ফটাঢোল

গৃহিণীৰ হুমুনিয়াহ – জিতা ফুকন

বাগানত বোনাচ
কোম্পানীত বোনাচ
চৰকাৰী চাকৰিয়ালৰ বোনাচ
কিন্তু গৃহিণীৰ বাবে
চব ফুচফাচ

 

এদিন নকৰিলেই কাম
গৃহিণীৰ যাব নাম
ৰন্ধা বঢ়া, ধোৱা পখলা
সেয়াই যেন কাম৷

 

ভাবিছোঁ এখন আইন উলিয়াওঁ
চাপৰ্টাৰ বিচাৰি
ঘৰে ঘৰে যাওঁ
নকৰোঁ একো ঘৰৰ কাম
কোনে কি কৰে ময়ো চাম

 

মহিলাসকল আগবাঢ়ি আহক
পাৰিলে মোক সহায় কৰক
বিহুৱে পূজায়ে একো এটা নাপাওঁ
বিচাৰিলে স্বামীৰ গালিহে খাওঁ৷

 

এইবাৰ পূজাত লাগিবই শাৰী
নহ’লে গুচি যাম
ঘৰবাৰী এৰি৷
কোনে খুৱাই খুৱাব
কোনে ৰান্ধে ৰান্ধিব
অমুকী নহ’লে ঘৰখন তেতিয়া
এৰাবাৰী হৈ পৰিব৷

 

হে মালিক, চকু মেলি চোৱা
নিজৰ ঘৰখন পাৰিলে বচোৱা
নহ’লে মোৰদৰে লখিমী গৃহিণী
এই পৃথিৱীত বিচাৰিলেও নোপোৱা৷

☆ ★ ☆ ★ ☆

2 Comments

  • anjan sadhanidar

    কেতিয়া যাব কবচোন৷ গলেই ঘৰত গৈ এষাজ খাই আহিম ভালকৈ

    Reply
  • ডলী তালুকদাৰ

    বৰ ভাল লাগিল

    Reply

Leave a Reply to anjan sadhanidar Cancel reply

Your email address will not be published. Required fields are marked *