ফটাঢোল

আপদীয়া পদ্য – হেমেন ডেকা

(১)
ঘূণপোকে খালে নেকি
আগৰ মিলা-প্ৰীতি,
সুদূৰ পৰাহত যেন
শান্তি-সংহতি,
সৰৱ মঞ্চৰ অভিনেতা,
নীৰৱ চমঝদাৰ শ্ৰোতা,
গেছত পকা কলৰ দৰে
হ’ল ৰাজনীতি
(২)
দিনত সভা-সমিতিত উদাত্ত
ভাষণ দি ফুৰে,
ৰাতি হ’লে এটুপি ধৰি
গিৰিহঁতনীক গালি পাৰে,
দলৰ তেৰাই হৰ্তা-কৰ্তা,
ৰাইজক দিয়ে প্রেছ বাৰ্তা,
দেশৰ স্বাৰ্থত সাংগোপাংগে পথ অৱৰোধ কৰে।
(৩)
আবিৰ্ভাৱ হয় চিপৰাং
পাৰ্টি,
ত্ৰাণকৰ্ত্তা নেদেখি হেৰায়
চুৰ্ত্তি,
অহোৰাত্ৰি মহা ত্ৰাস,
অৰ্থকৰী অৰ্থনাশ,
কাণে-কাণ মাৰি গাদী ৰয়
বৰ্ত্তি।
(৪)
উদক ৰাখো আমি ভেঁটা
ৰখীয়া,
বগলীক পাতো দলৰ
বিষয়ববীয়া,
লোভত মৰে বৰশীৰ মাছ,
খালৈৰ ভিতৰত নাচে নাচ,
আগ নুগুণি গুণি পাছ
হওঁ চৌঠেঙীয়া।
(৫)
লোভ-লালসাৰ আকাশত
চিলনী উৰে,
চিকাৰৰ সন্ধানত পিতপিতাই ফুৰে,
একমাত্ৰা খোৱাৰ ধান্দা,
একান্ত ভোগবাদী বান্দা,
বেছিকৈ গিলি দুই-এটা
বমি কৰি মৰে।
(৬)
কোৰ্হাল মুখৰ ক্ষুধাতুৰ
শহাৰ গৰ্ত,
হিতাকাংক্ষিনীৰ ৰূপত
শৃগালী ধূৰ্ত,
উৰুলীকৃত ফেউৰা,
দিশহাৰা মাউৰা,
বৃকবৃন্দক দেখি মন্ত্রমুগ্ধ
নিৰ্বোধ ক্ষুধাৰ্ত।

★★★★

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *