মেডিকেলৰ কৌতুক – জিতু শৰ্মা
স্বাস্থ্য বিভাগত চাকৰি সুত্ৰে নিতৌ বিভিন্ন ধৰণৰ মানুহৰ সংস্পৰ্শলৈ আহিব লগা হয়, তাৰে কিছুমান আমোদজনক কিছুমান দুখজনক। আজি আমোদজনক অভিজ্ঞতাৰ কথা ক’বলৈ লৈছো।
এদিন হস্পিতাল গৈ পাইছোঁহে এজন আহিল নহয় পিন্ধনত ভব্য গব্য ফিটফাট, ওখ পাখ, হাতত এটা ফাইল কভাৰ থকা বেগ। মই সহকৰ্মী নাথক কলো আজি কোনোবা ওপৰৱালা বিষয়া আহিছে নেকি কিবা ইন্চপেকচনত অলপ সতৰ্ক হৈ থকা ভাল। নাথেও ক’লে মইও দেখিছোঁ।
অলপ পাছত নাথৰ ৰুমত বহি আছো আহিল নহয় সেই ভব্য গব্য লোক জন, নাথক সুধিলে,
” ইয়াত গাৰ্নিয়াৰ ডাক্তৰজন কোনটো ৰুমত বহে বাৰু?” কথা শুনি নাথে মোৰ ফালে এবাৰ চাই তেখেতক সুধিলে, “ইয়াতটো গাৰ্নিয়াৰ বুলি কোনো ডাক্তৰ নাই। কওকচোন আপোনাৰ সমস্যা টো কি?”
তেখেতে ক’লে “মোৰ নহয় মোৰ শ্ৰীমতীৰহে মাহেকীয়াৰ অলপ সমস্যা হৈ আছে দেখুৱাবলৈ আহিছো।”
মোৰ মুখৰ পৰা ফিচিককৈ হাঁহিটো ওলাই আহিছিলেই নাথে ক’লে, “অ গাৰ্নিয়াৰ ডাক্তৰ, আপুনি দুই নম্বৰ ৰুমলে যাওক তেখেতক তাতেই পাব।”
আৰু আজি মোৰ ৰুমত বহি আছো, আহিল এগৰাকী ভদ্ৰ মহিলা৷ মোক সুধিলে,”
ইয়াত গিয়ানি ডাক্তৰ আছেনে? মই ক’লো ইয়াৰ ডাক্তৰসকলতো সকলোৱেই গিয়ানি আপুনি বা কোনজন গিয়ানিৰ কথা সুধিছে? তেখেতে ক’লে মোৰ আজি দুমাহ ………….”
মই ক’লো,” হ’ব আপুনি দুই নম্বৰ ৰুমলৈ যাওক তাতে পাব।”
বন্ধুসকলে কিবা বুজিলেনে? হয় তেখেতসকলে গাইনি ডাক্তৰ মানে গাইন’কলজিস্টৰ কথাই সুধিছিল।
☆★☆★☆
2:56 pm
হাঃ হাঃ !
3:13 pm
??