ফটাঢোল

কৌতুক – ধ্ৰুৱজ্যোতি বৰা

আমাৰ ৰামবিহাৰী নাপিত দিশপুৰৰ বহু কেইজন মন্ত্ৰীৰ পাৰ্চনেল নাপিত। মানে চুলি দাড়ি কাটিবলৈ হ’লে তাক ফোন কৰি মন্ত্ৰীসকলৰ আৱাস গৃহলৈ মাতি পঠায় আৰু সি গৈ চুলি-দাড়ি কাটি থৈ আহে।

এদিন এজন মন্ত্ৰীৰ চুলি কাটি থাকোতে, সি মন্ত্ৰীজনক শুধিলে
: চাৰ, আমাৰ দেশৰ ক’লা ধনবোৰ কেতিয়া ঘুৰি আহিব

মন্ত্ৰী : মই কি জানো!

অলপ সময় মনে মনে চুলি কাটি থাকি সি আকৌ শুধিলে

: চাৰ, আজি আমাৰ দেশৰ এই অৰ্থনৈতিক দুৰৱস্থাৰ বাবে দায়ী কোন?

এইবাৰ মন্ত্ৰীৰ খঙে চুলিৰ আগ পালেগৈ। চাল্লা তই মোৰ চুলি কাটিব আহিছ নে মোৰ ওপৰত এঙ্কুৱেৰি কমিচন বহাব আহিছ বুলি নাপিতক পুলিচৰ হাতত গটাই দিলে। পুলিচেও থানাত নাপিতক সোধ পোচ কৰোতে সি ক’লে,

: চাৰ মই এই ক’লাধন বা দেশৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে একোৱেই নাজানো। কিন্তু যিমানবাৰ মই মন্ত্ৰী চাৰক এই বিষয়ে সুধিছিলোঁ, সিমানবাৰ তেওঁৰ চুলি কেইডাল থিয় হৈ গৈছিল আৰু তেতিয়া মোৰ কাটিবলৈ সুবিধা হৈছিলে।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *