ফটাঢোল

বাল্মিকী বৰুৱাৰ মহাজীৱনী ( দ্বিতীয় খণ্ড) – ড০ সৰোজ কাকতি

বাল্মিকী বৰুৱাই পুৱাতেই উঠি গা পা ধুই গাত এখন হালধীয়া ৰঙৰ “হৰি ৰাম কৃষ্ণ ৰাম” আদি বাক্য লেখা থকা বস্ত্ৰ পৰিধান কৰে আৰু ওচৰৰ মানুহে শুনাকৈ ঈশ্বৰৰ নাম লয়৷ শংখটোৰ মাত পূৰাকৈ উলিয়াব নোৱাৰে, চেৰেলা কুকুৰে চিঞৰাৰ নিচিনা এটা শব্দ হয় আৰু বৰুৱাই ভাবে এই শব্দ শুনি তেওঁৰ ওচৰে পাজৰে থকা পাপৰ শিয়ালবোৰ দৌৰি পলায়, ব্যক্তিগত নামঘৰটোৰ পৰা ওলাই অহাৰ পাছতে লিপিকাৰ ঘটিৰাম লেখাৰুৰ প্ৰৱেশ ঘটিল, ঘটিৰামক দেখাৰ লগে লগে বৰুৱাৰ গোফে প্ৰভুভক্ত কুকুৰৰ নেজৰ দৰে লেউসেউ হৈ পৰিল আৰু লেখাৰুক আথেবেথে বহুৱালে, লেখাৰুৱে কথাৰ অপব্যয় নকৰি পোনে আত্মজীৱনীৰ কথা উলিয়ালে, “বাওনা দেউ আপোনাৰ জীৱনী ক’ৰপৰা আৰম্ভ কৰিম?” বাওনা শব্দটো শুনি বৰুৱা সামান্য ক্ৰোধান্বিত হৈছিল, অধোমুখী গোফ অলপ উৰ্ধমুখী হ’ল, বাওনা নাম তেওঁ কোন কাহানিবাই পৰিত্যাগ কৰিলে, তথাপিও এইবোৰৰ জিভাৰ পৰা পূৰ্বৰ শব্দ নাযায়, মহাপাপী মানুহৰ জীৱ যেনেকৈ নাযায় হে নাযায়, তেনেকুৱা, তথাপিও তেওঁ অৰ্জুনৰ দৰে মহাধৈৰ্যক আশ্ৰয় কৰি ক’লে, শুনা বাপু ঘটিৰাম, মোৰ জীৱনীৰ আৰম্ভণীতে আমাৰ পূৰ্বপুৰুষৰ কথা চেলবেলাই নাথাকোঁ৷ মোৰ ককাদেউতা আৰু দেউতাৰ কথাহে ক’ম৷ কবি চেলীৰ জীৱনী গ্ৰন্থত যেনেদৰে তেওঁৰ ককাক আৰু দেউতাকৰ কথাহে কৈছে তেনেদৰে৷ পুৰাণ বিলাকতো দেৱতাৰ উৎপত্তি বিষয়ক খণ্ড একোটা থাকে৷ পুৰাণৰ আৰ্হিত তেওঁ পদ্যত জীৱনী লেখাৰ কথা কওঁতেহে ঘটিৰাম লেখাৰু দাং খাই উঠিল৷ বোলে আপুনি কম্পিউটাৰ আৰু মোবাইল ফোনৰ যুগত বাস কৰি কি কাৰণত পুৰাণ যুগলৈ বুলি বেক গিয়াৰ লগাব? ঘটিৰামৰ কথা শুনি লেখাৰু সেইপিনে তাপ মাৰিলে আৰু গদ্যতেই তেওঁৰ মহাজীৱনী ৰচনা কৰিবলৈ সাজু হ’ল৷

‘ককাদেউতাক মই কেইদিনমানহে দেখা পাইছিলোঁ৷ কিন্তু তেওঁৰ বিষয়ে আইতাৰ পৰা ভালেখিনি কথা শ্ৰৱণ কৰিছিলোঁ৷ তেখেত হেনো মহাবিদ্যাৰ অধিকাৰী আছিল৷’

‘ৰাজযোগক মহাবিদ্যা বুলি কোৱা হয় বৰুৱা দেউ, তেওঁ তাৰ মানে যোগী আছিল নেকি?’ ঘটিৰামে মাত লগালে৷

“নহয়, বাপু ঘটিৰাম, আমাৰ তেতিয়াৰ গ্ৰাম্য সমাজত আৰু চোৰ বিদ্যাক হে মহাবিদ্যা বোলে, কথাতে কয়, ‘চোৰবিদ্যা মহাবিদ্যা, যদি নপৰা ধৰা, যদি পৰা ধৰা সেইপিনে মৰা৷’ গাওঁ অঞ্চলত তেখেতে ত্ৰাসৰ সৃষ্টি কৰিছিল, বেৰৰ তলেদি সৰুকৈ এটা সিন্ধি দি, অতি দক্ষতাৰে গৃহ প্ৰৱেশ কৰি, দুৱাৰ খুলি, সকলো বয় বস্তু সৰকাই প্ৰস্থান কৰে৷ কিছু ডাঙৰ হোৱাত মোৰ দেউতায়ো তেখেতৰ বিদ্যা শিকি লৈছিল, আৰু সেই সৰু সিন্ধিৰে প্ৰথমতে হেনো দেইতাইহে প্ৰৱেশ কৰিছিল৷ তেওঁৰ খীণকায় শৰীৰ ইয়াৰ বাবে অতি উপযোগী আছিল৷ বহু বছৰ ধৰি ৰাইজে চোৰ ধৰিব নোৱাৰিলে, শেষত এগৰাকী মহিলাৰ হাতত মোৰ মহাপৰাক্ৰমী ককাদেউতা ধৰা পৰিছিল৷ গৰম কালিৰ কথা৷  চুৰ কৰিবলৈ গৈ বাহিৰৰ পৰা সোমোৱা জোনৰ পোহৰত দেখিলে, ঘৰৰ গিৰিহঁতনীয়ে মাটিতে এখন কাপোৰ পাৰি শুই আছে৷ মাটিৰ পৰা অহা ঠাণ্ডাই দেহা জুৰ পেলায়৷ ওপৰমুখ কৈ শুই থকা গাভৰু মহিলাৰ ভূবনমোহিনী ৰূপ দেখি চকুৰে জলক তবক দেখিলে৷ ভাব হ’ল স্বৰ্গৰ অপেশ্বৰীয়ে এই ৰাতিখন তেওঁক আমোদ দিবলৈকে এই মৰতলৈ নামি আহিছে৷ অপ্সৰাৰ হাতৰ পৰা কাষতে মাটিত বিচনীখন পৰি আছে৷ বুকুৰ বস্ত্ৰ অৰ্ধ উন্মুক্ত৷

ককাদেউতাই কঁকালৰ খোচনিত থকা দিয়াশলাইৰ বাঁহৰ ভিতৰত থকা মন্ত্ৰপুত বিৰিণাৰ পাতটো এবাৰ খেপিয়াই চালে৷ হয় হয় আছে থিকেই আছে৷ এইটো পাতেৰেই হেনো তেওঁ গৃহস্থক নিদ্ৰাবান মাৰি সকলো বস্তু হৰলুকি কৰিছিল৷ গৃহস্থই সাৰ পালেও চকু মেলিব নোৱাৰে৷ এনেকুৱা এটা বিশ্বাসক সাৰোগত কৰিয়ে তেওঁ সমুখৰ অপ্সৰালৈ দুই হস্ত প্ৰসাৰিত কৰিলে৷ ভগৱান শ্ৰীকৃষ্ণই যমুনাৰ বালিত গোপীসকলৰ সৈতে কামকেলি কৰাৰ দৃশ্য মনলৈ আনিলে৷ লগে লগে তেওঁ কৃষ্ণকে আহ্বান কৰি তেওঁৰ শৰীৰত লম্ভি সমুখত পৰি থকা গোপীৰ সৈতে ৰাসক্ৰীড়া কৰিবলৈ আহ্বান জনালে৷ ঈশ্বৰৰ হকে কৰা কাৰ্যত দায় দোষ নাথাকে৷ আকৌ এবাৰ তেওঁ ভাবিলে সমুখত শুই থকা নাৰী গৰাকী স্বয়ং মোহিনী৷ আৰু নিজে তেওঁ শিৱ৷ এইবাৰ মোহিনীয়ে তেওঁৰ ওচৰৰ পৰা দৌৰি আঁতৰি নগৈ ওচৰতে ধৰা দিছে৷ সেইবাৰ মোহিনী ৰূপে মহাদেৱক কম লটি ঘটি কৰিলেনে৷ এইবাৰ তেওঁৰ এই ছলনাময়ী ৰূপ নাই৷ মোৰ প্ৰাণেশ্বৰী মোহিনী বুলি ককাই তেওঁক গবা মাৰি ধৰিলে৷ গিৰিহঁতনীয়ে প্ৰথমে তেওঁক গিৰিয়েক বুলি ভাবিছিল, পিচে গোনামহৰ দৰে শৰীৰৰ গোন্ধ পাই আন কোনোৱা এজন তেওঁৰ ওচৰলৈ অহাবুলি গগন ফলা চিঞৰ মাৰিলে৷ সেই চিঞৰ শুনি বাহিৰত ৰৈ থকা মোৰ পিতাদেৱে ‘য পলায়তি স জীৱতি’ নীতিক সাৰোগত কৰি সেই মুহূৰ্ততে তাৰ পৰা পলায়ুৰ্দ্ধং কৰিলে৷ ইফালে ককাক বাণৰজাই অনিৰূদ্ধক নাগপাশেৰে বন্দীকৰাৰ দৰে, গোপাশেৰেৰ বন্দী কৰিলে৷ ৰাতিৰ ভিতৰতে গাঁৱৰ মানুহ উঠি আহিল৷ কথাতে আছে ঈশ্বৰৰ হ’লে লীলা আৰু মনুষ্যৰ হ’লে ধৰি বান্ধি কিলা৷ সকলোৱে মিলি ৰাজহুৱা কিলকীৰ্ত্তন চলাবলৈ ধৰিলে৷ ককাই নীলকণ্ঠ মহাদেৱৰ দৰে কিলনিৰ সকলো কালকূট বিষ পান কৰিবলৈ চেষ্টা কৰিলে যদিও পাছত অসহ্য হৈ সকলো কথা সৈ কাঢ়িলে৷ তেওঁ হেনো তেতিয়ালৈকে চাৰি হাজাৰ নশ নিৰানব্বৈটা চৌৰ কাৰ্য সমাধা কৰিছে, পাঁচ হাজাৰ হ’বলৈ এটা মাত্ৰ বাকী৷ গতিকে এই আশাটো পূৰণ কৰিবলৈ ৰাইজে তেওঁক সুযোগ দিব লাগে, নহ’লে এই এটা আশাৰ কাৰণে পুনৰ জনম লৈ ইয়াতকৈয়ো অধিক দক্ষতাৰে তেওঁ চুৰ কৰিব৷ পিছে ৰাইজৰ মাৰণ বাণৰ পৰিমাণ অধিক হোৱাত তেৰাই আৰু এই ভূ ভাৰস্তত থাকিবলৈ মন নকৰিলে৷ মৰ্ত্তলীলাৰ সামৰণি মাৰি তেওঁ আপোন ঘৰলৈ গুছি গ’ল৷ মৰাৰ আগে আগে এজনে সুধিছিল তেওঁৰ অন্তিম ইচ্ছা কিবা আছে নেকি৷ সেহাই সেহাই কোৱা কথাৰ পৰা বুজা গৈছিল যে তেওঁৰ পুত্ৰই অৰ্থাৎ মোৰ দেউতাই যাতে এই বিদ্যাটো কদাপি ত্যাগ নকৰে৷ বংশ মৰ্যাদা ৰক্ষা কৰাতো সন্তানৰ কৰ্তব্য৷ (আগলৈ)

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *