰা শ্বেতাংগসকলৰ একঘেয়ামী পৌৰাণিক গাঁথাবােৰক নসাৎ কৰি স্বমূলৰ বাবে নতুন পৌৰাণিক কথা সৃষ্টিৰ উদ্দীপক ইচ্ছা প্রকাশ ঘটাইছে। মূল চৰিত্ৰ জেডাইনৰ মাজেৰে ঔপন্যাসিকে সমাজত প্ৰচলিত বর্ণ বৈষম্যৰ চেপা উত্তেজনাক মুকলি ভাৱে উদঙাই দেখুৱাইছে। ঔপন্যাসিক টনী মৰিছনৰ সৃষ্টিশীলতাই সফলতা আৰু নিপুনতাৰ শিখৰ চুৱে ১৯৮৭ চনত প্ৰকাশিত তেওঁৰ ‘Beloved’ উপন্যাসৰ যােগেদি। উৎকৃষ্ট মৌলিক কাহিনীভাগৰ লগতে অভূতপূর্ব ৰচনা শৈলী আৰু প্রকাশ ভংগীৰে উপস্থাপিত বহুল পঠিত উপন্যাসখনে ১৯৮৮ চনত সন্মানীয় পুলিৎজাৰ বঁটা আৰু একেটা বছৰতে আমেৰিকা গ্রন্থ বঁটা লাভ কৰে। ‘Beloved’ টনী মৰিছনৰ ঔপন্যাসিক জীৱনৰ সফলতাৰ পৰিমাপক স্তম্ভ স্বৰূপ প্রমাণিত হৈছিল। আমেৰিকাৰ গৃহ যুদ্ধৰ পৃষ্ঠভূমিত ৰচিত

এই প্রখ্যাত উপন্যাসখনে বর্ণবৈষম্যবাদৰ তুংগত উপনীত আমেৰিকাৰ সামাজিক-ৰাজনৈতিক জীৱনত আফ্রি-আমেৰিকীয় কৃষ্ণাংগ মানুহখিনিৰ স্থূপীকৃত ক্ষোভৰ বিস্ফোৰকাত্মক দস্তাৱেজ হিচাপে আত্মপ্রকাশ কৰিছিল। বর্ণবাদৰ ফলশ্ৰুতিত হত্যা, হিংসা আৰু দমনৰ শ্বাসৰুদ্ধ পটভূমিত ৰচিত কাহিনীভাগত মুখ্য চৰিত্ৰ কৃষ্ণাংগ ক্রীত দাসী চেথিৰ পৰিয়ালটোৱে ভােগ কৰা বর্ণনাতীত যন্ত্রণাৰ জ্বলন্ত প্রকাশ ঘটিছে। পাঠকৰ সংবেদনশীলতাক খুচি- বিন্ধি আবেগ উত্তেজনাৰ শীর্ষ পর্যায়ত উপনীত কৰােৱা ‘Beloved’ৰ কাহিনীৰ আলমত ১৯৯৮ চনত নির্মিত হৈছিল হলিউদৰ এখন জনপ্রিয় বােলছবি ‘Beloved’ য’ত প্রখ্যাত অভিনেত্রী অপ্রা উইনফ্রেই অনবদ্য অভিনয়

কৰিছিল।

আমেৰিকা যুক্তৰাষ্ট্রৰ সামাজিক আৰু ৰাজনৈতিক জীৱনত ভুমি-পুত্র কৃষ্ণাংগসকলৰ সমঅধিকাৰ আৰু

স্বনিয়ন্ত্রন আন্দোলনে বিশ্ব ইতিহাসৰ বহু পৃষ্ঠা দখল কৰি আছে। আমেৰিকীয় শ্বেতাংগসকলে আফ্রিকীয়

মূলৰ কৃষ্ণাংগসকলৰ সৈতে কৰা বৰ্বৰ আচৰণৰ ক’লা আধ্যায়বােৰে শতিকাজুৰি দেশৰ বাহিৰে-ভিতৰে প্ৰৱল

ক্ষোভ আৰু প্ৰতিবাদৰ জোৱাৰ তুলিছিল। ইতৰ প্ৰাণীৰ দৰে জীৱন যাপন কৰিবলৈ বাধ্য কৰা কৃষ্ণাংগ লােকসকলৰ ভয়াবহ জীৱন-গাঁথাই সমগ্র বিশ্ববাসীৰ হৃদয়ত অপাৰ সহমর্মিতাৰ উদয় কৰিছিল। এই

সহমর্মিতাৰ ধাৰাটোৰে এগৰাকী মুখ্য পৃষ্ঠপােষক আছিল মানৱতাবাদী লেখিকা টনী মৰিছন। তেখেত নিজেই এগৰাকী আফ্রিকীয় মূলৰ কৃষ্ণাংগ ব্যক্তি হােৱাৰ পৰিপ্ৰেক্ষিতত সমাজৰ এই বিশেষ শােষিত আৰু পীড়িত শ্ৰেণীটোক নিগূঢ়ভাৱে জানিছিল। তেওঁলােকৰ সহ্যাতীত যন্ত্রণা, ক্ষোভ-হতাশাই পিষ্ট কৰা দূর্বিসহ জীৱনবােৰক মৰিছনে অনুভৱৰ আঙুলিৰে চুই চাবলৈ সক্ষম হৈছিল। তেওঁলােকৰ বােবা দৃষ্টিবােৰে, পােৰাকলিজাৰ নীৰৱ চিৎকাৰবােৰে একোখনিকৈ শানিত তৰােৱাল হৈ পাঠকৰ অন্তৰাত্মক ৰেপি ৰেপি কাটিছিল। বর্ণবাদৰ অভিসম্পাতে জন্ম দিয়া সামাজিক গ্রহণহীনতাই সৃষ্টি কৰা ‘Jazz’ (১৯৯২) উপন্যাসখনৰ মূল চৰিত্ৰ জৱ ট্রেছৰ দৰে অলেখ মানসিক ৰােগীক তেওঁ ওচৰৰ পৰা প্রত্যক্ষ কৰিছিল আৰু সিঁহতৰ হতাশাগ্রস্ত জীৱনৰ বিষয়ে বাহিৰৰ পৃথিৱীখনক অৱগত কৰিছিল।

ব্যক্তিগত জীৱনত এইগৰাকী ইংৰাজী সাহিত্যৰ পণ্ডিত টনী মৰিছনে হাৱার্ড বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ এমিৰেটাছৰ স্বীকৃতি লাভ কৰিছিল। ১৯৬০ চনৰ শেষৰফালে তেওঁ সন্মানীয় ‘Random House’ৰ সম্পাদক হিচাপে কার্যনির্বাহ কৰা প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা ৰূপে পৰিগণিত হয়। আমেৰিকীয় সাহিত্যৰ প্ৰতি আগবঢ়োৱা প্রভূত অৱদানৰ বাবে তেওঁক ১৯৯৬ চনত National Book Foundation medal ৰে সন্মানিত কৰা হয়। ২৯ মে ২০১২ চনত আমেৰিকাৰ ৰাষ্ট্রপতি বৰাক ওবামাই তেওঁক সর্বোচ্চ সম্মান ‘ৰাষ্ট্ৰপতিৰ স্বাধীনতা পদক’ (Presidential Medal of Freedom) প্রদান কৰে। অলেখ অজস্ৰ বঁটা তথা সন্মানেৰে বিভূষিত বিশ্ব প্রসিদ্ধ লেখক ঔপন্যাসিক টনী মৰিছনৰ সাহিত্যৰাজিয়ে বাঞ্ছনীয় ভাৱেই অভূতপূর্ব সন্মান লাভ কৰে যেতিয়া চুইডিছ অকাডেমিয়ে ১৯৯৩ চনৰ সাহিত্যৰ নােবেল বঁটাৰ বাবে তেখেতক বাছনি কৰে। নিৰন্তৰ ভাৱে শােষিত- নীপিড়িত আফ্রিকী-আমেৰিকীয়সকলৰ জীৱনৰ নিৰাপত্তাহীনতা, প্রেমহীনতা আৰু সামাজিক নিসংগতাবােধৰ বিষয়ে

লিখিয়েই তেওঁ কেৱল ক্ষান্ত থকা নাছিল। সমান্তৰাল ভাৱে তেওঁৰ ৰচনাৰাজিয়ে সমাজক দিছিল

আত্মােপলব্ধিৰ সুগভীৰ ধাৰণা আৰু শক্তিশালী আত্মবিশ্বাস বােধ। বিশ্বসাহিত্যৰ এইগৰাকী মহান মনিষীলৈ আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ।

☆★☆★☆

One comment

  • ৰীতা

    দীপা ভাল লাগিল পঢ়ি তোমাৰ প্ৰৱন্ধটি ,টনী মৰিছনৰ বিষয়ে লিখা।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *