ফটাঢোল

কৌতুক – প্ৰবাল খাটনিয়াৰ

এদিন এটা মস্ত হাতীয়ে জলাশয় এটাত জলকেলি কৰি আছিল। কিছু সময়ৰ পিছতে এটা শহা পহু দৌৰি দৌৰি আহি হাতীটোক “অ’ হাতী কাই,অ’ হাতী কাই উঠা চোন উঠা। কথা এটি আছে।”

এইদৰে কেইবাবাৰো মাতিলত অসহ্য হৈ “কি হ’ল অ” বুলি হাতীটোৱে চিঞৰি উঠিল।

“এ,ককাই তুমি অকণমান পাৰলৈ উঠি আহা তেহে হব।”

হাতীয়ে শহাৰ কথা পেলাব নোৱাৰি পাৰ পালেহি।

“ককাই ভৰিকেইটা মেলি দিয়া৷লৰ, চৰ নকৰিবা” বুলি হাতীটোৰ চাৰিওফালে ঘূৰি পিছ ঠেংৰ মাজে দি গৈ তাৰ সন্মুখত ৰ’লহি৷

“নাই এনেই আমনি কৰিলো তোমাক বেয়া নাপাবা।”

হাতী সুধিলে,”এনে কৰাৰ কাৰণ বা কি?”

হা:হা:কৈ হাঁহি শহাই ক’লে,

“কালি মোৰ শ্ৰীমতীয়ে মোৰ আণ্ডাৰ পেন্টটো ধুই ৰ’দত মেলিছিল৷ পিছে পেন্টটো আজি বিচাৰি পোৱা নাই। তুমি সেইফালেদি আহিছিলা যে কেনবাকৈ আকৌ পিন্ধি আহিলা বুলি তদন্ত কৰিলোঁহি মই তোমাক।”

হাতীটোৱে ধেততেৰি বুলি খেদি আহিলত শহা গাঁতত সোমাল।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *