আজিৰ পৰা মেখেলাখন ইয়াতে তিয়াবি – নিশান্ত বৰদলৈ
: অাঐ, মৰতীৰ কি ভেম চাবা, একেবাৰে যেন লাট চাহাবৰ জী!
সাধাৰণতে মোৰ সন্মুখত তাইক কোনেও বেয়া শব্দ ক’ব নোৱাৰে বুলি মোৰ দৃঢ় বিশ্বাস আছিল। তেজ-মঙহৰ নহ’লেও তাই মোৰ হেঁপাহৰ ভনী। কেতিয়াবা গৰমত তাইৰ ঘৰৰ আগেদি পাৰ হৈ যাব খুজিলেও তাই পদূলিলৈকে দৌৰি আহে। মই এখন্তেক ৰওঁ মানে তাই ফোঁপাই-জোপাই মোলৈ নেমুৰ চৰবৎ এগিলাচ তৈয়াৰ কৰি আনে-
: দাদা,গৰমত বেছিকৈ ঘূৰি নুফুৰিবি, বেমাৰ হ’ব।
তাইৰ মুখলৈ মই তন্ময়তাৰে চাই ৰওঁ। ‘অসীমত যাৰ হেৰাল সীমা’ৰ চম্পা যেন তাইৰ মাত-হাঁহি। তাই মোৰ ভনী। মোৰ পত্নী অথবা মা অথবা অন্য কোনো চৰিত্ৰ মই তাইৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হ’বলৈ দিয়া নাই,ভৱিষ্যতেও নিদিওঁ। তাইৰ স্থান মোৰ পত্নী, ল’ৰা-ছোৱালীয়ে কেতিয়াও দখল কৰিব নোৱাৰে। অাচলতে কোনো সম্পৰ্কই নোৱাৰে। ভনী ভনীয়েই, ককায়েকৰ বাবে ভনীয়েক কি এই বিষয়ৰ কোনো মূল্যাংকন নাই! ইয়াক মাথোঁ অনুভৱ কৰিব পাৰি, এটা সংবেদনশীল মনে জুখি চাব পাৰি এই অনুভৱৰ বিশালতাক।
আজি বুধবাৰে আমাৰ ঘৰৰ কাষতে এখন হাট (বজাৰ) বহে। বুধবৰীয়া হাট। বজাৰলৈ গ’লে ভনীজনীৰ ঘৰৰ আগেদিয়েই পাৰ হৈ যাব লাগে। বজাৰলৈ ওলাই আহিছোঁ, পদূলিমুখলৈকে ৰজনজনাই আছিল তাইৰ শাহুৱেকৰ তৰ্জন-গৰ্জন। চাইকেলৰ পৰা নামি মই আগবাঢ়ি গ’লোঁ। শাহুৱেকে গালি পাৰি আছে, পুতেকে ফেনৰ হাৱা লৈ বহি আছে, ভনীয়ে উচুপি উচুপি পীৰা এখনত বহি আছে, কোলাত ১১মহীয়া পোৱালিটো। মই আঁতি-গুৰি নোলোৱাকৈ প্ৰসংগ সলোৱাৰ চেষ্টা কৰিলো-
: বৰমা অ’, ভালে আছেনে?
বৰমায়ে গালিৰ সুৰতেই মাত দিলে-
:আমাৰনো আৰু কি ভাল হ’ব? এই গলগ্ৰহবোৰ গোটাই লৈ শান্তি নোহোৱা হ’ল।
:অ’ বৰমা,এই ভৰ দুপৰীয়াখননো কাক বলকি আছে?
কথাষাৰ কোৱাৰ লগে লগে বৰমা দুগুণে চৰিল। মোৰ মূৰত প্ৰচণ্ড জোৰত হাতুৰীৰ কোব পৰিল। হকে-বিহকে ভনীজনীৰ বদনামেৰে মানুহগৰাকী টিঙিৰিতুলা হৈ উঠিল। কাঁহী-বাতিৰ পৰা, ঠাই মচা, চোতাল সৰা, আঁঠুমূৰৰ মেখেলাখনলৈকে বাদ নপৰিল। মোৰ দৃষ্টিৰে এইবোৰ কথা এখন কাজিয়াৰ বিষয় কেতিয়াও হ’ব নোৱাৰে, সেয়া মাথোঁ অলপমান বুজাবুজি আৰু সহযোগিতাৰ কথাহে।
আজিৰ কাজিয়াখনৰ মুখ্য কাৰণ আছিল ভনীৰ মেখেলাখন। তাই হেনো গা ধোৱা টিংটোত মেখেলাখন ভৰালে। নিজৰ পুতেকে একেটা টিঙতে পেণ্ট-অন্তৰ্বাসলৈকে ভৰাব পাৰে, কিন্তু বোৱাৰীয়েকে মেখেলাখন ভৰালে টিংটো চুৱা হৈ পৰে, অশুচি হৈ পৰে। আৰু তাৰ প্ৰতিবাদ প্ৰথম নাৰী এগৰাকীয়েই কৰে। মেখেলা মেলি থোৱা ডাংডালৰ তলেদি কোনোবা পুৰুষ পাৰ হৈ গ’লেই প্ৰথম নাৰী এগৰাকীয়েই চিৎকাৰ কৰি উঠে- ‘মেখেলাৰ তলেৰে কিয় সৰকিলি?’ অৱশ্যে আজিলৈকে মোক কোনেও এইষাৰ কথা কৈ পোৱা নাই, ক’লেও ইয়াৰ উত্তৰ (যি উত্তৰত কোনো প্ৰশ্নৰ অৱকাশ নাথাকে) মই সাজু কৰি ৰাখিছোঁ। নাৰীয়ে নাৰীৰ বাবে যিদিনা কান্দি উঠিব, সেইদিনাহে পৃথিৱীখন মানুহৰ হ’ব, তাত নাৰী-পুৰুষ বুলি কোনো কথা নাথাকিব।
আজি মই বিনা প্ৰতিবাদেৰে উভতি আহিছোঁ। ভনীজনীৰ সংসাৰত কেণা লগাৰ ভয়ত। তীব্ৰ ক্ষোভ আৰু হতাশাত এই প’ষ্টটো লিখি আছো। মোৰ এনে সন্দেহ হৈছিল- মানুহগৰাকীয়ে যেন নিজৰ ভনীজনীৰ লগতো মোক সন্দেহ কৰিব! তেজ-মঙহৰ নহয় যে।
বুধবৰীয়া হাটলৈ ঘৰুৱা বজাৰ কৰিবলৈ ৪০০ টকা লৈ আহিছিলোঁ। সেই পইচাৰে তাইক পানীৰ বাকেট এটা কিনি দি থৈ আহিছোঁ- ‘আজিৰ পৰা মেখেলাখন ইয়াতে তিয়াবি।’
☆ ★ ☆ ★ ☆
7:49 am
হৃদয় চুই গ’ল। বৰ ভাল লাগিল পঢ়ি।