ফটাঢোল

লেডীগেং লীডাৰৰ আদাম-টিজিঙ – ইন্দ্ৰাণী তালুকদাৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰিলোঁ। সৰুৰে পৰাই কটনত পঢ়াৰ হেঁপাহ মনতে পুহি ৰাখিছিলোঁ। কলেজলৈ গৈ প্ৰথম দিনাই বহুতো অচিনাকি মুখ দেখিলোঁ, অৱশ্যে সময় অতিবাহিত হোৱাৰ লগে লগে মুখবোৰ চিনাকি হৈ পৰিছিল। স্কুলত থকা সময়ছোৱাত মোৰ ল’ৰাৰ প্ৰতি এলাৰ্জী আছিল, গতিকে কলেজৰ প্ৰথম দিনটোত বহুতো ল’ৰা লগ পালোঁ যদিও মতাটো দূৰৈৰ কথা, চকুও নিদিলোঁ৷ ইকনমিক্সৰ ক্লাছত মোৰ পিছৰ বেঞ্চত বহা ল’ৰাৰ গ্ৰুপটোৰ এজনে এদিন সুধিলে,

: কি নাম তোমাৰ?

মই ঘূৰি চাই দেখিলোঁ বগা, জোঙা নাকৰ চশ্‌মিছ এজন। অহংভাৱ দেখাই কৈ উঠিলোঁ,

: মোৰ নাম নাই!

মনতে শংকা, জানোচা এইজনে যদি সুযোগ পালেই লম্ভে!

: অহ্‌ ৰিয়েলী? তোমাৰ মা-পাপাই একো নাম বিচাৰিয়ে নাপালে নেকি?

মই পিছৰপিনে মুখখন ঘূৰাই বিশেষ ভংগিমাত মুখখন বেকেটাই দিলোঁ।

: তেন্তে আজিৰ পৰা অনামিকা মাতিম?

তাৰ কথা শুনি মোৰ খঙে চুলিৰ আগ পালে। তাৰ পিছত সি কলেজৰ কেণ্টিনতেই হওক, লগা হ’লে বাছষ্টপতে হওক, মোক দেখিলেই অনামিকা বুলি চিঞৰা হ’ল। কাষেৰে পাৰ হৈ গ’লেই “কি নাম দি মাতিম, মাতিম তোমাক” গানৰ কলিটি গুণ গুণাই৷ পিছলৈ অৱশ্যে মোৰো ভাল নলগাও নহয়৷

যদিও দেখাত মোক নিমাখিত প্ৰাণী যেন লাগে৷ কলেজত পদাৰ্পণ কৰিয়েই ল’ৰা জোকোৱা কামটো শিকি ল’লোঁ। নল’মেই বা কিয়? সদায় ছোৱালীকহে জোকাব পাৰে নেকি! ক্লাছ অফ থকাৰ সময়ত আমাৰ লেডী গেংটোৱে চুডমাৰ্চন হলৰ আগত বহি ল’লোঁ। আজি কোন ল’ৰা আমাৰ পাল্লাত পৰে ঠিক নাই। কিছুপৰ বোন্দাপৰ দিয়াৰ পিছত এজন হেণ্ডচাম ল’ৰা আমাৰ কাষেৰে যাবলৈ ওলোৱাত, তাৰ টি- ছাৰ্টত থকা মিকিমাউছৰ ফটোখন দেখি আমি আটায়ে গিৰ্জনি মাৰি ক’লোঁ,

: বাহ্‌ ইমান ধুনীয়া লাগিছে মিকিমাউচটো৷ তাৰ খোজটো চা না, একেবাৰে লেদিজ টাইপ…….

আমাৰ কথা শুনি বেছেৰাৰ কাণ-মূৰ ৰঙা হ’ল, সি অহা বাটেৰে খৰধৰকৈ উভতিবলৈ লওঁতে কৈ উঠিলোঁ,

: বেগাই নাযাবা৷ পৰি যাবা৷ তোমাৰ কোমল ভৰিয়ে কষ্ট পাব।

মোৰ কথাত সকলোৱে গিৰ্জনি মাৰি হাঁহিলে। বেচেৰাক তাৰ পিছত বহুদিনলৈ দেখাৰ সৌভাগ্য হোৱা নাছিল।
কলেজৰ পৰা দুখোজ গ’লেই নেহৰু পাৰ্ক৷ ১৪ ফেব্ৰুৱাৰীৰ দিনা আমাৰ লেডী গেংটোৱে পাৰ্কত যোৱাৰ সিদ্ধান্ত ল’লোঁ। আমাৰ নিচিনা ছোৱালীৰ আৰু ক’ত ভেলেণ্টাইন দে! কলেজলৈ যোৱাৰ পৰাই দস্যুৰাণী ফুলন দেৱী টাইপৰ; গতিকে নিমাখিত, সুন্দৰী বুলি কোনোবাই আগ বাঢ়ে যদিও প্ৰপ’জ দিবলৈ আহি থৰকাচুটি হেৰায়। যিহেতু আমাৰ ইউনিফৰ্ম নাই, ক্লাছ বাঙ্ক মাৰি গ’লোঁ পাৰ্কলৈ। প্ৰেমৰ বিশেষ দিনটোত প্ৰেমিক যুগলবোৰে প্ৰেমালাপ কৰাত মত্ত। আমিও সিহঁতৰ কাষতে থিয় হৈ ফটোৰ বাবে পজ দিওঁ, দুই এজন ল’ৰাৰ ফালে চাই মিচিকিয়াই হাঁহিও দিলোঁ, “এনেয়ে ল’ৰা নাচনী, তাতে আৰু সুন্দৰী ৰমণীৰ মিচিকিয়া হাঁহি!” এজনে প্ৰেমিকাক পাহৰি আমাক চোৱাত মগন হ’ল আৰু সেই প্ৰেমৰ বিশেষ দিনটোতেই তেৰাৰ ব্ৰেকআপো হ’ল৷ পিছে ইয়াত ‘থৌড়ী’ না আমাৰ দোষ আছিল!

কলেজ পোৱাৰ লগে লগে সকলোৱে মুক্ত বিহংগৰ দৰে উৰিব খোজে, ম’ৰা চৰাই পেষম ধৰি ময়ুৰীক আকৰ্ষণ কৰিব খোজাৰ দৰে ল’ৰাবোৰেও ন-ন উপায় উদ্ভাৱনৰ কথা ভাবি থাকে। তেনে এটি একচনিয়া প্ৰেমৰ কথা আমাৰ লেডীগেংটোৱে গম পালে। তেৰাৰ ইকনমিক্স নথকাৰ পিছতো আমাৰ ক্লাছত বহি থাকে, নোট্‌চ্‌ লিখাৰ চলেৰে মোৰ কাষত বহিবলৈ আহে। এই অধমে সম্পূৰ্ণ এক সপ্তাহ পিছত প্ৰপ’জৰ বাবে অহাতহে জানিলোঁঁ, তেৰাই হেনো মোকে ভাল পায়, মোক নাপালে মৰি যাব! কিন্তু ক’তা, মইতো ভাল পোৱাৰ কথাই উল্লেখ কৰা নাই। তেৰাৰ মুখেৰে যিকেইটাহে কথা শুনিলোঁ, নিমিষতে মই লেডী গেং মূৰ্দাবাদ দি দিলোঁ।

আমাৰ লেডী গেংটোৱে হেনো মোৰ অলক্ষিতে তেৰাই মোক ভালপোৱাৰ কথা জানিছিল। তেৰায়ো মোক আকৰ্ষণ কৰিবলৈ লেডী গেংটোৰ পৰা টিপছ ল’লে, তাৰ বিনিময়ত সিহঁতে এক সপ্তাহ উদৰ পূৰাই কেণ্টিনত দকচি খালে। পকেট উদং হোৱাত তেৰাৰ মূৰৰ টিউব লাইটটো অৱশেষত জ্বলিল, আৰু আজি এয়া মোৰ সন্মুখত! কথাখিনি কওঁতে মই তেৰাক ক’লো‌ঁ,

: তুমি কি ল’ৰাহে? মুখামুখিকৈ কোৱাৰ সাহস নাই, আৰু প্ৰেম কৰিবলৈ ওলাইছা! এনেকুৱা পেন্‌পেনিয়া প্ৰেম মই নকৰোঁ দেই৷

বুলি দম দি কোনোমতে সাৰি ওলাই আহিলোঁ। ভজা মাছ চুৰি কৰি ধৰা পৰা মেকুৰীৰ দৰে চাৱনি দি চুপি চুপি চাই থকা লেডী গেংটোক দেখি, মুকেশৰ হিন্দী গানৰ কলিটি ওলাই আহিল, “দোস্ত দোস্ত না ৰহা……”

☆ ★ ☆ ★ ☆

13 Comments

  • বাসৱদত্ত দাস

    পাঠকসকল, ওপৰৰ ফটাপ্ৰেমভাগি পঢ়ি পঢ়ি এই কমেণ্টটোলৈ আহি পায়হি যদি এবাৰ মন দি নিমাখিত কমেণ্টদাতাজনৰ এই কমেণ্টটোতো চকু দুটা অলপ এনেয়ে ফুৰাই যাব । এই যে লেডী-গেঙৰ লীডাৰজনী, এইজনীয়ে যোৱা সাত বছৰ ধৰি মোৰ পৰা নিজৰ এইবিলাক সুকীৰ্তি লুকুৱাই ৰাখিছিল । আগেয়ে জনাহেঁতেন, বাপ্‌ৰে, এইজনীহেন সাংঘাতিক-মাৰাত্মক লেডী গব্বৰৰ ফটাপ্ৰেমত পৰাৰ আগতে শতবাৰ ভাবিলোঁ হয়, পৰ্‌ভু ! ঈভ্-টিজিঙৰ একচেতীয়া কাৰবাৰটো লʼৰাৰ পৰা কাঢ়ি একেবাৰে বিজনেছটোকে ন-ৰূপ দি আদাম-টিজিঙৰ নামত চলোৱা বাঘৰ আগ-তেল খোৱা আপী ঔ এইজনী !

    Reply
    • ইন্দ্ৰাণী তালুকদাৰ

      আইঔ দেহা! ইমান নিমাখিত প্ৰাণীটোৱে ইমান “হাৰ্ট এটেক” অহা কমেণ্ট যে দিব পাৰিছে; তাৰবাবে অশেষ ধন্যবাদ ?
      লগ পালে বাৰু এই কমেণ্টটোৰ বাবে এই লেডী গেঙৰ পৰা পুৰস্কাৰ পাব ??

      Reply
    • হিতেশ দাস

      লেডীগেং লীডাৰ আৰু আপোনাৰ সাহস দেখি ভাল লাগিল।

      Reply
      • ইন্দ্ৰাণী তালুকদাৰ

        ধন্যবাদ?

        Reply
    • অভিজিত কলিতা

      কালৰো কাল বিপৰীত কাল

      Reply
  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল। মোৰ লগত মিলিলে দেই।

    Reply
    • ইন্দ্ৰাণী তালুকদাৰ

      হাঃ হাঃ ….. হয় নেকি?

      Reply
  • দস্যুৰাণী ফুলনদেৱীৰ ফটাপ্ৰেমটো পঢ়ি ভাল পালোঁ‌।

    Reply
    • ইন্দ্ৰাণী তালুকদাৰ

      ধন্যবাদ

      Reply
  • HEMANTA KAKATI

    বাহ! কি গেং লীডাৰনী দেখোন! আমিও কটনত আছিলো ১৯৪৭ তে অৱশ্যে৷ আমাৰ পাল্লাত আকৌ বহুতকে গেং ৱাৰত ধৰাশায়ী কৰা ৰেকৰ্দ আছিল৷

    এনিৱে ভাল লাগিল৷ লিখি থাকিব৷

    Reply
    • ইন্দ্ৰাণী তালুকদাৰ

      হাঃ হাঃ……
      ধন্যবাদ ।

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    ব্ৰাপৰে ব্ৰাপ! সাংঘাতিক!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *