সংখ্যাটোৰ আঁৰৰ কথা– ৰক্তাভ কুমাৰ
“এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি
ভৰি গ’ল বহল সাগৰ…
কণ-কণ বালি চাঁহী ইটে সিটে লগ লাগি
সাজি দিলে ধৰণী ডাঙৰ…..”
প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়ত বিনন্দ বৰুৱাৰ এই কবিতাটি আমাৰ সকলোৰে পঢ়া চাগেʼ মনত আছে। কবিতাটি আবৃত্তি কৰি গাবলৈ খুব শুৱনি আছিল। শ্ৰেণীকোঠাত শিক্ষকে যেতিয়া আমাক এই কবিতাটো পঢ়াই থাকি আকাৰে-ইঙ্গিতে বুজাই দিছিল আৰু তাৰ পাছে পাছে আমাকো অভিনয় কৰি কবিতাটো মুখস্থ কৰাইছিল, সেইদিন ধৰি আজিলৈকে এই কবিতাটো স্মৃতিৰ পৰা মচ খোৱা নাই।
কবিতাটিৰ আৰম্ভণিখিনিৰে “ফটাঢোল” আলোচনীখনৰ শাৰদীয় সংখ্যাৰ আঁৰৰ কথা লিখিবলৈ ওলোৱা এটা বিশেষ কাৰণ আছে। “একতাই যে পৰম শক্তি”, একতা থাকিলে যিকোনো কাৰ্য্য যে সমাপন কৰিব পাৰি, তাৰ মৌলিক শিক্ষা আমি বিদ্যালয়ত পঢ়ি থকা দিনতেই কবিতাটিৰ জৰিয়তে বুজিব পাৰিছিলোঁ। সেই একতাকেই সাৰোগত কৰি প্ৰায় তিনিবছৰ পূৰ্বে সামাজিক মাধ্যম “ফেচবুক”ত মনে মিলা মানুহকেইজনমানে উমৈহতীয়া প্ৰচেষ্টাৰে অসমীয়া হাস্য-ব্যঙ্গ সাহিত্যক ইউনিক’ডত তুলি ধৰাৰ যি প্ৰচেষ্টা হাতত লৈছিল, সেই প্ৰচেষ্টাই আজি ফচল যোগাবলৈ ধৰিছে। অসমৰ নহয়, ভাৰতৰ নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত থকা লোকসকলৰ মাজলৈ ব্যঙ্গ-সাহিত্যৰ যোগেদি আমাৰ মাতৃভাষাক সম্প্ৰসাৰণ কৰি লৈ যোৱা এই প্ৰচেষ্টা নিশ্চয় শলাগিবলগীয়া। অসমীয়া ব্যঙ্গ সাহিত্যক তথা অসমীয়া ভাষাক জীয়াই ৰাখি বিশ্ব-দৰবাৰত স্থান দিবলৈ অহোপুৰুষাৰ্থ কৰি, অশেষ কষ্ট স্বীকাৰ কৰি নিজৰ ব্যক্তিগত জীৱনৰ ইমান ব্যস্ততাৰ মাজতো “ফটাঢোল” ই- আলোচনীখনৰ কাৰণে প্ৰতিমাহে দিনে-ৰাতিয়ে কষ্ট স্বীকাৰ কৰি কাম কৰি যোৱা সেইসকল ব্যক্তি নিশ্চয়কৈ ধন্যবাদৰ পাত্ৰ। সকলো নমস্য ব্যক্তিলৈ মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
স্থান : শিল্পগ্ৰাম, গুৱাহাটী
সময়: ৩০ ছেপ্টেম্বৰ, ২০১৮
প্ৰথমবাৰৰ বাবে সামাজিক মাধ্যমত দিনে-ৰাতিয়ে ভাৰ্চুৱেলী লগ পাই থকা মানুহখিনিক সশৰীৰে দেখা পোৱাৰ সৌভাগ্য ঘটিছিল “ফটাঢোল” গোটৰ মীটত। হেমন্ত কাকতি দা, বিজয় মহন্ত দা, ৰিণ্টুমণি দত্ত দা প্ৰমুখ্যে গোটৰ প্ৰায়বিলাক জনপ্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিলোঁ। চা-চিনাকি, মাত-কথাৰে খুব ফূৰ্তিৰ এটি দিন পাৰ কৰি আহিবলৈ ওলোৱাৰ ঠিক আগে আগেই প্ৰেক্ষাগৃহৰ বাওঁফালৰ পৰা এজন ক্ষীণকায় কিন্তু ওখ ব্যক্তিক মোৰ ফালে আগবাঢ়ি আহি থকা দেখা পালোঁ। দূৰৰ পৰা তেওঁ হাঁহি এটা মুখত লৈ মোৰ ফালেই আহি থকা বুলি মোৰ বিশ্বাস হ’ল। মই অলপ সময় ৰৈ দিলোঁ। ঠিক মোৰ ওচৰ চপাৰ লগে লগেই নিজৰ সোঁহাতখন মোৰ ফালে আগবঢ়াই ক’লে,
: ৰক্তাভ হয়নে? মই ৰিণ্টুমণি দত্ত। গোটত তোমাৰ লেখাবোৰ পঢ়ি থাকোঁ। তোমাৰ লিখনিৰ ষ্টাইল বেলেগ। লিখি থাকিবা দেই, কলম নেৰিবা।
প্ৰতি-হেণ্ডশ্বেক কৰাৰ পিছত মিচিকিয়া হাঁহি এটাৰে তেওঁক সম্ভাষণ জনাই ময়ো তেওঁৰ কথাত সন্মতি জনাই তেওঁৰ পৰা বিদায় মাগিলোঁ। আচলতে তেওঁ নিজে মোৰ ফালে আগবাঢ়ি আহি মোৰ নিচিনা অপৈণত লেখক এজনৰ লেখাক প্ৰশংসা কৰি উৎসাহিত কৰি থৈ যোৱা কথাটোত মই অলপ আচৰিত যেন হ’লো, যদিওবা মনত এটা সতেজতাও আহিছিল কিন্তু তাৰ তুলনাত আচৰিত হোৱা ভাৱটোৰ ওজন পাল্লাত বেছি আছিল।
হয়, গোটত ৰিণ্টুদাই প্ৰায়বোৰ পোষ্টত কমেণ্ট কৰি মোক উৎসাহিত কৰিছিল, অকল ৰিণ্টু দাই নহয়, হেমন্ত দা, বিজয় দা, অভিজিত কলিতা দা, প্ৰণীতা বাহঁতেও সময়ে সময়ে উৎসাহ-প্ৰেৰণা যোগাই আছিল আৰু তেওঁলোকৰ উৎসাহতেই অপৈণত হাতেৰে হ’লেও কলম ধৰাৰ সাহসকণ কৰিছিলোঁ। কিন্তু মুখৰ আগত তেনেকৈ কৰা প্ৰশংসা সদায়েই বিশেষ। সেয়া আছিল ৰিণ্টু দাৰ সৈতে মোৰ সম্পৰ্কৰ আৰম্ভণি। তাৰ পিছত বিভিন্ন সম্পাদকৰ সম্পাদনাত ওলাবলগীয়া আলোচনীৰ বাবে লেখা বিচাৰি প্ৰতিমাহে তেওঁ মোলৈ মেছেজ পঠাইছিল আৰু তেওঁৰ অনুৰোধক সন্মান জনাই প্ৰায় প্ৰতিবাৰেই আলোচনীৰ কাৰণে লেখা যোগান ধৰি আহি আছোঁ।
স্থান : হৰিশিঙা ডাকঘৰ
সময় : ৰাতিপুৱা ১০ বাজি ৪৫ মিনিট
কম্পিউটাৰ স্ক্ৰীণত চকু ফুৰাই কাম কৰি থাকোঁতে ক’বই পৰা নাছিলোঁ মোবাইলত হোৱাট্চ্এপত এটা ফোন আহি আছিল। মোবাইলটোও চাইলেণ্ট কৰি থোৱা আছিল। ঠিক মোবাইলটো হাতত তুলি লৈ “কল বেক” কৰিব লওঁতেই আকৌ এবাৰ ফোনটো ভাইব্ৰেট কৰি উঠিল। স্ক্ৰীণত জিলিকি আছিল, “ৰিণ্টুমণি দত্ত কুৱেইট”। স্বভাৱসুলভ ভঙ্গীৰে ময়ো ফোনটো কাণত লৈ কথা হ’ব আৰম্ভ কৰিলোঁ,
: হয় ৰিণ্টু দা, কওক।
: অʼ ৰক্তাভ, মই ৰিণ্টুমণি দত্তই কৈছোঁ। (আগতেও দুই-এবাৰ ফোনত কথা পাতিছোঁ যদিও ৰিণ্টু দাই যিমানবাৰেই মোক ফোন নকৰে কিয় নিজৰ পৰিচয়টো দাঙি ধৰেই। এতিয়া পিছে নকৰে সেইটো।) বিশেষ কথা এটাৰ কাৰণে ফোন কৰিলোঁ তোমাক।
: অ দাদা, মই পার্থ দাক লেখাটো পঠাই দিম দিয়ক। তেওঁৰ কথা শেষ কৰিবলৈ নিদি ময়েই মাত দিলোঁ।
: নহয় ৰʼবা, সেইটো বাৰু হ’ব। আচলতে তোমাক এটা বেলেগ কাৰণতহে ফোন কৰিলোঁ। আমাৰ আলোচনীৰ অক্টোবৰ মাহৰ সংখ্যাটো তুমি চলাই দিব লাগিব এইবাৰ, পাৰিবানে?
কিবা এটা যেন অনুভৱ কৰিলোঁ, মই বাৰু যোগ্য নে? ইমান ডাঙৰ দায়িত্ব এটা পালন কৰাৰ বাবে তেখেতে মোকেই বিচাৰি পালেনে! কিন্তু তেওঁক না কোৱাৰ সাহস নহ’ল মোৰ, আচলতে ৰিণ্টুদাক না কৈ তেখেতক অপমান কৰাৰ লেখীয়া অনুভৱ হয়, কিয় নাজানো। সেয়েহে তেওঁৰ প্ৰস্তাৱটোক সন্মান জনাই মই ধনাত্মক সঁহাৰি এটা জনালোঁ। তাৰ পিছত হেমন্ত দাই ফোন কৰি কথাটো ফাইনেল কৰি লৈ অৱশেষত নিৰ্দিষ্ট সময়ত মোক অনুষ্ঠানিভাৱে সম্পাদক ঘোষণা কৰি আলোচনীৰ দায়িত্বভাৰ অৰ্পণ কৰিলে।
আলোচনীখন যদিও ই-আলোচনী, কাৰিকৰী দিশৰ পৰা আলোচনীখনত কৰিবলগীয়া বহু কামেই থাকে। বিভিন্ন শিতানৰ বাবে লেখা যোগাৰ কৰা, সম্পাদকীয়ৰ টোকা আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল সাক্ষাৎকাৰ ল’বলৈ বিশিষ্ট ব্যক্তি এজনক ঠিক কৰি লৈ তেওঁক লগ কৰাৰ অনুমতি বিচৰা আৰু তাৰ পিছত তেওঁৰ সাক্ষাৎকাৰ লোৱা। কামখিনি অকল তাতেই সীমাবদ্ধ নাথাকে, সাক্ষাৎকাৰ লোৱাৰ পিছত ভাগে ভাগে তাৰ টোকা লিখি সেইবোৰ আকৌ শেষত মিলাই লৈ সাক্ষাৎকাৰটো সাজু কৰোৱা ইত্যাদি এশ-এবুৰি কাম। সম্পাদক এজনৰ পক্ষে এইবোৰ কাম অকলে কৰাটো মুঠেও সম্ভৱপৰ নহয় যিহেতু আলোচনীখনৰ কাৰণে এখন সম্পাদনা মণ্ডলী গঠন কৰা হয় আৰু কামবোৰ ভগাই লোৱা হয়।
এইবাৰ আলোচনীখনৰ বিভিন্ন শিতানৰ কাম-কাজত মোক প্ৰথমৰ পৰাই অফুৰন্ত সহায়-সমৰ্থন আগবঢ়াই, প্ৰতিটো কাৰিকৰী দিশ ভালদৰে বুজাই সুকলমে কামবোৰ সম্পাদনা কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰা বাবে মই মোৰ পৰম শ্রদ্ধাৰ অভিজিত দত্ত দালৈ ধন্যবাদ আৰু সেৱা আগবঢ়াইছোঁ। তেখেত এনে এজন ব্যক্তি যিয়ে নেকি মাজৰাতি দুটা বজাতো মোৰ লগত সাৰে থাকি, আনকি মোতকৈ বেছি সময় সাৰে থাকি আলোচনীৰ কামখিনি সুচাৰুৰূপে আগবঢ়াই লৈ যোৱাত সহায় কৰিছে।
ইয়াৰ পিছত মই নাম ল’ব লাগিব ডলী তালুকদাৰ বাইদেউৰ। প্ৰথমে আমি ইণ্টাৰভিউ শিতানৰ বাবে অসমৰ স্বনামধন্য শিল্পী এজনৰ কাষ চাপিছিলোঁ। তেওঁক লগ ধৰিবলৈ যোৱা প্ৰায়কেইটা দিনত মই যেতিয়াই মাতিছোঁ তেতিয়াই মোৰ আৰু অভিজিত দত্ত দাৰ লগত ওলাই যোৱাৰ ব্যৰ্থ প্ৰচেষ্টাৰ পিছতো খুব ধৈৰ্যসহকাৰে যাৱতীয় বাকীবোৰ কাম-কাজত সহযোগিতা কৰাৰ বাবে তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখা যোগাৰ কৰাতেই অকল কাম শেষ নহয়, তাৰ পিছত লেখাবোৰৰ খুটি-নাটি মিলাই তাৰ বৰ্ণাশুদ্ধি কৰাটো আটাইতকৈ ডাঙৰ কাম আৰু এই কামটোত নিজৰ নিজৰ ব্যস্ত সময়সূচীৰ পৰা মূল্যৱান সময় কিছু উলিয়াই খুব সুন্দৰকৈ লেখাবোৰ চাই বৰ্ণাশুদ্ধি কৰি দিয়া বাবে মই এই চেগতে ছবিনা ইয়াছমিন বাইদেউ, প্ৰণীতা বৰঠাকুৰ বাইদেউ, পৰীস্মিতা বৰদলৈ বাইদেউ, ৰক্তিম প্ৰীতম দাস, মুনমুন সৰকাৰ, খনিন্দ্ৰ ভূষণ মহন্তৰ লগতে মোৰ ককাইদেউ বাসৱদত্ত দাসলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
তদুপৰি সাক্ষাৎকাৰটো লিখি সজাই মেলি সুন্দৰকৈ উপস্থাপন কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা বাবে মই এইছেগতে ৰাজশ্ৰী শৰ্মা বাইদেউ, অনুৰূপ মহন্ত দা, বাগ্মীতা ৰাজখোৱা বাইদেউ, নিলাক্ষী কাকতি বাইদেউ, অবিনাশ শৰ্মা আৰু কাজলপ্ৰিয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
বেনাৰত সহায় কৰা বাবে আৰাধনা বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আলোচনীখনৰ আটাইবোৰ কাৰিকৰী দিশত চকু ৰাখি আপ্ল’ডিং কৰা, লিংক কৰা ইত্যাদি বিভিন্ন কামত সহায় আগবঢ়োৱা বাবে শ্ৰদ্ধাৰ হেমন্ত কাকতি দা আৰু ৰিণ্টুমণি দত্ত দা, অভিজিত দত্ত দালৈ পুনৰ মোৰ শ্ৰদ্ধা তথা ধন্যবাদ যাচিছোঁ।
অঃ, ৰিমঝিম বাইদেউৰ কথা কেনেকৈনো পাহৰিব পাৰোঁ, সাংসাৰিক ব্যস্ততাৰ এটা গুৰুত্বপূৰ্ণ ক্ষণত আলোচনীখনৰ বাবে ফটাপ্ৰশ্ন যুগুতাই দিয়াৰ লগতে অন্যান্য কামত সহযোগিতা আগবঢ়োৱা বাবে বাইদেউলৈয়ো মোৰ আন্তৰিক ধন্যবাদ থাকিল।
শেষত, সম্পাদনা-মণ্ডলীৰ সমূহ সদস্যলৈ শুভেচ্ছা জনালোঁ। আশাকৰোঁ অনাগত সময়ত তেওঁলোকৰ ঐকান্তিক প্ৰচেষ্টাই আলোচনীখনৰ সৌষ্ঠৱ বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয় আৰু অসমীয়া ব্যঙ্গ সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত “ফটাঢোল” আলোচনীৰ জয়যাত্ৰা অব্যাহত থাকে।
সদৌ শেষত সকলো পাঠকক আৰু লগতে ফটাঢোল পৰিয়ালৰ সদস্যক শাৰদীয় দুৰ্গা পূজাৰ অভিবাদন জনালোঁ।
ধন্যবাদেৰে,
ৰক্তাভ কুমাৰ দাস
সম্পাদক
“ফটাঢোল” আলোচনী,
তৃতীয় বছৰ, চতুৰ্থ সংখ্যা।
☆★☆★☆
10:58 am
অভিনন্দন ৰক্তাভ। এখন সুন্দৰ আলোচনী পঢ়াৰ সূযোগ দিলা। অশেষ ধন্যবাদ তোমাক
11:29 am
অভিনন্দন ৰক্তাভ।সুন্দৰ শাৰদীয় সংখ্যা এটা আমাক উপহাৰ দিলা।
11:34 am
ভাল লাগিল সম্পাদকীয় ৰক্তাভ কুমাৰ।অভিনন্দন জ্ঞাপন কৰিলোঁ এটা সুন্দৰ সংখ্যা উপহাৰ দিয়াৰ বাবে।
11:42 am
বৰ ভালকৈ আলোচনীখন চলাই দিলা ৰক্তাভ! এসোপা শুভেচ্ছা আৰু অভিনন্দন!
12:44 pm
অভিনন্দন ভাই। সুন্দৰ সংখ্যা এটা উপহাৰ দিলা সকলোকে
12:46 pm
অভিনন্দন৷
12:47 pm
তোমাৰ কষ্ট সফল হৈছে। ধুনীয়া আলোচনী এখন দিয়া বাবে তুমি সচাঁকৈ ধন্যবাদৰ পাত্ৰ।
1:26 pm
অভিনন্দন ৰক্তাভ ….?
আলোচনীৰ হৈ অকণমান কিবা সহায় কৰিবলৈ সুযোগ দিয়াৰ বাবে তোলৈ অশেষ ধন্যবাদ আৰু মৰম থাকিল।
1:30 pm
অভিনন্দন জনালোঁ ভাই। বৰ সুন্দৰ হৈছে সংখ্যাটো
2:36 pm
ভালেকেইটা শিতান পঢ়িলোঁ ৷ ধুনীয়া হৈছে ৷
6:45 pm
সুন্দৰ ৰক্তাভ৷এটা সুন্দৰ সংখ্যা৷সুন্দৰ সম্পাদকীয়৷আজিহে পঢ়া আৰম্ভ কৰিছো৷
11:50 am
অভিনন্দন ৰক্তাভ, বৰ নিয়াৰিকৈ কামখিনি কৰিলা !