ফটাঢোল

ৰূমমেট– মেঘালী দিহিঙীয়া

(১) সন্ধিয়া ৬ বাজি ৩০ মিনিট-

-“ঐ, বিকাজীৰ ভুজিয়াখিনি আছেনে শেষ হ’ল?”
-“আছে, কিয়?”
-“চাহ একাপ খাওঁ”
-“ৰ, মই বনাইছোঁ”
-“অঁ বনাচোন, আদা দিবি হাঁ। স্পেচিয়েলকৈ বনা।”

সন্ধিয়া ৭ বাজি ৫ মিনিট-

-“উৱা, চাহ ক’ত? আধাঘণ্টা লগাইছ যে ৰঙাচাহকণ বনাওঁতেই?”
-“অহ চ’ৰী চ’ৰী। একদম পাহৰি গৈছিলো। পত্ কে বনাই আনিছো ৰ, ৫ মিনিট।”

ৰূমমেটে খৰখেদাকৈ চেণ্ডেল চোঁচৰাই কিটচেনলৈ যোৱাৰ শব্দ। কাণত ফোনটো। সিমূৰত ‘বি এফ’।

(২) ৯ বাজি ১৫ মিনিট-

-“মই ভাত আৰু দালি বহাই দিছো, তই ভাজিখন বনাবি হাঁ। মাছৰ আঞ্জাখন তই বনালেহে খাবলৈ সোৱাদ হয়। মই মাছ বনাই বেয়া পাওঁ।”
-“হ’ব, তই যা। ভাতো ময়ে বনাম।”
-“নালাগে, ভাত-দালি মই বহাই দিছো। তই অকল মাছ বনালেই হ’ব।”
-“বাৰু তই পাতচোন, মই গৈ আছো।”

গাটো অকণ লৰচৰাইছে। কাণত ফোন৷ সিমূৰত ‘বি এফ’৷

(৩) ১০ বাজি ৩০ মিনিট-

ৰূমমেটে গেছত কেৰাহী বহাই ন-কইনাৰ স্পীডত পিঁয়াজ কাটি আছে। কাণত হেডফোন, পেণ্টৰ জেপত ফোনটো। সিমূৰত ‘বি এফ’। ৰক্ষা, ১১ মান বজাত খাবলৈ পাম চাগে।(দালি-ভাত চাগে তেনেই চেঁচা পৰিল)

(৪) ১১ বাজি ৩৫ মিনিট-

পেটে কৰকৰাইছে। ভাত-দালি-মাছৰ তৰকাৰী বনাই হৈ গৈছে কেতিয়াবাই। লাহেকৈ উঠিলো। কমদামী ন’কিয়া ম’বাইলটো টুকুৰা টুকুৰ হৈ অ’ত ত’ত পৰি আছে। বেটাৰী যদি বিছনাৰ তলত, কভাৰ গৈ দুৱাৰৰ চুকত। বুটলি আনি জোৰা লগাই টেবুলত থলো। চেমচাঙটো কেইবাবাৰো বাজি থকা শুনিছিলো, এতিয়ালৈ সেইটোও দৰক লাগি বহি আছে বিছনাৰ এচুকত। আঁৰ চকুৰে ৰুমমেটৰ বিছনালৈ চালো, গাৰুত মুখ গুজি তলমুৱা হৈ পৰি আছে। ইতিমধ্যে যুদ্ধ এখন হৈ গৈছে ফোনৰ ইপাৰে সিপাৰে। সদায়েই হয়, কিনো ডাঙৰ কথা।

-“ঐ ছোৱালী, উঠ। ভাত বাঢ়ো। ১২ বাজিবৰ হ’ল।”
-“মই নাখাওঁ, তই খাই ল গৈ যা।”
-“উৱা, কে’লৈ নাখাবি আকৌ? মাছ কি মই অকলে খাবলৈ আনিছিলো নেকি? ভাত বাঢ়োগৈ মই, ভালে ভালে উঠি আহ। থাপ্পৰ খাবি নহ’লে।”

……
-“আহ ঐ, ভাত খাহি। বাঢ়িলো।”
-“নাখাওঁ বুলি কৈছোনে? তই খাই ল বোলো, জোৰ কৰি নাথাক।”
-“চৰ লাগে? খা হি বুলিছো নহয়। ময়ো নাখাওঁ নহ’লে। তহঁতৰ কাজিয়া শুনি শুনি উদৰ পূৰাব নোৱাৰো নহয়”
(মুখখন বিকটাই)৷

আমন-জিমনকৈ উঠি আহি বাইদেৱে দুগৰাহমান খালে। মুখৰ মাত নাই। আধাতকৈ বেছি ভাত বেচিনত উটাই দি আকৌ বিছনাত পৰিলগৈ। এইফালে আমুকীৰ থালিত চেঁচাপৰা ভাত। বোন্দালগা মুখ চাই চাই কি ভাত খাবা আৰু! ৰূমমেটৰ থালীৰ দৰেই একেই দশা হ’লগৈ। আধাখিনি বেচিনৰ নলাত।

(৫) ১২ বাজি ৩০ মিনিট-

লাইট অফ্ কৰি বিছনাত পৰিছো। সিখন বিছনাত সাৰ-সুৰ নাই৷ শুলে চাগে৷ ম’বাইল দুয়োটা একে ঠাইতে দাঁত নিকটাই পৰি আছে৷ উহ্, ৰক্ষা৷ আজি ৰাতিটো অন্ততঃ ভালকৈ শুবলৈ পাম৷
‘গুডনাইট’

……………….

……………………..

সিখন বিছনাত খিলখিল হাঁহিৰ মাত। অলপ ফুচফুচনি, মাজে মাজে স্পষ্টকৈ দুষাৰমান লেনিয়াই মতা মৰমৰ মাত। পাঁচমিনিটৰ মূৰে মূৰে ফ্লায়িং কিছ্…
তাৰমানে ন’কিয়া টেবুলৰপৰা গৈ বিছনাৰ গাৰুত উঠিলগৈ৷ ৰূমমেটৰ কাণত ফোন৷ সিমূৰত ‘বি এফ’৷
নিজৰ ম’বাইলটো খেপিয়াই চালোঁ- ২ বাজি ১৫ মিনিট৷
টোপনি ভাগিল৷ উঠি আহি কিটচেন পালোহি। আধাপেটীকৈ শোৱাৰ বাবে পেটে যুদ্ধংদেহী ৰূপ লৈছে৷

বিস্কুটৰ টেমাটো ক’ত?
বিকাজী ভুজিয়াৰ পেকেটটো ক’ত?
.
.

অন্ ফোন প্ৰেমালাপ আৰু ফ্লায়িং কিছ্ ৰ দপদপনিত গমগমাই থকা ৰুমৰ বিছনাত টোপনি ক’ত?
উফ্…

★★★★

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *