মৃত্যু দূত (Death Speaks) – অনুবাদ : হেমন্ত কাকতি (মূল : জেফৰী আৰ্চাৰ)
ইৰাকৰ বাগদাদ চহৰত এজন সদাগৰ আছিল৷ এদিন তেওঁৰ কৰ্মচাৰী এজনক বজাৰলৈ পঠিয়াইছিল কিবাকিবি কিনি আনিবৰ বাবে৷ যোৱাৰ কিছু সময়ৰ পিছতে কৰ্মচাৰীজন ভয়তে কঁপি কঁপি ফোপাই জোপাই ঘূৰি আহিল৷ সদাগৰজনে তেনে অৱস্থাত কৰ্মচাৰীজনক দেখি আচৰিত হৈ সুধিলে- কি হ’ল? কিয় ঘূৰি আহিলি?
কৰ্মচাৰীজনে অলপ ৰৈ ক’লে-
: নক’ব ছাৰ, মই বজাৰস্থলী পোৱাৰ পিছতে দেখিলোঁ এজনী মাইকী মানুহে মোৰ ফালে এক আচৰিত ভংগীমাত চাই আছিল৷ সেই দৃষ্টি মোৰ সহ্যৰ বাহিৰত হৈ পৰিল৷ সেইজনী মোৰ মৃত্যুদূত যেন লাগিল৷ যেন তাই মোক এই মুহূৰ্ততে সংহাৰ কৰি এই পৃথিবীৰ পৰা নিবলৈহে আহিছে৷
সদাগৰজনে কৌতুহলী দৃষ্টিৰে তাৰ পিনে চাই ৰ’ল৷ সি পুনৰ ক’বলৈ ধৰিলে-
: ছাৰ, মোক আপোনাৰ ঘোঁৰাটো দিয়ক৷ বাগদাদ মোৰ বাবে নিৰাপদ নহয়৷ এই মুহূৰ্ততে মই এই চহৰ এৰি যাব বিছাৰিছোঁ৷ মই মোৰ আপোন গাঁও ‘চমৰা’লৈ যাম৷ তাত মৃত্যুৱে মোক ঢুকি নাপায়৷ অনুগ্ৰহ কৰি পলম নকৰি মোক আপোনাৰ ঘোঁৰাটো দিয়ক৷
ভয়াৰ্ত কৰ্মচাৰীজনক সদাগৰে ঘোঁৰাটো আস্তাৱলৰ পৰা উলিয়াই নিবলৈ ক’লে৷ এক মুহূৰ্তও বিলম্ব নকৰি সি ঘোঁৰাৰ পিঠিত উঠি ঘোঁৰা চেকুৰাই দিলে চমৰা অভিমুখে৷ কিছু দেৰি কৰ্মচাৰীজনলৈ চাই চাই সদাগৰজন লাহে লাহে নিজেই খোজকাঢ়ি বজাৰৰ ফালে ওলাই গ’ল৷
বজাৰৰ মাজতে সেই মৃত্যুদূত যেন লগা মহিলাগৰাকী সদাগৰৰ চকুত পৰিল৷ তেওঁ ওচৰ চাপি গ’ল৷ ওচৰ পাই সদাগৰে তেওঁক সুধিলে-
: আজি অলপ আগতে মোৰ কৰ্মচাৰী এজনক বজাৰলৈ পঠিয়াইছিলোঁ, তুমি হেনো বৰ ভয়লগা দৃষ্টিৰে চালা? সি খুব ভয় খালে আৰু মোৰ বজাৰ নকৰাকৈ গুছি গ’ল৷
মহিলাগৰাকীয়ে ম্লান হাঁহি এটি মাৰি ক’লে-
মই আচলতে তেওঁক সেই সময়ত বাগদাদৰ বজাৰত দেখি আশ্বৰ্য্যচকিত হৈছিলোঁ, কাৰণ আজি ৰাতি মোৰ তাৰ লগত এপইনমেণ্ট ফিক্সড্ কৰা হৈছিল “চমৰা”নামৰ গাঁও এখনত৷
☆★☆★☆
4:04 pm
দাদা মজা
6:00 pm
খুবেই ভাল কাহিনীটো।ভাল লাগিল পঢ়ি দাদা।
6:09 pm
বঢ়িয়া দাদা
9:20 am
সদাগৰক বেঙেনা দিলে নেকি ঐ! পঢ়ি ভাল লাগিল।
1:03 am
পঢ়ি মজা লাগিল দাদা ৷
7:10 am
অনুবাদ বৰ ভাল হৈছে ৷ গল্পটো পঢ়ি মজা লাগিল ৷
9:35 pm
বহুত ভাল লাগিল