য়ে দিল তুম বিন – ডা°পার্থসাৰথি ভূঞা
দুদিনমানৰ পৰা নেৰানেপেৰা বৰষুণ দি আছে। এনে বতৰত মোৰ এটা ভাল লগা কাম হৈছে পুৰণি গীত শুনা। কম্পিউটাৰ মেৰামতিৰ দোকান থকা ল’ৰা এজন মোৰ চিনাকি। তেওঁক মাজে মাজে পেন ড্ৰাইভ এটা দি পুৰণি হিন্দি চিনেমাৰ গান ভৰাই দিবলৈ কওঁ। এনে বতৰত সেই গানবিলাক শুনি বৰ ভাল লাগে। পেন ড্ৰাইভটোতে থকা এটা গান বহু দিনৰ পাছত শুনিলোঁ। ইজ্জত নামৰ চিনেমা এখনৰ লতা মংগেস্কাৰ আৰু মহম্মদ ৰফিৰ কণ্ঠত “য়ে দিল তুম বিন কহি লগতা নেহী হম ক্যা কৰে, টছববোৰ মে কই বছটা নেহী হম ক্যা কৰে…”
সঁচাই খুব সুন্দৰ গান। মোৰ পিচে এটাই বিপদ গানবিলাক শুনিলে তাৰ লগত মিলা চিকিৎসা সম্পৰ্কীয় কথাবিলাক মনলৈ আহে। কিছু বছৰৰ আগতে খুব জনপ্ৰিয় হোৱা “ছাঁছ মে তেৰি ছাঁছ মিলি ত’ মুঝে ছাঁছ আয়ী, মুঝে ছাঁছ আয়ী” গানটো শুনি লিখিছিলোঁ যে এইটো শুনিলে এনে লাগে ‘আই চি য়ু’ত ভেণ্টিলেটৰত থকা পেছেণ্ট এজনে যেন ভেণ্টিলেটৰটোৰ ফালে চাই চাইহে গাই আছে৷
চিকিৎসাৰ লগত মিল থকা বহু গানৰ কথা অৱশ্যে কিছুমান জমণি মেছেজত পাই থাকোঁ। “তেৰে দৰ পে চনম, ছলে আয়ে, লৰখৰাই কদম ছলে আয়ে” মানে যেন হাড়ৰ চিকিৎসকৰ ওচৰলৈহে আহিছে। “মুঝে নিন্দ না আয়ে, নিন্দ না আয়ে” এখেত নিদ্ৰাহীনতাত ভোগা ৰোগী। আৰু এটা যে আছিল, অনিল কাপুৰৰ ভায়েকে অভিনয় কৰা, “য়াদ আতি হে মগৰ, আতি নেহী, আতি নেহী” এইজন যেন কনষ্টিপেচনত ভোগা ৰোগীহে, মানে ভাবটো আছে পিচে….আতি নেহী, আতি নেহী।
কৰ পৰা যে গৈ কি পালোঁগৈ। আচলতে “য়ে দিল তুম বিন” গানটোৰ মাজত এটা কলি আছে, “কিছিকে দিল মে বচকে, দিল ক’ তৰপানা নেহী আটছা” অৰ্থাৎ কাৰোবাৰ হৃদয়ত বাস কৰি, সেই হৃদয়ক কষ্ট দিয়াটো ভাল কথা নহয়। এইখিনি শুনিলে মোৰ মনলৈ আহে আমাৰ হৃদয়ৰ ধমনীত চৰ্বি জমা হৈ মানুহক অসুবিধাত পেলোৱাৰ কথা। চৰ্বিখিনিয়ে জানো হৃদয়ত থিতাপি লৈ সেইখন হৃদয়কে বিপদত নেপেলায়?
আমাৰ দেশত হাৰ্টৰ অসুখ বহুত বেছি আৰু আজিকালি কম বয়সতে বহুতৰে হাৰ্টত অসুবিধাই দেখা দিয়ে। ইয়াৰ কাৰণ আমাৰ বিশৃংখল জীৱন যাপন আৰু খাদ্যাভ্যাস। দিল কা মামলা হে ভাই, সেয়ে হৃদয়খনক সুস্থ ৰাখিবলৈ নিয়মিত ব্যায়াম কৰক, চিগাৰেটৰ সেৱন সম্পূৰ্ণ বন্ধ কৰক, ফাষ্ট ফুড কমকৈ খাওক, খাদ্যত ফলমূল আৰু শাক পাচলিৰ পৰিমাণ বঢ়াওক। মদ্যপান কৰিলেও সেয়া সীমিত কৰাৰ যত্ন কৰক আৰু আটাইতকৈ ডাঙৰ কথা নিজকে মানসিক চাপৰ পৰা মুক্ত কৰি ৰখাৰ চেষ্টা কৰক। এই মানসিক চাপৰ পৰা মুক্ত হোৱাৰ বাবে ফটাঢোলৰ দৰে হাস্য ব্যংগ গ্রুপ মহৌষধ। সেয়ে ফটাঢোল পঢ়ক, পঢ়াওক আৰু সুস্থ থাকক।
দিলৰ কথা কৈ থাকোঁতেই আৰু এটা গানৰ লগত জড়িত কথা মনত পৰিল। সৰু চহৰখনত এখন সৰু বজাৰ। সেই বজাৰতে আন আন দোকানৰ লগতে একেলগে দুখন পাচলিৰ দোকান। এখন চলাই এজন ফূৰ্তিবাজ ডেকা লৰাই, আনখন এজন বুঢ়া মানুহে। বুঢ়া মানুহজনৰ আকৌ মাত্ৰ গাভৰু জীয়েক এজনী। দুপৰীয়া তেওঁ ঘৰলৈ ভাত খাবলৈ গৈ অলপ জিৰাই আহে আৰু সেই সময়খিনি জীয়েক থাকে দোকানত। ছোৱালীজনী দোকানত থকা সময়খিনিত কাষত থকা ডেকা লৰাজনৰ গাত তত্ নোহোৱা হয়। কিমান যে ভালৰি লগোৱা কথা কৈ কৈ তাইক ইমপ্ৰেছ কৰাৰ চেষ্টা তাৰ! পিচে তাই তাক একেবাৰে পাত্তা নিদিয়ে৷
এদিন তাই দোকানত থাকোঁতে এজন মানুহে আধা কিলো আলু কিনিবলৈ আহিল। আধা কিলো জুখিবলৈ লৈ দগাটো বিচাৰি নাপাই তাই কাষৰ ল’ৰাটোকে ক’লে,
: আধা কিলো দগাটো পোৱা নাই, দিয়াচোন তোমাৰটো৷
লৰাটোৱে বদমাছ হাঁহি এটা মাৰি ক’লে,
: নিদিওঁ নেকি, দিবলৈ মন যোৱা নাই দেখোন?
তাই আচৰিত হৈ সুধিলে,
: মন যোৱা নাই? কিয়?
লৰাটোৱে তাইৰ ওচৰলৈ গৈ সুৰ লগাই গালে,
“দিল দে দিয়া হে, জান তুঝে ডেংগে, দগা নেহী ডেংগে চনম…!”
☆ ★ ☆ ★ ☆
12:56 am
ছাৰ, পঢ়ি ভাল লাগিল ।।
11:35 am
মজ্জা লাগিল ডাক্টৰ চাহাব৷ ফটাঢোল মেইন৷ পঢ়ি থাকক আৰু পঢ়ুৱাই থাকক৷
10:13 pm
হাঃ হাঃ ! ” …..তুম বিন বুলি”নো কোন ‘তুম’ৰ কথা লিখিছে বুলি পঢ়িলোঁ বোলো কিবা ৰহস্য ওলাব হ’বলা..ও ও দগাহে ওলালগৈ?
9:26 am
ভাল লাগিল পঢ়ি
3:06 pm
জমনি মানে। হাঁহিলো ঠিকছে।
9:10 pm
ভাল লাগিল
9:11 pm
ভাল লাগিল
10:47 am
বঢিযা ??
1:01 pm
এ মজ্জা।