ফটাঢোল

কৌতুক – ববিতা বৰুৱা 

সি: কি হ’ল হে মুখখন ফুলাই আহিছা যে?

তাই: কি হ’ব আৰু পুলিচ চেকিং চলি আছিল ফাইন কাটি আহিছোঁ৷

সি: কিয়? তোমাৰটো হেলমেট আছে, লাইচেঞ্চ আছে৷ সেইদিনা 5 ঘণ্টা শাৰী পাতি তোমাক প’লুচনখন উলিয়াই দিলোঁ৷ এতিয়া তুমি কিহৰ বাবে ফাইন দিব লগা হ’ ল৷

তাই: মই লাইচেঞ্চ নাই বুলি কলোঁ

সি: কিন্তু কিয়? তোমাকটো লাইচেঞ্চ আছে৷

তাই : সেইখন মই নেদেখুৱালো৷ লাইচেঞ্চ খনত থকা মোৰ ফটোটো ভাল হোৱা নাই৷ সেইখন ফটো মই কেনেকৈ দেখাও তুমিয়ে কোৱা চোন৷

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *