ফটাঢোল

যাত্ৰা – প্ৰসেনজিৎ গোস্বামী

প্ৰথম স্তৱক—

শাৰদীয় সুন্দৰ এদিন আবেলি পানবজাৰৰ পৰা জালুকবাৰী অভিমুখে চিটিবাছত উঠিলোঁ। দুজনীয়া ছিট এটা খালী দেখি  খিৰিকীৰ ফালৰ ছিটটোত বহি দিলোঁ। ভালেই লাগিল মনটো ছিটটো পায়। “মনমে লাড্ডু ফুটা”, কাৰণ বাহিৰ ফালে ব্যস্ত মানুহবোৰ চাই গৈ অন্তত যাত্ৰাৰ সময়কণ খেদাব পাৰিম। সদা বহ্নিমান ব্ৰহ্মপুত্ৰখনৰ কথা ভাবি  আহি আছোঁ ক’ৰ পানী ক’লৈ  যায়। এনেতে ফাঁচীবজাৰ ষ্টপেজত গাড়ী ৰখাওঁতে ধুনীয়া ছোৱালী এজনী বাছত উঠিল আৰু উঠিল মানে কাষৰ খালী থকা অংশত আহি বহিল। মোৰ ভাল লগাখিনি দুগুণ বাঢ়ি গ’ল, “কিউ কি মনমে দুচৰা লাড্ডু ফুটা”।  বুজিলোঁ অলপ আগতে শুক্লেশ্বৰত বাবাক কৰা সেৱাৰ প্ৰতিদান। মাছখোৱাত কনডাক্টৰে ভাড়া ল’লে, দুইজনেই দিলোঁ জালুকবাৰীলৈ বুলি। সুন্দৰীৰ গন্তব্য স্থান গম পাই আৰু ভাল লাগিল অন্তত জালুকবাৰীলৈ একেলগতে যাব পাৰিম “মনমে টিছৰে লাড্ডু ফুটা”। একো নাভাবি শাৰদীয়  উতনুৱা মনৰ গতিবেগ বঢ়াই ভৰলু মান পাওঁতে কথা বতৰা আগ বঢ়ালোঁ। কি পঢ়ে, ক’ত পঢ়ে, ময়ো কলোঁ। ভৱিষ্যতে কি হ’ব বিচাৰে ইত্যাদি ইত্যাদি। মোৰ গতিবেগ অলপ বেছিয়েই  হ’ল নেকি অলপ বিৰক্তি পোৱা যেন অনুমান কৰিলোঁ। কাৰণ তেওঁ ঘনে প্ৰতি মোবাইল চোৱা আৰু চাটিং কৰা আৰম্ভ কৰিলে মোবাইলত। ওঠৰ কোণত মিচিকি মিচিকি হাঁহি বিৰিঙিছে মাজে মাজে। নিশ্চয় আপোনজনৰ লগতেই চাটিং হ’ব।  মনটো অলপ ডমি গ’ল “মানকা ছভি লাড্ডু  বিখৰ গয়া”। কিন্তু মনৰ ভাব নেদেখুৱাই খিৰিকীৰে বাহিৰ ফালে চাই আহি থাকিলোঁ। মনতে ভাবিলোঁ, বাবাই দিলেও নিলেও। বাবা, কিয় বাৰু মোৰ লগতহে এনেকুৱা হয়।

দ্বিতীয় স্তৱক-

কিন্তু হঠাৎ এনে এটা হ’ব ভবাই নাছিলোঁ। ঠিক ভূতনাথৰ স্পীড ব্ৰেকাৰ পাৰ হৈছোঁ হে, ইমান বিকট গোন্ধ। ভাগ্য ভাল খিৰিকী মুখত বহিছিলোঁ বুলি হে… গোন্ধত ওকালি আহি গৈছিল। কথাটো বুজিলোঁ, কিজানি সুন্দৰীয়ে বাছত উঠাৰ আগে আগে প্ৰিয়জনৰ লগত ফাষ্ট ফুডত বহি দকচি আহিছে আৰু এতিয়া পেটৰ ভিতৰত ফাষ্ট ফুডৰ গেছীয় আয়তন বাঢ়ি যোৱাত সন্তৰ্পনে নিৰ্গমন কৰি দিছে। তায়ো কম ভকত নহয়। কাণ্ডটো যে তেৱেঁই কৰিছে আৰু মই অনুমান কৰিব পাৰিছোঁ বুলি অনুভৱ কৰি অলপো বিব্ৰত নহৈ মোবাইলতে ব্যস্ত দেখুৱালে যেন জগতত কি হৈছে একো নাজানে।

তৃতীয় আৰু শেষ স্তৱক—

যিহেতু তেৱোঁ জানে আৰু ময়ো জানো যে দুইজনৰে গন্তব্য স্থানৰ অন্তিম স্থলী জালুকবাৰী। গতিকে বুদ্ধিমতীয়ে কাৰ্যক্রমণিকাটোৰ প্ৰভাৱ পাতলাবলৈ বুলিয়েই কিজানি চেষ্টা এটা কৰিলে—-

সুন্দৰী- আপোনাৰ ভাই ককাই কেইজন?

&&&&&&

মই ——-

“তোমাৰ পাদত যদি নমৰোঁ মোৰ সৈতে ভাই ককাই তিনিজন।”

☆ ★ ☆ ★ ☆

13 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *