বিভ্ৰান্তি – সূৰুয আকাশ পাঠক
বাৰিষাৰ বেঙে মূতে বাৰীৰে খালত
জনতাৰ মাছ লাগে ৰজাৰে জালত,
কোমোৰাৰ জালি আজি শুকায় চালত,
গণতন্ত্ৰৰো আজি লেৰেলা হালত…
জাতি হ’ল ফোঁপোলা নৰিয়া ডাঙৰ,
বুঢ়া হেংদাঙতো লাগিছে মামৰ,
আবেগৰ বেহা কৰি নেতা ৰূপী বণিয়াই
সাজিছে নিজৰ গাদী মহা আৰামৰ…
ডেকা যাক পঢ়ি-শুনি ৰসাতলে গ’ল,
গাধমখাক দেখো ধৰ্মহে লগা হ’ল…
নদীয়েও নুবুজা হৈছে পানী কেনি যায়,
হালধীয়া সাংবাদিকে মুনাফা ভগাই খায়…
কাক নো বুলিবা ক’কা, সকলোতো এক
ৰাজহাড়বোৰ বেঁকা, মনবোৰ ঠেক…
মানৱতাই দিলে টা-টা বাই-বাই
শ্বপিং ম’লতো আজি বিচাৰিলে নাই…
☆★☆★☆