ফটাঢোল

ফটা পোষ্টাৰ নিকলা হিৰো (দ্বিতীয় ভাগ) – অভিজিত দত্ত

ফটা পোষ্টাৰ নিকলা হিৰো (দ্বিতীয় ভাগ)

ফটাঢোল RASDS চিনে প্ৰডাকশ্বনৰ নিবেদন – হোঁকা বুঢ়াৰ মাইচেনা
কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা: অভিজিত দত্ত৷

সহঃ পৰিচালনা: ডলী তালুকদাৰ৷

সঙ্গীত পৰিচালনা: ৰামানুজ জি৷

সহকাৰী সঙ্গীত পৰিচালনা: ভাস্কৰজ্যোতি দাস৷

কণ্ঠ: প্ৰৱাল খাটনিয়াৰ আৰু চাবিনা ইয়াচমিন৷

কাষ্টিং ডিৰেক্টৰ: অভিজিত কলিতা৷

একচন: শংকৰজ্যোতি বৰা৷

চাউণ্ড: অলকেশ ভাগৱতী৷

কাৰ্টুন: আৰাধনা বৰুৱা৷

এডিটৰ: দিগন্ত ভট্টাচাৰ্য৷

স্পট বয়: পাৰ্থপ্ৰতিম চৌধুৰী৷

স্পট গাৰ্ল: বৰ্ণালী চৌধুৰী৷

কষ্টিউম: হেমন্ত কাকতি৷

কৰিঅগ্ৰাফী: ডাঃ পাৰ্থ সাৰথি ভূঞা৷

লাইট: ৰিতন বৰুৱা৷

খাদ্য: তবিবৰ ৰহমান৷

ষ্টাণ্টমেন: সুকুমাৰ গোস্বামী৷

কেমেৰা: অৰৱিন্দ গোস্বামী৷

কৰিঅ’গ্ৰাফাৰ: ৰাজশ্ৰী কলিতা আৰু সঞ্জীৱ ভট্টাচাৰ্য্য৷

লাইট: পাৰ্থ প্ৰতীম শৰ্মা৷

যাতায়ত: চিদানন্দ বৰা৷

অভিনয়ত: হেমন্ত কাকতি, ৰিণ্টুমণি দত্ত, ৰঞ্জন দাস, বিজয় মহন্ত, ভাস্কৰ জ্যোতি দাস, গিতালী শইকীয়া দত্ত, ডলী তালুকদাৰ, ৰাজশ্ৰী শৰ্মা, ৰিমঝিম বৰঠাকুৰ আৰু কমলা দাস৷

১ম দৃশ্য: অৰণ্যৰোদন

লাইট, কেমেৰা, একচন

দ্ৰোণ কেমেৰাৰে প্ৰথমতে দূৰৈৰ পৰা এখন আঢ্যৱন্ত আৰু চহকী ঘৰ দেখাব৷ লাহে লাহে ক্ল’জ আপত ঘৰটো আহিব৷ এটা পুৰণি আৰ্হিৰ হাউলী লাহে লাহে দৃশ্যমান হ’ব৷ বাৰাণ্ডাত আৰামী চকী এখনত এজন ধুতি-চোলা পৰিহিত, মূৰত পাগুৰিৰে এজন আঢ্যৱন্ত বয়সীয়াল লোক বহি থাকিব৷ ক্ল’জ আপত তেওঁক দেখুওৱা হ’ব৷ তেওঁক দেখিলে খঙাল যেন লাগিব(এই ৰোলটো কৰিব হেমন্ত কাকতিয়ে, চৰিত্ৰৰ নাম হোঁকা বুঢ়া )৷ তেওঁৰ এখন হাতেৰে হোঁকা টানি থাকিব আৰু আনখন হাত কপালত দি থাকিব৷ তেনেতে কেমেৰা আন ফালে ঘূৰিব আৰু ক্ল’জ আপত এগৰাকী ধুনীয়া বয়সীয়াল মহিলা দেখা যাব৷ তেওঁ খুন্দনাত তামোল খুন্দি থাকিব৷ মাজে মাজে তেওঁ বুঢ়াৰ ফালে পেন্দোৱাকৈ চাব৷ (এই ৰোলটো কৰিব কমলা দাসে, চৰিত্ৰৰ নাম হোঁকানী বুঢ়ী)
হঠাৎ হোঁকা বুঢ়াই  “জীৱনত একো নহ’ল” বুলি দুবাৰ উচ্চাৰণ কৰিব৷ লাহে লাহে মৃদু লয়ত বাক্যটো বাজি  থাকিব৷

ইয়াৰ লগে লগে স্ক্ৰীণত নেমকাষ্টিং আৰম্ভ হ’ব৷

হেমন্ত কাকতি এজ হোঁকা বুঢ়া৷

কমলা দাস এজ হোঁকানী বুঢ়ী৷

ডলী তালুকদাৰ এজ বুঢ়া-বুঢ়ীৰ ডাঙৰ ছোৱালী,   নাম ডোলা৷

ৰাজশ্ৰী শৰ্মা এজ ছোৱালীৰ বান্ধৱী, নাম ৰাজী৷

ৰঞ্জন দাস এজ গাঁৱৰ ডাক্তৰ৷

ভাস্কৰ দাস এজ গাওঁবুঢ়া৷

বিজয় মহন্ত এজ গাঁৱৰ সুতখোৰ মহাজন৷

ৰিণ্টুমনি দত্ত এজ বুঢ়াৰ বিলাতফেৰৎ ল’ৰা, নাম মণি৷

ৰিমঝিম বৰঠাকুৰ এজ বুঢ়াৰ কুম্ভমেলাত হেৰোৱা সৰু ছোৱালী, নাম ৰিমী৷

গিতালী শইকীয়া দত্ত এজ ব্ৰিটিছ কাউন্সিলৰ ৱেলফেয়াৰ অফিচাৰ, নাম গীতা৷

মিউজিক – ডলী তালুকদাৰ আৰু ৰাজশ্ৰী কলিতা৷

প্ৰডিউচাৰ- শঙ্কৰসঞ্জীৱ৷

ডাইৰেকচন- অভিজিত দত্ত৷

হোঁকানী বুঢ়ী: কি এটা কথাকেই তই বাৰে বাৰে কৈ মোৰ মূৰটো গৰম কৰ? কেতিয়াবা খং উঠিব ক’ৰবাৰ ভাং খেতিৰ মাজত দাঙি নি পেলাই থৈ আহিমগৈ৷ যিমান মন যায়, সিমান বকি থাকিবি তাত বুঢ়া৷

হোঁকা বুঢ়া: মানে তই বুজি পাবলৈ চেষ্টা কৰচোন৷ কিয়নো ইমান গালি পাৰি থাক অ’!

হোঁকানী বুঢ়ী: গালি নাপাৰিম তোক? মেলাত গৈয়ে মোৰ মাইটোক হেৰুৱাই পেলালি৷ তোক খালি হোঁকাহে লাগে বুঢ়া৷ হোঁকা খাওঁতে তাই ক’ত গ’ল তই  মনেই নকৰিলি৷ মোক বিয়া কৰোঁৱাতকৈ তই হোঁকা এটাক বিয়া কৰাই নল’লি কিয়?

হোঁকা বুঢ়া: দে হ’ব দে৷ ঘৰত আৰু এটা মাইচেনা আছেচোন৷ কি কৰিবি আৰু? মইতো হেৰাম বুলি হেৰাই থৈ অহা নাই৷

হোঁকানী বুঢ়ী: কথা শুন বুঢ়াৰ! তাতকৈ দুটা বিয়া কৰাই নল’লি কিয়? মই মৰি গ’লেও ক’ব পাৰিলেহেঁতেন যে ঘৰত আৰু এটা আছে নহয়৷ (বুঢ়ীয়ে বুঢ়াক চকু ঘোপা কৰি চাই লৈ হোঁকাত টান মাৰে৷ সেই সময়তেই ঘৰৰ ভিতৰৰ পৰা বুঢ়া-বুঢ়ীৰ ঘৰত থকা ছোৱালীজনী ওলাই আহে৷)
ডোলা: মাম্মি, হাউ কুড ইউ ডু ডেট্? চ’ ডিচগাষ্টিং৷ তুমিনো এই বুঢ়াটোৰ লগত বহি কিয় এইটো টানা? ছিঃ!
অ’ শুনা, মই অলপ ওলাই যাওঁ৷ মেডিকেলত ডাক্তৰক পিতাইৰ স্বভাৱটোৰ কথা কৈ আহোঁ৷

হোঁকা বুঢ়া: কি ক’বি তাক? কালি আহিছেহে ডিচপেঞ্চাৰিত৷

ডোলা: তোমাৰ স্বভাৱটোৰ কথা কৈ আহোঁ৷ ইউ আৰ আন্দাৰ ট্ৰিটমেণ্ট এণ্ড ইউ শ্বুুুড্ নট ন’ ডেট্৷

এনেতে ছোৱালীৰ বান্ধৱী ৰাজী আহি চোতালখনত উপস্থিত হয়৷

ৰাজী: ঐ ডলী, ব’ল আকৌ৷ তইচোন যাব খুজিছিলি? হেই আংকল, হাই আণ্টি, হাউ ডু ইউ ডু৷

হোঁকানী বুঢ়ী: হাউ ডু ইউ ডু মানে এই তামোল খুন্দি আছোঁ দে৷ তহঁত ক’ত যাবিনো?

ৰাজী: টু টেল দ্যা ডক্টৰ এবাউট আঙ্কলচ্ ইনটক্সিকেচন৷

হোঁকানী বুঢ়ী: জানো পাই৷ কিবা কৰি আছ তহঁত কেইটাই৷

ডোলা: এনিৱে, বাই এভ্ৰিৱান৷

(হোঁকা বুঢ়াই এটা হুমুনিয়াহ এৰে৷ নেপথ্যত “জীৱনত একো একো নহ’ল” বাক্যটো লাহে লাহে বাজি থাকে৷ )
.
দ্বিতীয় দৃশ্য:   নয়ন মিলন

(দিনৰ পোহৰ ধেনুভিৰীয়াকৈ ডোলাৰ গাত পৰে৷ ৰাজীয়ে চুলি চুই থকা দেখা যায়৷ ইফালে সিফালে চাই হঠাৎ চুলিৰ পৰা ওকণি এটা আনি নখত থৈ কেটেপকৈ মাৰে৷ ডোলা সেই ওকণি মৰা শব্দটোত জাপ মাৰি উঠে৷ )

ডোলা: কিহৰ শব্দ ঐ?

ৰাজী: হাঁ, ক’ত শব্দ শুনিলি?

ডোলা: নহয় মানে কেটেপকৈ কিবা এটা শব্দ শুনা পালোঁ৷

ৰাজী: কি কাণ অ’ তোৰ? একো শব্দ হোৱা নাই৷

(ৰাজীয়ে মনে মনে প্ৰমাদগণে৷ এনেতে ডাক্তৰ উঠি আহি ডোলা আৰু ৰাজীক দেখি হাঁহি এটা মাৰে৷ )

ডাক্তৰ: কি হ’ল ডোলা? হাউ ইজ ইয়ৰ ফাডাৰ?

ডোলা: ন’ চেঞ্জ, ছাৰ৷

ডাক্তৰ: হেই, ডণ্ট কল মি ছাৰ৷ কল মি ৰুণজুন৷

ডোলা: অ’কে৷ (ডোলাৰ মুখত লাজৰ আভা এটা বিয়পি পৰে৷ ডাক্টৰে লাহেকৈ কয়৷ )

ডাক্তৰ: নহ’লে দেউতাৰাৰ কথাটো বাদ দিয়া৷ এনেয়েও ভাং টানি তোমাৰ দেউতাৰাই ভাং সহ্য কৰিব পৰা হৈছে৷ তোমাৰ দেউতাৰা এতিয়া শিৱৰ অৱতাৰ৷ (ডাক্তৰে নিজৰ ৰসিকতাত ৰস পাই নিজেই হাঁহে৷ )

ডোলা: তথাপি আপুনি ডাক্তৰ৷ কিবা এটা কৰক৷

ডাক্তৰ: ডণ্ট ৱৰী৷ ডিয়াৰ উইল বি ন’ প্ৰব্লেম৷ বিলিভ মি৷

ডোলা: আই বিলিভ ইউ ম’ৰ ডেন মাইচেল্ফ৷ (কথাটো কৈ ডোলাই লাজতে জিভাত কামোৰ মাৰে৷ ৰাজীয়ে মিচিকমাচাক হাঁহি থাকে৷ )

ডাক্তৰ: থেংকচ৷

(ডোলা আৰু ৰাজী প্ৰস্থান কৰে৷ ডাক্টৰে চকু দুটা মুদি দিয়ে৷ কল্পনাত তলৰ গীতটি তেওঁ ডোলাৰ সৈতে গাবলৈ ধৰে৷ )

“সপোনপুৰীৰ তুমি মায়া
জীৱনৰে তুমি ছায়া
মোৰেই তুমি যে কায়া
হৃদয় নাচে
তা তা ধেই ধেই ধেই ধেইয়া ধেইয়া৷ ”

তৃতীয় দৃশ্য: প্ৰেমাৰোহণ

দৃশ্যৰ আৰম্ভণিত মণিয়ে আওপুৰণি বন্দুক এটা তেল লগাই চফা কৰি থাকিব৷ মাজে মাজে মণিয়ে স্বৰ্গতোক্তি কৰিব৷

মণি: কি হ’ব এই বন্দুক লৈ৷ ভনীটোক বিচাৰি আজি অত বছৰ চলাথ কৰিলোঁ৷ একো উৱাদিহেই নাপালোঁ৷ এইফালে পিতাৰ ফোন৷   ফোনটো উঠালেই “জীৱনত একো নহ’ল, একো নহ’ল” বুলি চিঞৰি থাকিব৷ চাল্লা, কেতিয়াবা খং উঠিব৷ সোপাকে গুলিয়াই মাৰিম৷ (মণিয়ে মুখেৰে ’ধিচিউ, ধিচিউ’ ধৰণৰ এটা শব্দ উলিয়াব৷ এনেতে দুৱাৰত টোকৰ পৰিব৷ দুৱাৰ খুলিয়ে মণিয়ে এগৰাকী ধুনীয়া ছোৱালী মানে গীতাক দেখা পাব৷)

গীতা: হেল্ল’, আই এম এ ৱেলফেয়াৰ অফিচাৰ ফ্ৰম ব্ৰিটিছ কাউন্সিল৷ আই ৱানা ন’ ইফ ইউ নিড এনি হেল্প ফ্ৰম আচ ৰিগাৰ্ডিং ইয়ৰ টটেল ৱেলফেয়াৰ৷

মণি: কাণ্ট আণ্ডাৰষ্টেণ্ড ইউ৷ ডাজ ৱেলফেয়াৰ মিনচ ৱেলফেয়াৰ ফ আ বিং?

গীতা: নহয় মানে ডিছ ইজ আ নিউ প্ৰজে…

মণি: ৰ’ব, ৰ’ব আপুনি অসমীয়া নেকি?

গীতা: অ, আপুনিও অসমীয়া? হাউ ইণ্টাৰেষ্টিং!

মণি: আহ, ইমান ভাল লাগিল আপুনি অসমীয়া বুলি জানি! কওকচোন, আপুনি কেনেদৰে হেল্প কৰিব পাৰে?

গীতা: যিকোনো ধৰণৰ৷ আপুনি কওক খালি৷ অসমীয়া এজনক হেল্প কৰিব পাৰিলে মোৰ কেনে ভাল লাগিব!

মণি: এটা হেল্প কৰকচোন৷ কুম্ভমেলাত মোৰ ভণ্টি এজনীক সৰুতে আমাৰ পিতাই হোঁকা হুপি থাকোঁতে হেৰাইছে৷ এই দুজনমানৰ পৰা গম পাইছোঁ যে ব্ৰিটিছ কাউন্সিলত মোৰ ভণ্টিৰ নামৰ এগৰাকীয়ে কাম কৰি আছে৷ মই সেই ছোৱালীজনীক এবাৰ চাব বিচাৰিছিলোঁ৷

গীতা: ইউ মিন ৰিমী? অহ, তাই মোৰ ভনীৰ দৰে৷ ইনফেক্ট ব্ৰিটিছ কাউন্সিলত অকল আমি দুজনীহে অসমীয়া আছোঁ৷

মণি: অহ হাউ চুইট…

(গীতাই লাজতে তলমুৱা কৰি ৰয়৷)

চতুৰ্থ দৃশ্য: শব্দ বিতৰণ

(হোঁকা বুঢ়াৰ ঘৰত গাওঁবুঢ়া আৰু মহাজনক উত্তেজিত অৱস্থাত দেখা যায়৷ কাষতেই পিৰা এখনত বহি বুঢ়ী বহি থকা দেখা যায়৷ )

গাওঁবুঢ়া: অ’ বাপ, এই হোঁকা খোৱাটো তই বন্ধ কৰিবি নে গাওঁ এৰিবি? তোৰ হোঁকাৰ ধোঁৱাত আৰু গোন্ধত তোৰ ঘৰৰ আগেৰেও কোনো যাব নোৱাৰা হ’ল৷ সাৱধান কৰি দিছোঁ তোক ভালে ভালে হোঁকা খোৱা বন্ধ কৰ৷ আমাৰ গাঁৱৰ চলিপলি সোপাই তোক দেখি দেখি এইবোৰ শিকিব ধৰিছে৷ গাওঁবুঢ়া হৈ মই এইবিলাক মোৰ গাওঁখনত হ’ব দিব নোৱাৰোঁ নহয়৷

মহাজন: ঐ হোঁকা৷ মোৰ পৰা লোৱা বাকীৰ কি হ’ল? হোঁকা কিনিবলৈ নিয়া দহ টকাৰ সুদ বাঢ়ি একলাখ টকা হৈছে এতিয়ালৈ৷ মোৰ পইচা ঘূৰাই দিবি তই৷ নহ’লে এই হোঁকাটো ভাঙিমেই; ফাই উঠিব কিবা তোৰ বুঢ়ীজনীকেই দাঙি নিম৷

(হোঁকানী বুঢ়ীয়ে চোতাল সাৰি থকাৰ পৰাই মহাজন আৰু গাওঁবুঢ়ালৈ বেঁকাকৈ চাই কথা ক’বলৈ আৰম্ভ কৰে৷ উত্তেজনাত বুঢ়ীয়ে বাঢ়নি হাতত লৈ গালি আৰম্ভ কৰে৷)

হোঁকানী বুঢ়ী: ঐ গাওঁবুঢ়া, কি ক’বলৈ আহিছ? আমাৰ বুঢ়াই হোঁকা খোৱা বাবে গাঁৱৰ ছলি বেয়া হয়! চাল্লা, লাপুং বুঢ়া, তইচোন সেই গাঁৱৰ মূৰৰ ৰহিলা বাইৰ ঘৰত গেলাসোপা ধৰি দিনতে বাগৰি পৰ৷ আৰু তই মহাজন ওলাইছ? ফাই উঠিলে কি মোক  দাঙি নিবি? ঐ তোৰ বাপেৰৰো এই ডেমাকি নাই মোক দাঙি নিবলৈ৷ বেছি দেখুৱাবি এই নলীয়া কটাৰীৰে ডিঙিত ৰেপি মাৰিম৷ যা আঁতৰ হ’৷ নহ’লে বাঢ়নিৰ কোবত ত্ৰাহি বিভুৱন সুৱৰিবি দুয়োটাই৷

(হোঁকানী বুঢ়ীৰ ৰূপ দেখি মহাজন আৰু গাওঁবুঢ়াই লাহে লাহে সেই স্থান পৰিত্যাগ কৰে৷ হোঁকা বুঢ়াই আৱেগিক হৈ বুঢ়ীলৈ চাই থাকে৷ )

হোঁকা বুঢ়া: আই ঐ, আজি বৰ বচালি অ’ তই‌৷ এনেকৈ মোক তই সদায় ধৰি ৰাখিবি দেই৷ তোৰ মৰমতেই মই নিজকে  নিৰাপদ অনুভৱ কৰোঁ অ’৷ তোৰ এই মৰম মই কেনেকৈ সুজিম অ’৷ (হোঁকা বুঢ়া অলপ আৱেগিক হৈ পৰে৷ বুঢ়াৰ চলিহা পৰা চকুকেইটা আৰু বেছি চলচলীয়া হৈ যোৱা দেখা যায়৷)

হোঁকিনী বুঢ়ী: চুপ বুঢ়া! মই কি আগৰ কথাবোৰ পাহৰিছোঁ? সৌ যে ডেকাকালত যামিনী, ডামিনী, মধুগামিনীহঁতৰ লগত লীলা খেলা কৰি মোক পাহৰিছিলি, সেই কথা মই পাহৰা নাই৷ মনত পৰেনে যামিনীয়ে ৰন্ধা পাৰৰ মাংস খাবলৈ পাই এবাৰ মই ৰন্ধা দাইলৰ বাতিটো তই দলিয়াই দিছিলি? মধুগামিনীহঁতৰ ভনীয়েকৰ বিয়াত যাবলৈ নাপাই ফেঁকুৰি ফেঁকুৰি কান্দিছিলি?   লাপুং বুঢ়া, আজি মৰম চেলাবলৈ আহিছ? চিনি পোৱা নাই মোক? এই বুঢ়ীৰ খং উঠিলে কাকো সুদাই নেৰে৷

(বুঢ়ী গালি পাৰি পাৰি ভিতৰ সোমাই৷ বুঢ়ীয়ে খঙতে বাঢ়নিপাত চোতাললৈ দলিয়াই দিয়ে৷ বুঢ়াই সেইফালে এবাৰ চাই সেপঢুকি লয়৷ লগে লগে এই দৃশ্যৰ অন্ত পৰে৷ )

পঞ্চম দৃশ্য: পুনৰ মিলন

(বুঢ়াৰ পুতেক মণি আৰু মণিয়ে লগ পোৱা ছোৱালীজনীক বৃটিছ কাউন্সিলৰ কাৰ্যালয়ত দেখা যায়৷ খন্তেক পিছতে এগৰাকী ষোড়শী আহি বুঢ়াৰ পুতেকৰ ওচৰত আহি উপস্থিত হয়৷)

ষোড়শী: আপুনি, আপুনি কোন? আপুনি বোলে সেই হোঁকা বুঢ়াৰ পুতেক? হাউ ডু আই বিলিভ ডেট?

(ষোড়শীক দেখি মণি আৱেগিক হৈ পৰে৷ লাহেকৈ গাৰ চোলাটো ডাঙি পিঠিখন দেখুৱায়৷)
মণি: চা ভণ্টি, ময়ে সেই পুতেকটো৷ তই যে সৰুতে তোক জোকাওঁতে মোৰ পিঠিত কামুৰি দাগ বহুৱাইছিলি! সেই দাগ আজিও আছে৷ চা ভনী, চা৷

(মণি আৱেগত উচুপি উঠে৷ খোলা পিঠিখনত দাগটো দেখি ৰিমীও উচুপি উঠে৷ কঁপা কঁপা মাতেৰে মণিয়ে ক’বলৈ ধৰে…)

মণি: তই ক’ত আছিলি? কোনে ৰাখিছিল অ’ তোক ইমান দিনে? কচোন কুম্ভমেলাত তই কেনেকৈ হেৰাই গলি?

ৰিমী: দাদা, পিতাই হোঁকাৰ ধপাত বিচাৰি আঁতৰি গ’ল৷ ক’ৰবাত ধপাত পাই হোঁকা খাই পৰি থাকিল৷ মই পিতাক বিচাৰি চলাথ কৰিলোঁ৷ এনেতে এজন মানুহে মোক উদ্ধাৰ কৰিলে৷ তেওঁ এন আৰ আই আছিল৷ অসমৰ পৰা গৈ গ্ৰেট বৃটেইনত ব্যৱসায় কৰি আছিল৷ তেওঁৱেই মোক লৈ আহিল৷ সেই মানুহজন হ’ল এই বাইদেউৰ দেউতাক৷ (ৰিমীয়ে পুতেকে ইতিমধ্যে লগ পোৱা ৱেলফেয়াৰ অফিচাৰ মানে গীতাৰ ফালে আঙুলি টোৱাই দিয়ে৷)

মণি: (গদগদ কণ্ঠ এটা উলিয়াই) আপোনালোকৰ উপকাৰ আমি কেনেদৰে পাহৰিম?

গীতা: (লাজকুৰীয়া হাঁহি মাৰি) একো কথা নাই৷ হুঁম, আপুনি ইমান সৰল! মোৰ ভাল লাগিছে৷ কথা এটা কওঁ?

মণি: কওকচোন বাৰু৷

গীতা: আপোনাক মোৰ চিনাকি মোৰ মনৰ মানুহ যেন লাগিছে৷ আই লাভ…
(নেপথ্যত তলৰ গানটো ৰিমিক্সত বাজি উঠে)

“চিনাকি মোৰ মনৰ মানুহ
তোমাৰ বাবে জনম লভিলোঁঁ…”

(গানটোৰ লগে লগে মণিয়ে শ্ল’ মোশ্বনত নাচিবলৈ আৰম্ভ কৰে৷ ৰিমীয়ে দুয়োৰে হাতদুখন লগ লগাই দি হাততালি মাৰে৷)

ষষ্ঠ দৃশ্য: সুখত অৱগাহন

হোঁকানী বুঢ়ী: অ’ বুঢ়া, অ’ বুঢ়া৷ মইনাই মাইচেনাক বিচাৰি পালে বোলে অ’৷ দুদিনমানৰ পিছত সি বোলে তাইক লৈ আহিব৷

হোকা বুঢ়া: হাঁ, অ’ সি ক’ত পালে? ক’ত পালে তাইক?

হোঁকানী বুঢ়ী: কিবা বোলে ইংলেণ্ডৰ কিবা মিউনিচিপালিটিৰ অফিচত৷

(হোঁকানী বুঢ়ীৰ কথা শুনি ডোলা ওলাই আহে৷)

ডোলা: অ’ মা, মিউনিচিপালিটিৰ অফিচ নহয় অ’৷ বৃটিছ কাউন্সিলৰ অফিচ৷ তাতে আমাৰ সৰুৱে কাম কৰে৷

হোঁকা বুঢ়া: (আৱেগিক হৈ)  অহ অহ৷ কি ভাল খবৰ! অ’ আজিৰ পৰা মই হোঁকা নাখাওঁ৷ মই মোৰ মাইচেনাক বিচাৰি পালোঁ৷ যাঃ হোঁকা যাঃ৷ (বুঢ়াই হোঁকাটো দলিয়াই দিয়ে৷ তাকে দেখি ডোলাই খবৰটো দিবলৈ ডাক্তৰৰ ওচৰলৈ ঢাপলি মেলে৷)

অষ্টম দৃশ্য: সুখৰ কাৰণ

(হোঁকা বুঢ়াৰ ঘৰ উদুলিমুদুলি হৈ আছে৷ গাওঁ খনক প্ৰতিনিধিত্ব কৰি গাওঁবুঢ়া আৰু মহাজন আহিছে৷ হঠাৎ নঙলাৰ মুখত টুকটুকী ৰিস্কা এখন ৰৈছে৷ টুকটুকী ৰোৱাৰ লগে লগে ৰিমী দৌৰি আহি চোতাল পাইছে৷ )

ৰিমী: হোঁ মাই, হোঁ পিতা, হোঁ পিতা এ৷ অ’ বুকুৰ বাই৷

(হোঁকা বুঢ়াই লাহেকৈ থিয় দিয়া দেখা যায়৷ জীয়েকক দেখি বুঢ়াই চকুপানী টোকে৷ হোঁকোনি বুঢ়ীয়ে হেৰোৱা জীয়েকক সাৱটি ধৰি বুঢ়াক সুৰ ধৰি গালি পাৰিবলৈ আৰম্ভ কৰে৷)

হোঁকানী বুঢ়ী:       মান্নাই মাৰা বুঢ়া
হোঁকা খাবা নেৰা
কষ্ট কৰি জন্ম দিয়া
মোৰ ছলিক এৰা৷

(হোঁকা বুঢ়াই তলমূৰ কৰি মাত দিছে৷ )

হোঁকা বুঢ়া:     অ’ বুঢ়ী মাফ কৰ
আহ মোৰ গলত ধৰ
যোৱা আপী ঘূৰি আহিল
কোলাত লৈ মৰম কৰ৷

(এনে সময়তে হোঁকা বুঢ়াৰ পুতেকে গীতাক লৈ বুঢ়াৰ কাষত উপস্থিত হয়৷ পুতেকক হোঁকা বুঢ়াই সাৱটি ধৰে৷ হেৰোৱা জীয়েকক ঘূৰাই অনা বাবে হোঁকানী বুঢ়ীয়েও মণিক টপৰ টপৰকৈ চুমা খাই দিয়ে৷)

মণি: হোঁ পিতা, এওঁ গীতা৷ ধৰি ল’ এওঁকো পৰিয়ালৰ এটা৷
(হোঁকা বুঢ়া জাপ মাৰি দুফুটমান আঁতৰত গৈ মাত দিয়ে৷)

হোঁকা বুঢ়া: ঐ বাপা, মই  মোৰ মাইচেনাকহে হেৰুৱাইছিলোঁ৷ এইটো আকৌ কি কথা? এটাৰ লগত আৰু এটা ফ্ৰি নেকি? কাৰ মাইচেনা এইটো?

(মণিয়ে মুখ মেলাৰ আগেয়ে ৰিমীয়ে বুঢ়া-বুঢ়ীক গীতাৰ সম্পূৰ্ণ কথাটো কয়৷ তাই যে ককায়েকৰ বুকুৰ মাজত জ্বলে আৰু সিহঁতৰ হিয়া দিয়া নিয়া হৈ দুটা যে মৰম নদীৰ দুটা ঘাট হৈ পৰিছে, সেই সকলো কথাৰ বিৱৰণ দিয়ে৷ ডোলাই সকলোকে ঘৰলৈ আদৰি নিয়ে৷ ডাক্তৰৰ কথা ভাবি তাইৰো হিয়া ৰাইজাই কৰে৷)

নৱম দৃশ্য: দুষ্ট পতন

মহাজন: অ’ ককা, এতিয়াটো আৰু টকা-সিকাৰ কথা নাই৷ পুতেৰ-জীয়েৰ সকলো আহিল৷ মোৰ সুতৰ টকাকেইটা?

(হোঁকা বুঢ়াই হুমুনিয়াহ এটা কাঢ়ে৷ মণিয়ে বাপেকৰ দুৰ্গতি দেখি বেগটো খেপিয়াই বন্দুকটো বাহিৰ কৰে৷ )

মণি: ঐ কালান্তক মহাজন৷ ৰহ তোক গুলিয়াও৷

মহাজন: (বিদ্ৰূপৰ হাঁহি এটা মাৰি) মানে তোৰ আৰু স্বভাৱটো নগ’ল আৰু? এই যে বন্দুকটো দেখি থাকোঁ, সেইটো আজিলৈ নুফুটিলচোন৷ কি কৰিবি মোক সেইডালেৰে?

(মণিয়ে খঙতে বন্দুকৰ ট্ৰিগাৰত হাত দি ওপৰলৈ চাই গুলি ফুটাবলৈ চেষ্টা কৰে৷ দুবাৰমান চেষ্টা কৰাৰ পিছত গুলিটো ফুটে৷ মহাজনে সেমেনা-সেমেনিকৈ সেই ঠাই পৰিত্যাগ কৰে৷ )

গাওঁবুঢ়া: অ’ বাপ, তেনেহ’লে ময়ো আৰু যাওঁহে দেই৷ এ কথা এটা কাণে কাণে কৈ যাওঁ৷

(গাওঁবুঢ়াই হোঁকা বুঢ়াক কাণে কাণে কিবা এটা কয়৷ বুঢ়াই হাঁহি এটি মাৰে৷ অলপ পিছতে গাওঁবুঢ়াই হোঁকাটো সন্তৰ্পনে লৈ নঙলাৰ বাজ হয়৷ )

হোঁকা বুঢ়া: (মণিক কয়) যা, যা‌ অলপ জিৰণি লগৈ৷ মই সেই নঙলা লগাই আহি আছোঁ যা৷ আই, তয়ো যা৷ (পিছৰ কথাখিনি বুঢ়াই গীতিক উদ্দেশ্যে কৰি কয়৷)

(হোঁকা বুঢ়া আগবাঢ়ে৷ মণিয়ে গীতালৈ চাই মৰমৰ হাঁহি এটা মাৰে‌৷ কেমেৰা লাহে লাহে সম্প্ৰসাৰিত হয়৷ দূৰত ডাক্তৰে হোঁকা বুঢ়াৰ ঘৰলৈ বাটকুৰি বাই অহা দেখা যায়৷

হোঁকা বুঢ়াই সেইফালে চাই ৰয়৷

পৰ্দাত “দ্যা এণ্ড” ভাঁহি উঠে৷

——————————————————————–
(পৰিচালকৰ টোকা: চিনেমাখন পৰিচালনা কৰাৰ সময়ত চিনে ক্লাৱৰ বিখ্যাত পৰিচালক/নিৰ্দেশক সৰ্বশ্ৰী ৰামানুজ জি, সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য, ডলী তালুকদাৰ, ৰাজশ্ৰী কলিতা, শঙ্কৰজ্যোতি বৰা, ভাস্কৰজ্যোতি দাস আদিৰ পৰা পোৱা পৰামৰ্শ আৰু সক্ৰিয় সহযোগিতাত এই চিনেমাখনৰ কাহিনী ঠন ধৰি উঠে৷ একেদৰে ফটাঢোলৰ দুই জ্যেষ্ঠ সদস্য হেমন্ত কাকতি দা আৰু ৰিণ্টুমনি দত্ত দাৰ পৰামৰ্শও পৰিচালকক প্ৰেৰণা যোগায়৷

পৰিচালকৰ তৰফৰ পৰা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলোঁ৷)

☆ ★ ☆ ★ ☆

4 Comments

  • কমলা দাস

    এই খন চিনেমা দুবাৰ চালোঁ । ফাটাফাটি চিনেমা ।

    Reply
  • Rintumoni Dutta

    মই আজি তিনি নম্বৰবাৰ চালো, তামাম হৈছে। কেমেৰাৰ কাম অতি সুন্দৰ। নৱাগত অভিনেত্ৰী দুগৰাকীমানৰ অভিনয় খুব মনপৰশা হৈছে

    Reply
  • মহাজনৰ দুখত দুখী হৈছো

    Reply
  • আকৌ এবাৰ চিনেমাখনৰ সোৱাদ ললো ।বঢ়িয়া হৈছে ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *