ফটাঢোল

তপাৰ দিনলিপি – অভিজিত দত্ত

হাতখন লাহেকৈ মূৰত লগালোঁ। এয়া মোৰ পুৰণি স্বভাৱ। আচলতে ক্লাছ নাইন মানৰ পৰা মই ‘বেক ব্ৰাছ’ ষ্টাইলত চুলি আঁচুৰিছিলোঁ৷ যেতিয়া দেহৰ এই অংশটো ক’লা কেশেৰে আবৃত হৈ আছিল, তেতিয়াৰ পৰাই মোৰ এই স্বভাৱটোও আছিল। বিশেষকৈ বিপৰীত লিঙ্গৰ কাৰোবাক দেখিলে মই নজনাকৈ মোৰ হাতৰ আঙুলিবোৰে মোৰ চুলি বিদাৰিছিল। কবি অজিত বৰুৱাই ‘এখন প্ৰেমৰ উপন্যাস’ত গ্ৰেলাগ হাঁহটোৱে বিপৰীত লিঙ্গৰ হাঁহ এজনী দেখিলে যে ডিঙিটো বেকা কৰি দি নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ বিচৰা এটা উদাহৰণ দিছিল, একেদৰে কোনো নাৰীৰ উপস্থিতিত মোৰ হাতখনে মোৰ ঘন ক’লা চুলি স্পৰ্শ কৰি মোৰ পৌৰুষৰ অস্তিত্ব জাহিৰ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল।

আজি দহ বছৰমান আগতে মোৰ মূৰৰ চুলি সৰা আৰম্ভ হৈছিল। প্ৰথমতে এডাল দুডালকৈ সৰি পৰা চুলিয়ে তাৰ তলত থকা মূৰটোৰ ভিতৰত একো অস্থিৰতাৰ সৃষ্টি কৰা নাছিল। বৰং অন্যান্য সমস্যাৰ দ্বাৰা ভাৰাক্ৰান্ত মোৰ মনটোৱে মূৰৰ পৰা যে চুলি সৰিবলৈ আৰম্ভ কৰিছে, সেয়াও সমূলি পাহৰি পেলাইছিল।

ব্যক্তিগত খণ্ডত সৰু চাকৰি এটা জোগাৰ কৰি ভনী দুজনীক বিয়া দি উঠি মাৰ কথামতে মই যেতিয়া মোৰ নিজৰ বিয়াৰ বাবে প্ৰস্তুত হ’লোঁ, সিদিনা মোৰ বুকুখন ‘ঢকঢক কৰনে লগা’ ধৰণৰ অৱস্থা এটা হ’ল। পিচে বুকুৰ এই ঢপঢপনিটো মোৰ কোনো আৱেগ বা প্ৰেমৰ বাবে হোৱা নাছিল। বুকুখন ঢপঢপাই উঠিছিল সিদিনা মই প্ৰত্যক্ষ কৰা মোৰ কেশহীন তালুখনৰ বাবেহে। গণি শেষ কৰিব পৰা কেইডালমান চুলিয়ে মোৰ অশান্তি বঢ়াই তুলিছিল।

হয়, আইনাত দেখোন তপামুৰীয়া এটা থিয় হৈ আছে! হয়, সেইটো মই। এজন তপা মানুহ। কৰ্তব্য আৰু দায়িত্বৰ হেঁচাত পলমকৈ বিয়া পাতিবলৈ ওলোৱা মানুহজন কেতিয়া সম্পূৰ্ণৰূপে তপা হৈ পৰিল, সেয়া মানুহজন মানে মই ভালকৈ গমেই নাপালোঁ। নিশ্চয় মোৰ বাদে আন সকলোৱে মোৰ তপামূৰটোৰ কথা জানে। মইহে নজনাৰ ভাও ধৰি এই তপামূৰটো ধাৰণ কৰি আছোঁ।

দিনটো মোৰ বেয়া লাগি থাকিল। অফিচৰ কামতো মই মন দিব পৰা নাই। সকলোৰে অজানিতে মবাইলটোৰ কেমেৰা অন কৰি মই তপামূৰটোৰ ফটো তুলিছোঁ। ফটোবোৰ চাই মই বিব্ৰতবোধ কৰিছোঁ। মবাইলত থকা মোৰ বাকদত্তাৰ ফটোখন চাই মোৰ দুখটো আৰু উঠলি আহিছে। ছোৱালীজনীয়ে বাৰু এই মূৰটোৰ গৰাকী মানে মোক পচন্দ কৰিবনে?

চুচুক-চামাককৈ মই মোৰ সহকৰ্মী প্ৰশান্তৰ কাষ পালোঁগৈ। মোতকৈ বয়সত অলপ সৰু যদিও সি ইতিমধ্যে দুটা সন্তানৰ পিতৃত্ব অৰ্জন কৰিছে। আমাৰ অফিচৰ বিভিন্নজনৰ বিভিন্ন সমস্যাৰ সমাধান সূত্ৰ আগবঢ়োৱা প্ৰশান্তই হাঁহি এটা মাৰি মোক স্বাগতম জনালে।

: বহা।

প্ৰশান্তই ক’লে।

: হেৰা, কথা এটাৰ বাবে আহিলোঁহে।

মই প্ৰশান্তক ক’লোঁ। সি মোৰ মুখলৈ এক প্ৰশ্নবোধক দৃষ্টি নিক্ষেপ কৰিলে।

: মানে ছোৱালী এজনীৰ খবৰ আহিছে বিয়াৰ বাবে। তাকেই তোমাক জনাবলৈ আহিলোঁহে।

: বাঃ বাঃ! অভিনন্দন বন্ধু। বৰ ভাল লাগিল কথাটো গম পায়। মানে এইবাৰ আমাৰ বুঢ়াৰ বিয়া পাক্কা। পিচে ৰ’বাচোন, বিয়াখন লৈ কিবা সমস্যাৰ সৃষ্টি হৈছে নেকি? কাৰণ মানুহবোৰে আচলতে মোক খবৰ দিবলৈ মোৰ ওচৰ নাচাপে। বৰং কিবা সমস্যাত পৰিলেহে মোৰ কাষলৈ আহে। তুমি অহাৰ কাৰণটো বা কি?

: অঁ, এটা সমস্যা হৈছে সৰুকৈ। মানে তুমিতো মোৰ মূৰটো দেখিছাই। চুলি এডালো নাই। ছোৱালী ঘৰে মোৰ এখন ফটো বিচাৰিছে। মোৰ এই তপামূৰটোৰ ফটো পঠিয়াবলৈ মন নাই। এতিয়া কি কৰোঁ কোৱা?

মই প্ৰশান্তক চিধাচিধি সুধি দিলোঁ।

: এহ, সেইটোনো কি ডাঙৰ কথা। যাবা আৰু তপামূৰটো লৈ।

প্ৰশান্তই হাঁহি এটা মাৰি ক’লে।

: নহয়, চোৱা। আচলতে ছোৱালীয়ে মোক এতিয়ালৈ দেখা নাই। তপা মূৰটো তাই ভাল নাপাবও পাৰে দিয়াচোন। নহ’লে এটা উইগ কিনি লওঁ নেকি? কি কোৱা?

প্ৰশান্ত অলপ গম্ভীৰ হৈ পৰিল‌। সি ক’লে,

: চোৱা, সমস্যা এটাৰ সৃষ্টি তুমি নিজেই কৰি লৈছা। সমাধান এটাও উলিয়াইছা। গতিকে তুমি তোমাৰ মতে কাম কৰিলেই ভাল হ’ব নেকি? নে কি কোৱা?

প্ৰশান্তই মোৰ কথাটোত যে বৰ বিশেষ গুৰুত্ব আৰোপ কৰা নাই, সেয়া মই বুজি পালোঁ। তাৰ পৰা বিদায় লৈ সিদিনালৈ মই ঘৰমুৱা হ’লোঁ।

সেই যে উইগ এটা কিনা কথাটো মনলৈ আহিল, সেই কথাটো মই বাস্তৱত ৰূপায়িত কৰিলোঁ। ছোৱালীৰ ঘৰলৈ মোৰ ফটো পঠিওৱাৰ আগেয়ে মই কম দামী এটা উইগ কিনি ল’লোঁ। উইগ পিন্ধি ফটো এখন তুলিলোঁ। ছোৱালী ঘৰলৈ ফটো পঠিয়ালোঁ। ছোৱালী চাবলৈ যাওঁতেও উইগটো মূৰত থাকিল।

আমাৰ ঘৰৰ পৰা এটা নিশাৰ বাট ছোৱালীৰ গাঁওখনলৈ গ’লোঁ। গাঁঁৱৰ সহজ-সৰল ছোৱালী। বৰ বিশেষ কথা বতৰা পতা নহ’ল। ঘৰখন পিচে মোৰ বৰ পচন্দ হ’ল। পিছলৈ হ’বলা তাইক দুবাৰমান ফোন কৰা হ’ল। জুখিমাখি কথা কোৱা সল্পভাষী ছোৱালী তাই মোৰ গৃহলক্ষ্মী হ’ব। কথাটো মনলৈ অহাৰ লগে লগে মোৰ মনটো ৰাইজাই কৰি উঠিল।

আৰু এটা শুভ দিনত আমাৰ বিয়াখন ঠিক হ’ল।

সেই দিনটোৰ কথা। মই আলহী সুধি আছোঁ। মাছ-মাংস আৰু খোৱাবস্তুৰ হিচাপ ৰাখিছোঁ আৰু মাজে মাজে মই মানে আজিৰ বিয়াৰ দৰাটো অনুতাপত দগ্ধ হৈ পৰিছোঁ। একোবাৰ দৰাই পিন্ধা মুকুটটো চাই আহিছোঁ। মুকুটটো মই অলপ ডাঙৰ আকাৰৰ কিনিছোঁ। কি ঠিক, কোনোবাই যদি সৰু মুকুট পিন্ধিলে মোৰ তপামূৰটো দেখে!

নাই, তেনে একো নহ’ল। তপামূৰটোৰ কথা সেই সময়ত তল পৰিল। ছোৱালীজনী মোৰ অৰ্দ্ধাঙ্গিনী হ’ল। মোৰ ঘৰখনৰ আনগৰাকী নাৰী মোৰ মাৰ চকুৰ পৰা টোপাটোপে আনন্দৰ অশ্ৰু সৰিল। আমাৰ ঘৰ গচকি ছোৱালী গুচি গ’ল। এয়া বিবাহৰ নিয়ম। আকৌ মোৰ মানুহজনী একেবাৰে আহিব আঠমঙলাৰ পিছত।

হয়, সেই দিনটো আহিল। ৰাতিটো বাটকুৰি বাই পুৱা আহি আমি আমাৰ ঘৰত উপস্থিত হ’লোঁ। দিনটো মই তেওঁৰ পৰা যিমান পাৰি সিমান আঁতৰি থাকিলোঁ। তপামূৰটোৰ ওপৰত মোৰ মাজে মাজে বিৰক্তি উপজিল।

এয়া নিশা। অলপ পিছতেই মামীয়ে মোক কোঠাটোত সুমুৱাই দিলে। সকলোৰে মনবোৰ প্ৰফুল্ল। মোৰহে মনটো বেয়া। কাৰণ প্ৰফুল্লতা সৃষ্টি কৰা মেচিনটো মানে মোৰ মূৰটোৰ চালিখন আচলতে যে উন্মুক্ত! তপামূৰীয়া মানুহ এটাই বাৰু মানুহগৰাকীক ঠগিলে নেকি?

মনটো জাৰি-জোকাৰি লৈ মই মানুহগৰাকীৰ ওচৰ পাই গলখেকাৰি এটা মাৰিলোঁ। অৱশ্যে তেওঁ মই অহা বুলি গম পাইছিলেই। মানুহ গৰাকী উঠি আহিল। মোৰ চৰণত পৰি সেৱা এটা কৰিলে। মোৰ মনটো কিবা থৌকিবাথৌ হৈ পৰিল। তেওঁৰ বাহুদুটাত ধৰি তেওঁক তুলি ধৰাৰ এক বাসনা মোৰ মনত জাগ্ৰত হ’ল।

হঠাৎ সেই যুগান্তকাৰী ঘটনাটো ঘটিল। মই নিশ্চুপ হৈ পৰিলোঁ। মজিয়াখনত মোৰ চকুহাল যেন লাগি ধৰিল। তেওঁ কেৰাহিকৈ বস্তুটোলৈ চাই হুমুনিয়াহ এটা কাঢ়ি ল’লে।

বিয়াৰ তিনি দশকৰ পিছৰ কথা। সত্তৰ বছৰ হ’বলৈ মোৰ আৰু কেইটামান বছৰহে বাকী আছেগৈ। ত্ৰিশ বছৰ আগতে মই লিখা মোৰ দিনলিপিখনৰ আখৰবোৰত মোৰ চকুদুটা যেন লাগি ধৰিছে।

মাধৱী আগবাঢ়ি আহিল। হাতত তেওঁৰ উল গুঠিবলৈ ব্যৱহাৰ কৰা দুডাল কাঠি। তেওঁ মোক লাহেকৈ সুধিলে,

: কি পঢ়ি আছা?

: অ’, বিয়াৰ পিছৰ সেই নিশাটোত সৰি পৰা উইগটোৰ কথা। মই যে কি ভয় খাইছিলোঁ!

মাধৱীয়ে শেতা হাঁহি এটা মাৰি ক’লে,

: চাওঁ, তোমাৰ মূৰটো দিয়াচোন। উলৰ টুপিটো প্ৰায় শেষ হ’লেই। এবাৰ জোখটো চাওঁ।

কিয় জানো, নাজানো মোৰ মূৰটোৰ কথা মাধৱীৰ আগত ওলালেই মই ইতঃস্তত বোধ কৰোঁ। মই লাহেকৈ মোৰ মূৰটো তেওঁলৈ আগবঢ়ালোঁ।

বিশেষ বাক্যবয় নকৰি তেওঁ লাহেকৈ ক’লে,

: হ’ব দিয়া।

উইগটো সৰি পৰাৰ পিছতো সেই ৰাতি মই তেওঁক কৈফিয়ৎ দিবলৈ চেষ্টা কৰিছিলোঁ। তেওঁ কৈছিল,

: হ’ব দিয়া।

মই পঢ়ি থকা দিনলিপিৰ এই পৃষ্ঠাটোৰ পিছতেই আৰম্ভ হোৱা পৃষ্ঠাত মাধৱীৰ এই অভিব্যক্তি সম্পৰ্কেও লিখা আছে।

সেই বিশেষ পৃষ্ঠাটোত চকু ফুৰাবলৈ মই ডায়েৰীৰ পাত লুটিয়ালোঁ।

☆ ★ ☆ ★ ☆

18 Comments

  • Rintumoni Dutta

    কথনশৈলী খুব ভাল লাগিল অভিজিত, সুন্দৰ গল্প

    Reply
    • অভিজিত দত্ত

      বহুত ধন্যবাদ ৰিন্টুদা।

      Reply
  • Chandana Das

    ইমান সুন্দৰ সাৱলীল প্ৰকাশভংগী।ভাল লাগিল

    Reply
    • অভিজিত দত্ত

      ধন্যবাদ চন্দনা।

      Reply
  • বাগ্মীতা বাৰ্বী

    ইমান ভাল লাগিল পঢ়ি !

    Reply
  • পাৰ্থপ্ৰতিম

    সুন্দৰ

    Reply
  • পূৰ্ণানন্দ শৰ্মা

    দত্ত দা, মজা লাগিল !

    Reply
  • Moon Moon Sarkar Saikia

    পঢ়ি ভাল পালোঁ।

    Reply
  • Anonymous

    ভাল

    Reply
  • Mridula

    বৰ ভাল লাগিল

    Reply
  • ডলী তালুকদাৰ

    বৰ ভাল লাগিল

    Reply
  • HEMANTA KAKATI

    ভাল লাগিল অভিজিত

    Reply
  • বৰ সুন্দৰকৈ উপস্থাপন কৰিছে ।

    Reply
  • বৰ্ণালী চৌধুৰী

    খুব ভাল লাগিল পঢ়ি।।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *