ফটাঢোল

ফটাপ্ৰেম – চাহিন জাফ্ৰি

যাদু তেৰী নজৰ…খুচবু তেৰা বদন..
তু হা কৰ …য়া না কৰ
তু হে মেৰী ‘কিৰণ’
তু হে মেৰী “কিৰণ”….!!

গানটো ফুল ভলিউমত বাজি আছে।গুৱাহাটীৰ পৰা নগাওঁ অভিমুখে আহি থকা ট্ৰেভেলাৰখনত মই। এনেকুৱা গানবোৰ কিয় লগায় বাৰু?? মনটো যে উৰি গ’ল অতীতৰ কোনোবা এটা সোণোৱালী দিনলৈ….!!

নৱম শ্ৰেণীৰ পৰীক্ষা দি উঠিছোঁহে।এমাহৰ গৰম বন্ধ। মাহীৰ ছোৱালী চুমীৰ লগত সিহঁতৰ ঘৰলৈ গ’লোঁ, কেইদিনমান থকাকৈ। ঘটনাটো বাটত গৈ থাকোঁতেই ঘটিল। বাচখনত ভীৰ আছিল। ঠেলা-হেঁচাৰ মাজতে মোৰ গাত আহি খুন্দা খালে এটা সুন্দৰ-সুঠাম যুৱকে। মিচিকিয়া হাঁহি এটা মাৰি তেওঁ ‘ছৰী’ বুলিও ক’লে..! মই একো নক’লোঁ..। মনে মনে ভালেই লাগি গৈছিল মোৰ..। আয়ৈ ইমান ধুনীয়া চাৱনি…!!

কিছুসময়ৰ নীৰৱতাৰ পাছত আকৌ এবাৰ চকুৱে চকুৱে পৰিল…!! বৈদ্য লাজ লাগি গ’ল পায়..!! হিন্দী চিনেমাৰ গান এটাও মনলৈ আহিল….! কোনটো গান আছিল বাৰু পাহৰিলোঁ এতিয়া..! ৰঙা দুপাত্তা এখন উৰুৱাই সেয়া মই মাজে মাজে দৌৰি আছোঁ..!! বেকগ্ৰাউণ্ডত মিউজিক.., ফুল, বাগিচা, বেলুন…!! হাতত গীটাৰ লৈ সেয়া লৈ চোন মোৰ হিৰ’…..!! তেনেতে জোকাৰণি এটাত বাচখন ৰ’ল..!! তেতিয়াহে মন কৰিলোঁ, মই চোন স্কাৰ্ট-টপহে পিন্ধি আছোঁ। আৰু গীটাৰৰ ঠাইত বেচেৰাৰ পিঠিত এটা প্ৰকাণ্ড বেগ..!!

ঐ নাম, ছেণ্টিগেট পালোঁহি। চুমীৰ মাতত বাস্তৱলৈ ঘূৰি আহিলোঁ। কিন্তু তেওঁ ক’ত নামিল?? খং উঠিল পেটে পেটে..!!

তেওঁক দেখা নাপালোঁ আৰু। সেই ভাগেই মাহীৰ ঘৰ পালোঁহি। পিছদিনা আমি দুইজনী আইতাৰ ঘৰলৈ ফুৰিবলৈ গ’লোঁ..! আইতাহঁতৰ ঘৰটো অলপ দূৰৈত, পথাৰৰ মাজেৰে যাব লাগে। আমি গৈ আছোঁ গৈ আছোঁ..!! হঠাতে মোৰ বুকুখন ঢিপিং কৈ মাৰিলে, সন্মুখৰ পৰা বাচত পোৱাজন দেখোন! চুমীয়ে তাৰ লগত কথা পাতিলে। অ’ তাৰমানে সিহঁতে আগৰ পৰাই চিনাকি। কথা পাতি হ’লত তাৰ পৰাই তেওঁ বিদায় লৈ গ’লগৈ..।

আইতাৰ ঘৰ পোৱাৰ পাছত হে চুমীয়ে আচল কথাটো উলিয়ালে।

: ঐ, কিৰণ দাই সুধিছে তই তাক ভালপাবি নে?? সি হেনো তোক বহুত ভালপায়..!! সিদিনা বাচত লগ পোৱাৰ পৰাই……

: কি??

এইবাৰ মোৰ আচৰিত হোৱাৰ পাল..। মনৰ ভিতৰখন বাগিচা বাগিচা হৈ গৈছিল যদিও তাইৰ ওচৰত কৃত্ৰিম খং এটা দেখুৱাই ক’লোঁ-

: এইবোৰ ভাল-চাল পাবলৈ নাই দেই মই..!!

তথাপিও চুমীয়ে কিবা এটা বুজি পালে।মোক শুনোৱাই ডাঙৰ ডাঙৰকৈ গাবলৈ ধৰিলে- …

” …যাদু তেৰী নজৰ…. , খুচবু তেৰা বদন…, তু হা কৰ, য়া না কৰ.., ৱ’ হে তেৰা কিৰণ…”(গানটো অকণমান সালসলনি কৰি গালে তাই..)

আৰু মৰতীজনীয়ে প্ৰায় মোক তেনেকৈয়ে জোকাই থকা হ’ল..।

তাৰ পাছত কেইবাদিনো মুখামুখি হ’লোঁ তাৰ লগত। কথাও পাতিলোঁ। কিন্তু মোৰ লাজতো ইমানেই বেছি আছিল যে- তাৰ চকুলৈ চাবলৈও সাহস নহৈছিল। তাৰ প্ৰস্তাৱৰ উত্তৰ দিয়াটোতো দূৰৈৰ কথা..!!

ইফালে চুমীয়েও মোক জোকাবলৈ নতুন গান এটা বিচাৰি উলিয়ালে এইবাৰ –

…”ইচ্ক মে না কা মতলব ত’ হা হতা হেই..”…।

লাহে লাহে মোৰ ঘৰলৈ ঘূৰি অহাৰো সময় হ’ল..। ইফালে ইকাণ সিকাণকৈ কথাটো মোৰ সৰু খুড়াৰ কাণত পৰিল। কোৱা বাহুল্য যে আমাৰ গোটেই পৰিয়ালটোৰ ঘৰ গাঁৱতে আছিল। খুড়াই চিধাই গৈ তাক(কিৰণক) কিবাকিবি ঢেৰ কথা শুনোৱালে..। সিফালে মোকো ভয় খুৱালে, ঘৰত লগামগৈ বুলি। ভয়তে মই তাক চিনিয়েই নাপাওঁ বুলি কৈ দিলোঁ। আনকি তাক দেখিলে নমতাই হ’লোঁ, মুখলৈও নোচোৱা হ’লোঁ..!!

তেনেকৈয়ে আহি ঘৰ পালোঁহি। মাজে মাজে মনত পৰিছিল তালৈ..। কিন্তু এষাৰ কথা আছে নহয়…, বোলে চকুৰ আঁতৰ হ’লে হেনো মনৰো আঁতৰ হয়। সেইটোৱেই হ’ল আৰু কথাটো..। তাতে সেই সময়ত মোবাইল/ইণ্টাৰনেটৰ বহুল প্ৰচলনো নাছিল ..! হায়াৰ চেকেণ্ডেৰী পঢ়ি শেষ হোৱাৰ পাছতহে মোবাইলৰ মুখ দেখিছিলোঁ, তাকো ব্লেক এণ্ড হোৱাইট…!!

ইয়াৰ পিছৰ ঘটনাখিনিতো আপোনালোকে জানেই আৰু..!! অমুকি বাৰু এতিয়াও বৰলী হৈ আছে। সিফালে অমুকাও কাৰ পতিদেৱ হৈ টিঘিল-ঘিলাই ফুৰিছে তাৰ পাত্তা নাই। চুমী বাহিৰলৈ পঢ়িব যোৱাৰ পৰা মই তাইৰে একো খবৰ নোপোৱা হ’লোঁ..!!বেলেগৰ খবৰ নো আৰু ক’ৰ পৰা পাম..!!

মুঠতে, সাতে-পাঁচে মিলি সব চেটেপ আও ..!! অৱশ্যে এতিয়াও ক’ৰবাত গানটো শুনিলে বুকুখন ঢপং কৈ মাৰে..!! তাৰ নামটো যে ‘কিৰণ’ আছিল…!! পিছে দুখ কৰিনো কি হ’ব? মোৰ কিৰণ বা এতিয়া কাৰ “কিৰণ” হৈ আছে, কেইটা বা চলি-পলিৰ বাপেকি হৈ আছে, সেইটোহে আজিলৈকে ক’ব নোৱাৰিলোঁ…!! বৰ দুখ লাগে বুজিছেনে..! বৰ দুখ..!!

পিছে মই ভাগৰি যোৱা নাই..!! এতিয়াও আশা কৰি আছোঁ- “কিৰণ” নাহিলেও…, “মেৰা ৰাম-লক্ষ্মণ জৰুৰ আয়েগা….”
অৰ্থাৎ মোৰো সপোনৰ ৰাজকুমাৰ আহিবই এদিন……!

☆★☆★☆

14 Comments

  • anjan sadhanidar

    কিৰণ বোলা এজন আছে পাই আমাৰ ফালে৷ সুধিম নেকি?

    Reply
    • Anonymous

      হাও..! কি কয় এ !সুধি চাব চোন বাও..?

      Reply
  • তৃষ্ণা বৰা

    যদি এতিয়াও তেওঁ বৰলা হৈ আছে,কিবা এটা কৰিব লাগিব ।

    Reply
  • Bagmita Rajkhowa

    চাহিন+কিৰণ বুলি বেঞ্চত লিখি পাইছিলা নে কেতিয়াবা? ভাল লাগিল দেই sahin

    Reply
    • Anonymous

      লিখিছিলো বাই..। কাকো নক’ব কিন্তু আও দেই…?

      Reply
  • বঢ়িয়া লাগিল চাহিন। ‘কিৰণ নামটো বেয়া নহয় পিচে।

    Reply
    • Anonymous

      হয় বাই… নামটো বৰ ধুনীয়া পিছে…??ধন্যবাদ থাকিল।

      Reply
  • মাইনু

    এই যাদু তেৰি নজৰ গানটো এসময়ত মোৰো বৰ প্ৰিয় আছিল।নাইন নে টেনত পঢ়োতে স্কুললৈ অহা যোৱা কৰোতে মোৰো চকুৱে চকুৱে এজনৰ লগত …… হৈছিল, তেতিয়া এই গানটো একেবাৰে শুনিৱেই থাকিব মন যায়। আজি আপোনাৰ লেখাটো পঢ়ি মনতো আকৌ কিবা বালিয়া বালিয়া লাগি গ’ল পাই।

    Reply
    • Anonymous

      হয়নে?? বৰ ভাল লাগিল কথাটো শুনি…???

      Reply
  • Dhruba Jyoti Das

    ৰাহি-যোৰা মিলাকৈ ফটা বৰলা কেইবাজনো আছে কিন্তু আমাৰ গোটৰ মজিয়াতে

    Reply
    • Anonymous

      সোনকালে জনাওক তেনেহ’লে…?

      Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল লিখিছে

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *