ফটাঢোল

চিকেনৰ লেগ পিচ – প্ৰান্তৰ ভাগৱতী

: কিমান দিন যে হʼল, চিকেনৰ লেগ-পিচ নোখোৱা!! হেৰা, আজি চিকেনকে আনা নহʼলে। তুমি আৰু মই আজি লেগ দুটা খাম । ইহঁতেটো ভাত খুৰীদেউহঁতৰ ঘৰতে খাব।

শ্ৰীমতীয়ে কথাটো কৈ মোৰ ফালে চালে । মই শ্ৰীমতীলৈ চাই ভাবিলোঁ — হয়তো কথাটো । মই বাৰু কিছুদিন আগলৈকে ঘৰত চিকেন বনালে মোৰ ভাগত এটা লেগ পিচ পৰিছিল । এতিয়া অৱশ্যে এটা লেগ-পিচ ছোৱালীৰ আৰু এটা লʼৰাটোৰ । কিন্তু শ্ৰীমতীয়ে যে কিমান বছৰ হʼল চিকেনৰ ডাঙৰ লেগ-পিচ এটা নোখোৱা !! বিয়াৰ পিছত ছোৱালীজনীৰ জন্মৰ পিছত তাই খাব পৰা হোৱাৰ পৰাই ঘৰত চিকেন বনালে এটা লেগ-পিচ ছোৱালীৰ আৰু এটা মোক দিয়ে । তেওঁ কোনোদিনে নাখাই । অৱশ্যে এতিয়া লৰাটো ডাঙৰ হোৱাৰ পিছত মোৰ ভাগৰটোৰো মুদা মৰিল । শ্ৰীমতীৰ মুখখন চাই ভাবিলোঁ, মাকৰ ঘৰত থকালৈকে সদায়ে চাগৈ চিকেনৰ ডাঙৰ লেগ-পিচটো তাইৰ ভাগতেই পৰিছিল । মোৰ লগত বিয়া হৈ আহি কেইবছৰমানৰ পিছত আৰু তেওঁ চিকেনৰ লেগ-পিচ চুব পোৱা নাই । আজি কাষৰ খুৰীদেউৰ নাতিটোৰ জন্মদিন । আমাৰ লʼৰা-ছোৱালীহালক সন্ধিয়া তাতে খাবলৈ মাতিছে । গতিকে সিহঁতে ৰাতি আৰু ঘৰত ভাত নাখায় । সেয়েহে শ্ৰীমতীয়ে প্ৰস্তাৱটো দিলে । ময়ো শ্ৰীমতীৰ ফালে চাই মৰমৰে মাত লগালোঁ —

: হʼব দিয়া । আজি চিকেনৰ লেগ-পিচ দুটা তুমি আৰু মই খাম । মোনাটো দিয়া মই বজাৰলৈকে যাওঁ । সন্ধিয়া লাগিলেই । এই বুলি বজাৰৰ ফালে ওলাই গʼলোঁ । বজাৰৰ পৰা মুৰ্গী কিনি কটাই আনি শ্ৰীমতীক দি কʼলো–

: আজি বঢ়িয়াকৈ বনাবা । অলপ জ্বলা বেছিকৈ দিবা, ইহঁতে নাখায় যেতিয়া । মই অকণমান ওলাই যাওঁ । এইবুলি অলপ টাউনৰ ফালে ওলাই গʼলো । ন মান বজাত ঘুৰি আহি পালোঁ। লʼৰা-ছোৱালীহালো খুৰীদেউহঁতৰ ঘৰতে খাই আহি পালেহি । পাকঘৰৰ ফালে পাক মাৰি চাই দেখো শ্ৰীমতীৰ মুখখন গহীন । মই ” হেৰা ” বুলি মাতষাৰ দিওঁতেই মুখখন ফুলা লুচিৰ দৰে কৰি মোৰ ফালে পোন্দোৱাকৈ চালে আৰু ভেকাহি মাৰি কʼলে, “কি হʼল ।” মই একো নাই বুলি পাকঘৰৰ পৰা ওলাই আহি ভাবিলোঁ, কেচটো কি? কিবা জেং লগালোঁ নেকি ? মইতো আজি আড্ডা মাৰি এটুপি খাই দেৰিকৈয়ো অহা নাই ! কি হʼল তেন্তে ?? মোবাইলটোও মোৰ ওচৰত আছে । কিবা মেচেজ আদি চেক কৰিবলৈ !!! শেষত অকণমান সাহ গোটাই শ্ৰীমতীক মৰমৰে সুধিলোঁ–

: কি হʼল কোৱাচোন ?

শ্ৰীমতীয়ে ভেকাহি মাৰি কʼলে —

: তুমি কিহৰ মতা মানুহ হে । মুৰ্গী এটাও ভালকৈ কটাই আনিব নোৱাৰে । লেগ-পিচ দুটা কʼত ???
তেতিয়াহে চেৰেংকৈ মনত পৰিল । আজি বজাৰত মই প্ৰায়ে মুৰ্গী কিনা বেপাৰীটো নাছিল । গতিকে বেলেগ এটা বেপাৰীৰ পৰা মুৰ্গী কিনি কটাব লওঁতেই লগৰ এটা লগ পাই লেকচাৰ বাজি ষ্টাৰ্ট কৰিছিলোঁ। চিনাকি বেপাৰীটো হʼলে মই নকʼলেও ধুনীয়াকৈ ডাঙৰ লেগ-পিচ ৰাখি মুৰ্গীটো কাটি দিয়ে । আজি অচিনাকী বেপাৰী, তাতে ময়ো লেকচাৰত ব্যস্ত ; তাক কোৱাও নহʼল । গতিকে তাৰ ইচ্ছামতে সি পাষণ্ডই গোটেই মুৰ্গীটো সৰু সৰুকৈ কাটি দি পঠাইছে । লেগ-পিচ নাৰাখিলেই । মোৰো লেকচাৰৰ কোবত চোৱাই নহʼল !

মই হাঁহিমেই নে কান্দিম এই ভাৱত শ্ৰীমতীৰ ফালে চাই কʼলোঁ–

: এহ্, ভুল হৈ গʼল দিয়া । আজি আমাৰ ভাগ্যত চিকেনৰ লেগ-পিচ নাই দিয়া । কেতিয়াবা দাতাই দিলেও বিধাতাই নিদিয়ে !

( এটা কথা কিন্তু সত্য যে প্ৰায়বোৰ ছোৱালীৰ বোৱাৰী হৈ সংসাৰ গঢ়াৰ পিছত চিকেনৰ লেগ-পিচ ভাগত নপৰে বুলিয়েই কʼব পাৰি । এই ত্যাগ তেওঁলোকে কিন্তু কৰেই । )

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *