ফটাঢোল

ওলট-পালট – নাজিয়া হাচান

নমতা নমতি…

এক আছিল  যুৱক যুৱতী,

ন ন প্ৰেম পীৰিতি৷

কথাত লাগি এদিন দুয়োৰে,

লাগি গ’ল লঠিয়া লঠি৷

যুৱতীয়ে কলে ঠেং জোকাৰি,

তোৰ সৈতে শেষ পীৰিতি৷

নাহিবি আৰু তই মোৰ কাষলৈ,

কৰি দিম নাগুৰ নাগুতি৷

যুৱকেও কলে বাহু জোকাৰি,

বেছি নকৰ ঐ মৰতি৷

সদায় তোৰ বৰ বহাদুৰি,

আজিৰ পৰা কাটা কাটি৷

পিচদিনাখন খবৰা খবৰি,

দুয়োৰে নমতা নমতি৷

ৰাইজ থাকিল চকু থিয় কৰি,

কি হব শেষ গতি৷

☆ ★ ☆ ★ ☆

 

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *