ফটাঢোল

WhatsApp ৰ নম্বৰটো – দেবজিত শৰ্মা

ঘটনাতো 3G ৰ স্বৰ্ণীল যুগ চলি থকা সময়ৰে৷ তেতিয়া স্মাৰ্ট ফোনে প্ৰসাৰ লাভ কৰিছে যদিও এতিয়াৰ দৰে ইমানবোৰ ব্ৰেণ্ড বা মডেল উপলব্ধ হোৱা নাচিল৷ মোৰ তেতিয়া এটায়েই ফোন নম্বৰ, এয়াৰটেলৰ৷ মাহে ১৫০০ টকা ৰেণ্টেলত ৩ জিবি ডাটা পাওঁ৷ এতিয়াৰ দৰে ডাটা এভেলভেল নহয়৷ WhatsApp ত লাহে লাহে অফিচৰ গ্ৰোপ আৰু আপডেটবোৰ আৰম্ভ হৈছে৷ এইখিনি সময়তে স্মাৰ্ট ফোনৰ প্ৰথম অৱতাৰ হিচাপে মোৰ হাতত ধৰা দিয়া ব্লেকবেৰি ফোনটো বেয়া হৈ গ’ল৷ মেৰামতি কৰাৰ পৰিবৰ্তে Samsung ৰ নতুন ডুৱেল চিমৰ মবাইল এটাকে লোৱাটো ঠিক কৰিলোঁ৷ মবাইলটো কিনাৰ দুদিনমান পাছতে আমাৰ জাগীৰোড মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন দিৱস আছিল৷ তাত গৈ নিজতকৈ দুটা বৰ্ষ তলৰ ভাইটি এজনক পালোঁ, এয়াৰচেলৰ চিম বিক্ৰী কৰি আছিল৷ তাৰ অনুৰোধত এয়াৰচেলৰ চিম এটা ল’ব লগা হ’ল৷ সেইখিনি সময়ত ফোন কলৰ বাবে এটা নম্বৰ আৰু whatsApp ৰ বাবে অন্য এটা নম্বৰ ৰখাৰ ব্যৱস্থাটো আৰম্ভ হৈছে মাত্ৰ৷ ময়ো “বেহতি গংগা“ত হাত ধোৱাৰ প্ৰয়াসেৰে WhataApp ৰ নম্বৰটোত নতুন নম্বৰটো দি এক্টিভ কৰিলোঁ৷ ইয়াৰ পাছতেই আৰম্ভ হ’ল এক কৰুণ অধ্যায়, যি শুনিলে আপোনাৰো চকুৰে চকুলো ব’ব৷

নতুন নম্বৰটো এক্টিভ হোৱাৰ তিনিদিন মান পাছত মোৰ মবাইললৈ এটা অচিনাকি নম্বৰৰ ফোন আহিল৷ নতুন নম্বৰটো দুই এজনৰ বাদে বেলেগক দিয়া হোৱা নাচিল, গতিকে অলপ Confused হৈয়ে ফোন ’ৰিচিভ’ কৰিলোঁ৷ লগে লগেই সিফালৰ পৰা এটা সিক্ত, ক্ৰন্দনপ্ৰায় কণ্ঠয়ে “ আৰু কিমান কষ্ট দিয়া মোক জান! এই ৭ মাহ কিমান যন্ত্ৰণাত আছো মই, কি বুজিবা তুমি! এবাৰো মনত নপৰিল নে মোলৈ? “ লগে লগে গাত হাই পাৱাৰৰ বিদ্যুতৰ ভল্টেজ পাৰ হৈ যোৱা যেন লাগিল৷ “হাৰে, মই নিজৰ চেলচৰ টিমটোৰ মানুহকে গালি নিদিওঁ, এইজন কোন আহিল মোক কাৰণে কষ্ট খাই থকা”

কোনোমতে ধাপলাং খাই পৰাৰ পৰা নিজকে ৰক্ষা কৰি যিমান পাৰি গহীন আৰু গম্ভীৰ মাত এটাৰে মই “হেল্ল! আপুনি কাক বিচাৰি ফোন কৰিছে?”

সিফালৰ পৰা “মই **বীক বিচাৰিছো৷ তাইক ফোন দিয়ক”

মই (ইতিমধ্যে হয় ৰং নাম্বাৰ বা ফোন কৰাটোৰ মাথাৰ ফিউজ উৰিল বুলি নিশ্চিত হৈ) “চাওঁক, মই দেবজিত শৰ্মা, এইটো নম্বৰ চাৰিদিন মান আগতে লৈছো৷ আপুনি বিচৰা গৰাকীৰ নম্বৰ এইটো নহয়”

সিফালৰ পৰা “নহয়, নহয়৷ যোৱা ৭ মাহ আগলৈকে এইটো নম্বৰতে ফোন কৰি কথা পাতিছো৷ লগ ধৰিছো, আপুনি ক’লেই হ’ব নে! প্লিজ, তাইক নাপালে মোৰ চব শেষ৷ এবাৰ ফোনটো দিয়ক তাইক”

ইয়াৰ পাছত বহুত বাৰ বুজালো যদিও বপুৰাই বুজাৰ নামেই নলয়! অৱশেষত অতিষ্ঠ হৈ ফোন কাটি নম্বৰটো “ৰিজেক্ট লিষ্ট“ত এড কৰি দিলো৷ ফোনত নোপোৱাৰ পাছত এইবাৰ ধাৰাসাৰ মেচিনগানৰ গুলিৰ দৰে মেচেজ দিবলৈ আৰম্ভ কৰিলে৷ একেবাৰে পাটৰ কাপোৰৰ পৰা, বিগ বাজাৰৰ সন্মুখত ফুচকা খোৱালৈকে! উপায়হীন হৈ চিমটোকে দুদিনমান খুলি থৈ দিলোঁ৷

চিমটো লগোৱাৰ পাছত একেই ঘটনাৰ পুনৰাবৃত্তি৷ এইবাৰ পিছে আৰু চাৰিজন মান নায়কৰ প্ৰবেশ ঘটিল! এজনে যদি ৰেৱতী চাট হাউচৰ স্মৃতিক ৰোমন্থন কৰি কান্দে, আন এজনে আকৌ উমানন্দৰ শিলত বহা সময়ৰ স্মৃতিচাৰণ কৰে! এজনতো এখোপ আগুৱাই গৈ আঙুঠিৰ জোখ লোৱাৰ কথা কৈ মোকো ইম’শ্যনেল কৰি দিলে৷ ইমানখিনি সময়লৈ ময়ো বুজি গৈছিলো মই নতুনকৈ লোৱা নম্বৰটো কোনোবা *বীৰ নামত আগতে আছিল আৰু তেখেতৰ অন্তৰখন বৰ বিশাল আছিল৷ উল্লেখযোগ্য যে এই সকল বিৰহী প্ৰেমিক সন্থাৰ ফোনটো এবাৰ ’ৰিচিভ’ কৰাৰ পাছতেই “ৰিজেক্ট লিষ্ট“ত ঠাই দিছিলো আৰু পৰবৰ্তী সকলো “দেৱদাসৰ দিনলিপি“ মেচেজতে আহিছিল৷ দিনটোৰ অফিচৰ ব্যস্ততা, টাৰ্গেটৰ প্ৰেচাৰৰ মাজত এইবোৰে সঁচাকৈয়ে বিৰক্তিৰ সৃষ্টি কৰি দিছিল৷ অৱশেষত এই সকলোবোৰে এদিন চৰমসীমা অতিক্ৰম কৰিলে যিদিনা এজনে নতুন এটা নম্বৰৰ পৰা ফোন কৰি যেনেতেনে *বীৰ লগত কথা পতাই দিবলৈ ক’লে অন্যথা হেনো ঘৰৰ মানুহে বেলেগত বিয়া ঠিক কৰিব আৰু সি কৈ দিছে *বীৰ বাদে আন কাকোৱেই বিয়া নাপাতে! খঙত একো নাই হৈ তাক সেই মুহূৰ্ততে যোৰহাটৰ বৰুৱা চাৰিআলিত আহিব দিলো৷ “আহ তই, পিঠি বহল হৈ যোৱাকৈ কোবাম! চিনি পোৱা নাই মোক৷ তোৰ নম্বৰ এতিয়াই থানাত দি আছো, তোৰ লগতে ঘৰৰ মানুহকো ভৰাম৷ আৰু…” টুট টুট কৈ ফোনটো কাট খাই গ’ল৷ ইয়াৰ পাছত বাকী সকলকো মেচেজত আজিৰ পৰা *বীক বিচাৰি ফোন কৰিলে থানাত FIR দিম বুলি মেচেজ দিলো৷ কোনেও একো উত্তৰত নক’লে যদিও, তিনিদিন পাছত এজনে সৰুকৈ ৰিপ্লাই এটা দিলে “But, I still love you **বী”

বহুত ভাবি চিন্তি এইবাৰ সকলোৰে নাম চাদী ডট কমত ৰেজিষ্টাৰ কৰি দিলোঁ৷

অৱশ্যে ইয়াৰ পাছৰ পৰা ফোন বা মেচেজ অহা বন্ধ হ’ল৷ সেই নম্বৰটো তেতিয়াৰ পৰা আজিলৈকে WhatsApp নম্বৰ ৰূপে ব্যৱহাৰ কৰি আছো৷

( সম্পূৰ্ণ সঁচা ঘটনাৰ আলমত)

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *