ফটাঢোল

আপদীয়া পদ্য – ডাঃ প্ৰয়াগ শইকীয়া

১) ভোট

ভোট
কি যে অদ্ভূত
গালিভাৰ হৈ যায় সৰু সৰু লিলিপুট
পলাই ডিক্টেটৰৰ ভূত
দলৈকে শিপালে
গণতন্ত্ৰৰ ৰুট

 

ভোট
কোনে খাই কাৰ
নিমখ সনা বুট
জীৱনৰ বোকা ভাওনাত সময়ে সলাই
নিজস্ব ধাৰাৰে তাৰ মোট

মেদভাৰী ৰখীয়া-পৰীয়াৰ গৰ্ব
সদায়ে নাথাকে অটুট

ভোট
পৰাৰ পিছতহে বুজা যায়
কিমান অদ্ভুত

২) আৰামৰ কাৰাগাৰ

শৌচাগাৰ
তোমাতকৈ ভাল আৰু নাই কোনো আৰামৰ কাৰাগাৰ
কোননো ডাঙৰ
ৰজাক সোঁৱৰাই দিবলৈ
ইয়াতকৈ ডাঙৰ সাধু
আছেনে মজাৰ
পিছে কি হ’ব
দুৰ্নীতিত ডুবি থকা দেশত
অভাৱ এতিয়া
শৌচাগাৰ চাফা কৰা মহাত্মাৰ

☆★☆★☆

 

3 Comments

  • তৃষ্ণা বৰা।

    ভাল লাগিল প্ৰয়াগ দা।

    Reply
  • তৃষ্ণা বৰা।

    ভাল লাগিল প্ৰয়াগ দা।

    Reply
  • হিৰণ্যজ্যোতি দাস

    অৰ্থবহ কবিতা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *