ফটাঢোল

ফটিকাৰ ফটা ঢৌ সোমৰসে চৌ চৌ – ধনজিত বৰুৱা

মাইমনে  যিদিনা মাৰি দিলে এনে এটি ডেন্স
কলা ছ্যুট-বগা ছাৰ্ট তাৰ দুচকুত কলা লেন্স
আগলৈ খোজেৰে পাছলৈ গ’ল
ৰেম্পৰ পৰা মাইমন পৰি ৰ’ল
নিচাত সিদিনা নাছিল হেনো তাৰ কোনো চেন্স

 

পাতাল ফাটি যেন সেয়া বাসুকী হে উলালে
দুই হাত ফণা কৰি এনেকৈ যে কোবালে
নৃত্য হল জোৰদাৰ
সকলো যে হুছিয়াৰ
নাগ-নাগিনৰ মিউজিক কোনে বাৰু বজালে

দেশ জাতি উদ্ধাৰ আমি কৰিম টিলিকি চাটত
বিদেশী খেদিম ঘুৰাই গদা বৰ কথাৰ মাতত
ঘূৰণীয়া মেজ মেল
জমিব এতিয়া খেল
আৰু এটা লৈ লম অলপ ৰখাবিচোন বাটত

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *