ফটাঢোল

কৌতুক – ডা° পাৰ্থসাৰথি ভূঞা

কালি সন্ধিয়া মিঠাইৰ দোকান এখনত সোমাই চেলছমেনজনক কেইটামান কাজু বৰফি পেকিং কৰি দিবলৈ কলোঁ৷ তেনেতে অনা অসমীয়া ল’ৰা এজন সোমাই আহি চেলছমেনজনক পাঁচটা কালাকন দিবলৈ হিন্দীতে ক’লে৷

চেলছমেনজনে পেকেট এটা লৈ কাজু বৰফি ভৰাবলৈ ধৰা দেখি তেওঁ ক’লে,

: কাজু বৰফি নেহী ভাইয়া, কালাকন কালাকন৷

বৰফিকেইটা ভৰাই ভৰাই চেলছমেনজনে গহীনত উত্তৰ দিলে,

: য়ে ’বেলেগ’ কা হে৷

সেই ‘বেলেগ কা’ মানে যে বেলেগৰ অৰ্থাৎ মোৰ বাবেহে দি আছে বুলি তেওঁ বুজাব খুজিছে, তাক বুজি পাবলৈ মোৰো ৩০ চেকেণ্ড মান লাগিল!

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *