ফটাঢোল

আপদীয়া পদ্য – সূৰুয আকাশ পাঠক

ভঁৰালত ধান নাই, কৃষকৰ মান নাই,

ফকীৰৰ জনধনে তেজকনো শুহি খায়,

দেশৰ সুৰক্ষাৰ যুঁজাৰু বিমানখন

নেমুৱে বছালেহে দেশ ৰ’ব এইবেলা…

সত্তৰ বসন্ত ধৰি লুটাবোৰে লুটি নিলে,

নিয়াবোৰ চোৰ বুলি সকলোৱে চিনিও পালে,

পিছে চোন এতিয়াও জিডিপিৰ ঘাটি হ’লে

তাহানিৰ চোৰকহে ঠেলি-হেঁচি চিতাত তোলে!

বেপাৰীক বেপাৰী বুলি কোৱাবোৰ গ’লগৈ

জেল খাটিছে কিছুৱে, কিছুৱে পালে সিপুৰী,

বাংলাদেশীহে তেৰাৰ মুখ্যমন্ত্ৰী হ’লগৈ,

ত্ৰিপুৰাত অৱশ্যে আছেইনো কেইজন ত্ৰিপুৰী!

ৰাজহৰ ধনে কিনা শাৰী শাৰী ঠোঙা আৰু

ভেনামাখিজাক যেন কেমেৰাৰ দ’ম দেখি

আগ-গুৰি নাজানিও স্পষ্টকে ক’ব পাৰি

আগৰবোৰৰ দৰে এই আচনিও যে ফোঁপোলা!

কেমেৰাৰ মুখেচোন লানি লাগি পৰি আছে

আটোমটোকাৰী সৌৱা জাবৰৰ টোপোলা,

স্বয়ম্ভূ ফকীৰে আহিহে কৰিব চাফা

সাগৰতীৰতো কিবা বেপাৰহে হ’বলা!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *