ফটাঢোল

অ আ ই…. অসমীয়াৰ আৱেগ ইত্যাদি – শিল্পাশ্ৰী দাস

অ-ফলাখন জানে নহয় আপোনালোকে! কথাও সুধিছোঁ চাওঁকচোন বাৰু ; অসমীয়া হৈ বাৰু অ-ফলা অথবা ক-ফলাখন নাজানিবনে ! নিশ্চয়কৈ জানে। অকল ময়েই নহয় আপোনালোকেও চাগেʼ আওৰাইছিল-

অ হ’ল অসমৰ প্ৰথম আখৰ,
অসমৰ অকণিৰ অসমতে ঘৰ।

অৱশ্যে নতুনচাম অথবা ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰাসকলে এই আমেজকণ নাপাবও পাৰে। অ ফলাখনৰ প্ৰসংগ ইয়াত এইবাবেই উল্লেখ কৰিলোঁ যে শিৰোনাম আৰম্ভ হৈছে অ, আ, ইৰে।

যিয়েই নহওঁক, এতিয়া আহোঁ লেখাটিৰ শিৰোনামত উল্লেখিত বিষয়টোলৈ। আৱেগ যেন আমি জন্মসূত্ৰেই লৈ আহোঁ। অʼ এইখিনিতে এটা কথা কৈ লওঁ যে, এই আৱেগক লৈ ইতিকিং কৰাৰ কোনো মানসিকতাই মোৰ নাই, অৱশ্যে নাই ধৃষ্টতাও। অপৈণত হাতেৰে কলম লোৱাৰ লগে লগে যি মনলৈ আহিল লিখিবলৈ বহিলোঁ। ক’ত এৰিছিলোঁ! অʼ, অʼ, আৱেগত। ইয়াক আমিবোৰৰ এক আভূষণ বুলি ক’লেও এয়া অত্যুক্তি নহ’ব নিশ্চয়। বাৰিষাকালত ব্ৰহ্মপুত্ৰই কাল ৰূপ ধৰি মথাউৰি ভাঙি বৈ যোৱাৰ দৰে, পাগলাদিয়াই অসময়তো ওফন্দি বৈ যোৱাৰ দৰে এই আৱেগো কেতিয়াবা পাৰ ভাঙি বাৰুকৈয়ে বয়।

মোৰ যেনেকৈ এটা এটাকৈ কথাবোৰ মনলৈ আহি আছে, আপোনালোকৰো আহিব নিশ্চয়কৈ। চাৎকৈ প্ৰথমেই মনত পৰা কথাটো হ’ল, আৱেগেৰে “মচনদ”-ও দখল কৰিব পাৰি। জাতি-মাটি-ভেঁটি ৰক্ষাৰ স্বাৰ্থতো আৱেগ আহে, আহিছিল। কত আশা, কত আন্দোলন। আৰু তাৰপিছত! তাৰপিছত জাতিৰ আৱেগ, মাটিৰ আৱেগ, ভেঁটিৰ আৱেগ। কোনোবা ৰজাঘৰীয়া হ’ল, কোনোবা প্ৰজাঘৰীয়া হ’ল, কোনোবা আকৌ অতীত হৈ গ’ল। মুঠতে, এই আৱেগ বোলা বস্তুবিধৰ বাবেই খেনোৱে বৰপীৰা পাৰি বহি ৰ’ল। পিছলৈ, সেইসৱৰ প্ৰজালৈ কিমান আৱেগ ৰ’ল, সেয়া আৰু নক’লেওঁ হ’ব। যি কি নহওঁক, সময় গৈ থাকিল, আমাৰ আভূষণবিধ কিন্তু একেই থাকিল। কেতিয়াবা নিজেই উটি যাওঁ, কেতিয়াবা আনৰ কথাত হয়ভৰ দি উটি যাওঁ। এই যে যিকোনো কথাত আৱেগে ভৰপক ৰূপ লয়, আকৌ সোনকালেই পাহৰিও যাওঁ বুলি নাম এটাও আমাৰ নথকা নহয় পিছে। আকৌ এটা কথাত আমাৰ নাম এটা আছে : যদিওবা সেয়া সদনাম নে বদনাম নিজেই ভাবি-গুণি ল’ব। আমি প্ৰতিভাশালী ব্যক্তিক জীয়াই থাকোঁতে উচিত মূল্য অথবা যথোচিত সন্মানখিনি প্ৰদান নকৰোঁ। কিন্তু তেওঁ নোহোৱা হোৱাৰ পিছত আমাৰ আৱেগে পাৰ ভাঙি বয় ; মৰণোত্তৰ বঁটা-বাহন, সন্মানৰ ঢল ভেঁটা ভাঙি বৈ আহে। মুঠতে, এয়াই আমি আৰু আমাৰ আৱেগ, যাৰ কথা কৈ থাকি কৈ থাকি ওৰকে নপৰে। বেছিকৈ ক’লে সাধুকথা শুনাৰ পিছত হোৱাৰ দৰে ইয়াতো আমাৰ কাপোৰ-কানি কʼলা হোৱাৰ ভয়ত অসমৰ আভূষণ আৱেগৰ ইয়াতেই মোখনি মাৰি দিলোঁ।

☆ ★ ☆ ★ ☆

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *