ফটাঢোল

চলগৰী – তৃষ্ণা সোণোৱাল

“চলতৌ মিনি চলে যাবই ৰে, কন কনা মে জীৱন বিটাবই..”

ফুলতীয়ে চৰিয়াটোৰ পানীখিনি চোতাললৈ সজোৰে মাৰি পঠিয়ালে।

: হাৰামী বুৰা। মৰেক লেগি বয়চ হলি, ইতিয়াও মিনিৰ সংগে জীৱন বিটাৰ বাত কৰথি। চৰম নি লাগে তখে।

মাংৰাৰ মুখত মদৰ লগতে গানো সমানে চলিছে। পুৱাই পুৱাই সি হাড়িয়া আনকালে নধৰে, আজিৰ কথা পিচে একেবাৰেই বেলেগ। বাগান উৰি ফুৰিছে এইকেইদিন। আবেলিলৈ বাগানত পূজাৰ বোনাচ দিয়াৰ কথা৷

: ২০% পূজাৰ বনাচ, একঝনৰ কমচেকম পন্ধৰ হাজাৰ টকাত’ হয়েক লাগি।

মাংৰাৰ পুতেক ধালুৱে হিচাপ মিলাই। তাৰ মাই বাবা দুয়োটা বাগানৰ পাৰ্মানেণ্ট লেবাৰ। সি ফাল্টু, মানে একেবাৰেই ফাল্টু। মাক বাপেকে দুশ্ৰেণী পঢ়ক বুলি ডনবস্ক স্কুল এখনত ভৰ্তি কৰাই দিছিল। হ’লে কি হ’ব, চাৰিটা শ্ৰেণীত দহবছৰ মান পঢ়িয়ে তাৰ আমুৱালে। দুই চাৰিটা ইংৰাজী শিকি ধালু এতিয়া লাট চাহাব। ৰঙা ৰুমাল ডিঙিত মেৰিয়াই সি চাৰিং বাগানত টহল দি ফুৰে। মাংৰাই মহৰী বাবুৰ হাতে ভৰিয়ে ধৰি মেলি পুতেককো কামত সোমোৱাইছিল। দুদিনৰ পাছত বাবুৱে নিজে খেদালে তাক, টাইট জিনছ্‌, হালধীয়া ফুল চাৰ্ট আৰু গুলপীয়া চানগ্লাছ পিন্ধি আতৰ ছটিওৱাৰ দৰে দৰব ছটিয়াই ফুৰা ধালুক দেখি বাবুৱে মাংৰাক ক’লে,

: মাংৰা ঐ, পুতেৰক কামত লগাই পাপহে কৰিলোঁ। ফুলদানী হয় সি ফুলদানী। সজাই থগৈ হেৰ ঘৰত।

ধালুৱে বেয়া নাপালে, এটা পুতেকৰ বাবে মাক বাপেকৰ কামাই যথেষ্ট। সি ভৰিত ভৰি তুলি খালেই হ’ল। ধালুৰ ৰংচঙীয়া জোতা কাপোৰৰ বাদে বেলেগ ইমান খৰচ নাই, বাবাকৰ দৰে সি হাড়িয়াও নাখাই। মাকে চাধা এপালি যাচিলেহে খায়, সেয়ে মাক বাপেকে তাক কাম নকৰিলেও একো নকয়।

: নে ৰে ফুলতী, হামনিকেৰ বেটাৰ চাদীৰ বয়স হৈ গেছে। পাছকেৰ বাগানেৰ ভূগিয়াৰ বেটীটা কেৰকম লাগে। ধালুৰ লগত মিলেব ন?

ফুলতীয়ে চাউল এখিনি জাৰি আছিল, নিচাখোৱা মাংৰাৰ কথা শুনি তাই এপলক ৰৈ গ’ল। কাষৰ চালিখনৰ তলতে ধালুৱে চুলিত ৰং এখনি সানি বহি আছিল। তাৰ কান থিয় হ’ল মাংৰাৰ কথা শুনি, ভূগিয়াৰ বেটী মানে পাকাবস্তি লাইনৰ চিতালী। বাগান ফিল্ডৰ কৰমত নাচি নাচি চকৰাক পাগলা কৰি দিয়া চকৰীটা।

: ই…. মাঝা বাত বলেলা বাবা।

সি লগে লগে বাপেকৰ কাষত পালেহি। হাজাৰ হওক ফুলতী মাক, পুতেকক এজনী গোটোৱাৰ কথা শুনি তাইৰ বুকুখন কেনেবা লাগিল। পুতেক বেলেগৰ হৈ যাব, চাউলৰ ডলাখন আঁতৰাই তাই কান্দিয়ে দিলে,

: এ ধালুৰে…. চাদী কৰ কে দুখী মাইকে ভুলি নাই যাবে হৌ। এ ধালুকেৰ বা.. হামনিকেৰ কি হ’ব ৰে।

ধালু আৰু মাংৰা বিৰক্ত হ’ল, বিয়াৰ কথা ওলাওঁতেই মাকৰ এই ৰূপ বিয়া পাতিলে কি হ’ব?

: চুপ ৰে বুঢ়ীয়া… খালি কেং কেং। এটা বাত কৰিব নাপাই তোৰ আগত। ৰাম জন্মই নিহৈলা, ৰামায়ন বনাই দিলে চা বুঢ়ীয়ে।

ফুলতী চুপ হ’ল, অৱশেষত মাংৰা আৰু ফুলতীয়ে বিজয়া দশমীৰ পাছতেই চিতালীক ধালুৰ কাৰণে খুজিবলৈ যাবলৈ ঠিক কৰিলে। ধালুৰ মনটো ভাল লাগি গ’ল। চিতালী চাৰিং বাগানখনৰে ধুনীয়া গাভৰুৰ এজনী। তাইক বিয়া পাতিবলৈ দহখন বাগানৰ ডেকাই বাট চাই আছে। সিও জানো কম, লাইনৰ চবেই তাক মিথুন মিথুন বুলিহে কয়। ক’ব নোৱাৰাকৈয়ে দীঘল চুলিকেইডালত হাতখন বুলাই দিয়ে সি। কামহে নকৰে হিৰৰ চব কোৱালিটিয়ে তাৰ গাত আছে। চিতালীয়ে আকৌ কেনেকুৱা দৰা বিচাৰে বা? সি শুনামতে তাই বিৰাট পৰিশ্ৰমী, পাত তোলোতে তাইৰ টুকুৰীয়ে আটাইতকৈ আগেয়ে ভৰ্তি হয়। কামজাৰী নোহোৱা দিনত বাগানৰ কাষৰ ইটাভাটাতো কাম কৰিবলৈ যায় তাই। মুঠতে হাত ভৰিকেইটা ধালুৰ দৰে এনেয়ে পেলাই নথয়। হঠাতে নিজক দায়িত্ব থকা পুৰুষলৈ পৰিৱৰ্তন কৰিবলৈ তীব্ৰ ইচ্ছা জাগিল ধালুৰ। চিতালীৰ সমকক্ষ হিচাপে থিয় দিব সি।

মা দূৰ্গা মৰতলৈ আহিবলৈ যা যোগাৰ কৰিছিলেহে, বাগানত আগতীয়াকৈ পূজা লাগিল। বাগান শনিবৰীয়া বনাচ বজাৰলৈ বেপাৰীবোৰ লানি পাতি আহিল। কাপোৰ-চেন্দেল, বাচন বৰ্তন, মাছ-মাংস, মিঠাই-চানা, খাৰু-মনি আদিৰ হৰেক ৰকমৰ বেপাৰী। এসোপামান টকা হঠাতে হাতলৈ অহা মানুহবোৰে মন ভৰি বস্তু কিনিলে, দিলখুচ কৈ বেপাৰীক টকা দিলে।

: যা ভাই, আমি বাগানীয়া দিলদাৰ মানুহ। কোনে চ-দুইচ টকাৰ কাৰণে কেৰজেৰ কৰে।

বেপাৰীয়ে এগুণত দুগুণ কৰি বস্তু বিকে, বেপাৰীৰ ধনৰ পেৰা উফন্দি উঠে। মনবোৰ ৰঙীয়াল হৈ পৰে গ্ৰাহকৰো বেপাৰীৰো। ৰাতিবোৰ ঝুমুৰৰ কলিৰে ভৰি পৰে….

আম্বা পাতা লাম্বা লাম্বা
তেতল পাতা চোটা ৰে
দলং নিচে ফুলি চাৰাপ
পিয়ং পিয়ং লাগে ৰে

বেলবৰনৰ দিনাখনেই মাংৰাৰ ঘৰৰ নঙলামুখত এখন দোকানে মূৰ দাঙি উঠিল, দোকান মানে তিনিফালে বাঁহৰ বেৰ সন্মুখত বগীটিঙৰ দুৱাৰৰ এটা সৰু কোঠালী। বাঁহৰ খুটাত তক্তাপোচ এখনত বিস্কুট, চানা, মৰ্টনৰ টেমা দুটামান। ভিতৰৰ ফালে চাবোন, তেল, পাউদাৰ, নেইলপলিচ আৰু মনিহাৰী বস্তুৰে ভৰা এখন টেবুল। দোকানী খোদ ধালু ভূমিজ। চলিব চলিব, ধালুৰ দোকান ঠিকমতেই চলিব। বিড়ি হুপি হুপি মাংৰাই ফুলতীক কয়।

: চনা লাগে ৰে তৰ বেটা। কামানি কৰি ঢেৰ টাকা আনিব ই।

ফুলতীয়ে আনন্দত এসোঁতা কান্দি পেলায়। টাউনত পূজা চাই ঘূৰি অহাৰ বাটত ৰং বিৰঙৰ গাভৰুজাকে ধালুৰ দোকানত ভিৰ কৰেহি, ৰঙা গুলপীয়া নেইলপলিচ লিপষ্টিকৰ টেমাবোৰত যেন গোটেইবোৰ উবুৰি খাই পৰিব। ধালুৰ নতুন চিকিনটাচ্ মবাইলত সিহঁতে ফটো উঠে, নতুন হ’ম থিয়েটাৰটোত অহৰহ বাজি থাকে “চল গৰি লে যাব তকে মৰ গাওঁ৷”

নিজৰ লাইনৰ ডেকা গাভৰুৰ দলটোৰ লগত হাঁহি ধেমালি কৰি চিতালী আহিছিল, তাই ধালুৰ মনৰ খবৰ নাজানে। মিচিক মাচাককৈ হাঁহি থকা ধালু দোকানীক কেৰাহীকৈ চাই থৈ গ’ল তাই। ধালুৰ হ’ম থিয়েটাৰত গোটেই ৰাতি গৰিয়াই চলি থাকিল, পুৱা ফুলতীয়ে খঙতে বাঢ়নীটাৰি হ’ম থিয়েটাৰৰ ওপৰত চলাই নিলে।

: নে ৰে ধালুকেৰ বা, বনাচকেৰ টাকাথিনচে কেটাকা বাচাই লেগি। দেবে ত, মই চুইটাৰ একটা কিনম।

বিজয়া দশমীৰ দুদিনমানৰ পাছত পুৱাতে ফুলতীয়ে মাংৰাক সুধিলে। ফুলতীৰ ভাগৰ বনাচৰ আঠহাজাৰ টকাৰ দুহাজাৰ নিজৰ লগত ৰাখি বাকীখিনি মাংৰাক জমা দিছিল। তাৰে বাগানবজাৰত বাচন বৰ্তন দুটামান আৰু দুখন শাড়ী কিনিলে তাই, ৰঙাখন নিজলৈ আৰু হালধীয়া-বেঙুনীয়াখন চিতালীলৈ বুলি। দুদিনমানৰ পাছতে পাকাবস্তি লাইনলৈ যোৱাৰ কথা, নিয়ৰ সৰা দিন৷ তাতে বৰষুণো চেগা চোৰোকাকৈ দি আছে মাজে মাজে। অলপ ঠাণ্ডাতে চুৱেটাৰ পিন্ধাৰ অভ্যাস সিহঁতৰ, গৰম যেনেকৈ সহ্য কৰিব পাৰে ঠাণ্ডাটো ভীষণ সহ্যাতীত চাহ বনুৱাসকলৰ বাবে। মাংৰাৰ পূজাৰ নিচা আঁতৰাই নাই, বাগানৰ লেবাৰৰ মাজত হোৱা লটাৰী খেল এখনত কুকুৰা এটা জিকিছিল। ৰাতি এপৰলৈ তাৰে পাৰ্টি চলিল, আগনিশাৰ মাংসভজা আৰু পানীটুপি এতিয়াও সি গোটাই পিতাই লৈছে।

: উইচব মই নিজানেলা, ধালুকে তৰ ছহাজাৰ আৰু মৰ নহাজাৰ ছমজাই দেথি বেলপূজাৰ দিনেই। উকে সোধ।
: ধালু ক’ত? ধালু… ধালু

মাকৰ চিঞৰ শুনি আমন জিমনকে বন্ধ দোকানৰ দুৱাৰ খুলি সি ওলাই আহিল। বিজনেচত বেয়া মাৰ খালে সি, লিপষ্টিক নেইলপলিচৰ বাদে চাবোন তেল আলু মিঠাতেল অনা ভাগেই থাকিল। দোকানৰ নামত পুৰা পাঁচহাজাৰ আঠশ টকা বিনিয়োগ কৰিছিল সি। ৰাতিৰ বাপেকে জিকা কুকুৰা মাংস ৰান্ধিবলৈ মাকে দোকানৰ আলু, পিয়াঁজ আৰু তেলো লৈ আনিলে। বিক্ৰীদাৰী থ’বলৈ কিনা সৰু কাঠৰ বাকচটোত জমা আছে চাৰিশ নব্বৈ টকা। দোকান খোলাৰ পৰা আজি দহদিনৰ মুঠ লাভ। চিতালীৰ বৰাবৰ নোহোৱাৰ দুখ এটাও ধালুৰ বুকুত যোৱা ৰাতিৰ পৰা উজাই আছে।
গিলাচ এটা আনি সি বাপেকৰ কাষত থ’লে,

: টুকুন মখেও দে বাবা….

মদ পানীৰ পৰা দহহাত দূৰত থকা পুতেকৰ কথা শুনি মাংৰা ফুলতী অবাক হ’ল।

: কে হলক ৰে ধালু, হাড়িয়া ত আদায় হলেক। দুচৰা দিন খাবি হৌ।

: নাই ৰে বেটা নাই। কাইল চিতালীৰ ঘৰেক যাব আছে। ইচব নিকৰবি তই

ফুলতীৰো কাওবাও আৰম্ভ হৈ গ’ল পুতেকক দেখি৷ ধালু অলপ সময় বহি থাকি দোকানলৈ গুচি গ’ল। বাকচৰ পৰা চাৰিশ টকাটো আনি বাপেকক আগবঢ়াই দিলে৷

: তহনিকেৰ কন’ দৰকাৰ নাইখে পাকালাইন যাব হলে। ইথি চিতালী কে ভি কালি চাদী হৈ গৈছে গাৰালাইনৰ চৰ্দাৰৰ লগত।

মাংৰা থৰ লাগিল, ফুলতীয়ে পুতেকৰ দুখখিনি নিজৰ চকুলৈ আনি লৈছে ইতিমধ্যে।

: লে বাবা, তহনিকেৰ পন্ধৰহাজাৰ টকাৰ লাভ এইটা। আজি দিল খুচ কে খাম হাড়িয়া।

ভিতৰৰ হ’ম থিয়েটাৰত বাজিয়েই আছিল,
“আৰে চল গৰি, লে যাবই তকে মৰ গাঁও৷” ধালুৱে বুকুখন খামুচি ধৰি থাকিল, তাৰ গৰিজনীক চৰ্দাৰে লৈ গ’লেও বুকুৰ ভিতৰৰ চিতালীজনীক যাতে লৈ যাব নোৱাৰে।

☆ ★ ☆ ★ ☆

8 Comments

  • ডলী তালুকদাৰ

    বহুত ভাল লাগিল

    Reply
  • Rintumoni Dutta

    ভাষাটো ইমান সুন্দৰকৈ লিখিছা। ভাল লাগিল তৃষ্ণা

    Reply
  • Prodip Bora

    সুন্দৰ

    Reply
  • HEMANTA KAKATI

    বৰ ভাল লাগিল তৃষ্ণা৷

    Reply
  • Mridula

    ভাল লাগিল

    Reply
  • Rimjhim Borthakur

    খুবেই ভাল লাগিল

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    পঢ়িলোঁ। ভাল লাগিল।

    Reply
  • Dilip R Kakati.

    ভাল লাগিল। ল’ৰালিৰ বাগানৰ পূজাবোৰ মনত পৰিছে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *