এক চোটীচি লাভষ্টৰী – ৰক্তাভ কুমাৰ
“গোপালে কি গতি কৈলে গোবিন্দে, কি মতি দিলে..”
বিছনাখনত মাইনা গাৰুটোক সাৱটি পৰম সন্তুষ্টিত আগৰাতি চোৱা “নমস্তে লণ্ডন” চিনেমাখনত অক্ষয় কুমাৰৰ দেহত মোৰ মুখখন লগাই কেটৰিনাৰ লগত যি জবৰদস্ত প্ৰেম চলি আছিল, নিউজ লাইভৰ প্ৰাতঃকালৰ অতিথিয়ে বৰগীতেৰে তাৰ সুন্দৰ সমাপ্তি ঘটালে৷ পৰম পূজনীয় কিন্তু ৰাতিপুৱাৰ সময়ৰ ৰণচণ্ডী মাতৃদেৱীৰ কোমলতম পৰা কোমল পাৰ হৈ কঠোৰ মাত ইত্যাদিক নেওচি অৱশেষত মোৰ শৰীৰৰ অবোধ পশ্চদেশত তেখেতে লাঠী প্ৰক্ষেপণ কৰাৰ ফলশ্ৰুতিত মই একে জাপে তপিনা ঘঁহি ঘঁহি দন্তমঞ্জনডালৰ সৈতে বাহিৰ ওলাই আহিলোঁ৷
: তুহাক পুহাত কে মুৰ্গী পুহাএ ভাল৷ সাতপুৱাতে নিজে নিজে উঠে আৰো ডিমাও দিয়ে৷ তুহু বকাসুৰৰ নিচনা খাবি আৰো কুম্ভকৰ্ণৰ নিচনা ঘুমবি৷ একো এটাতো কৰিও নেদা! মুৰ্গী এটা পুহি তাইক যদি অলপ পৈৰহলু হৈ ডাক্তৰ ইঞ্জিনীয়াৰ কিবা এটা হৈয়ে গেলাক হৈ এথেনক লগি৷
আগফালে বাতৰি কাকত পঢ়ি থকা ককাইদেউ আৰু দাঁত মাজি থকা মই তেতিয়া একেলগে মাত দিওঁ,
: অ’ মা! মূৰ্গীৰ আয়ুস ছয়মাহ মেন হয় না? মুৰ্গী সমাজতহে কিজেনি ছয়মাহৰ ডাক্টৰী কোৰ্চ আছে! এনেও মুৰ্গী বিলাকে ডাক্তৰ ইঞ্জিনীয়াৰৰ ঘৰত স্পেচিয়েল এপিয়াৰেঞ্চ পাইয়ে থাকে, আমি হে নাপঙ! ইবাৰৰ পৰা ঘৰত মুৰ্গী আনলি তাক আমি ডাক্তৰ বানম দিয়া, নাখঙ, হোবো না মা?
কোন তলকত খলা-চাপৰি পিঠা বনাই থকা হেতাখন আহি গাত পৰি গ’ল তলকিবই নোৱাৰিলোঁ৷ আকৌ বাহুখন পিহি পিহি ডিঙিত গামোচা আঁৰি দৈনিক খাজনা আদায় দিবলৈ বুলি পিছফাললৈ গ’লোঁ৷
———————–
এনেই মানুহজন মই বৈদ্দ প্ৰেমিক, কিন্তু প্ৰেম কৰিবলৈ প্ৰেমিকা হে নাপাওঁঁ৷ নাপাওঁঁ বুলি ক’লে ভুল হ’ব, প্ৰেমিকা পাওঁ কিন্তু সেয়া মোৰ নহয় কোনোবা বেলেগৰহে৷ মানে ভালতো কোনোবাক দেখিলেই লাগি যায়, প্ৰতি মিনিটে লাগি যায়৷ কিন্তু মোৰ হ’বলগা প্ৰেমিকাকেইজনীৰ আগতীয়াকৈ হৈ থকা প্ৰেমিককেইজনৰ কথাটো জনাৰ পিছত মনৰ ভিতৰভাগ ঘৰৰ খেতিৰ পানীলাওটোৰ ভিতৰত পোকে ধৰাৰ নিচিনা হৈ পৰে৷ বহু চেষ্টাৰ পিছতো প্ৰেমিক নথকা প্ৰেমিকা এজনী যেতিয়া বিচাৰি নাপালোঁ তেতিয়া মনত এটা ভাৱ উদয় হ’ল, “এম আই টু লেট, অৰ দে আৰ টু ফাষ্ট! ”
মোৰ দুৰ্গতি দেখি বন্ধুবৰ্গই তেতিয়া মোক এটা আইডিয়া দিলে,
: চা ভাই, ফুটবল খেলাতো তই চা এ, তাতে বাইশটা চলি পলি এটা বলৰ পাছত দাউৰি থাকে, তইতো ইয়াতে এটা বলৰ পাছত আৰো এটাৰ লগত হে দাউৰবা লাগবো৷ মাথা মাৰ, লাগলি হাত-ভৰিও মাৰ, বেকত আমি আছু৷ গান্ধীনগৰৰ টুক কৈ দি যি আছে আছে, এনেও তাইৰ ভালপাৱাটু বেলেগ ইস্কুলৰ৷ কিবা কলি যাই মাৰিম দে৷
মই হৈছোঁ অহিংসাবাদী মানৱ৷ আচলতে পেশীবোৰে আজ্ঞা নিদিয়ে কাৰণেহে উপায় নাপাই অহিংসা নীতি ল’ব লগা হৈছে, হ’লেও কিন্তু ভিতৰি ভিতৰি ছানি দেউল এজন সুপ্ত অৱস্থাত সোমাই আছেই৷ ময়ো লগৰবোৰৰ পৰা সাহস পাই লগৰ এজনৰ হতুৱাই প্ৰপজেলটো দি থৈ আহিলোঁ৷ ছোৱালীজনীয়ে এদিনৰ সময় বিচাৰিলে, ময়ো মনে মনে ভাবিলোঁ সময় লৈছে মানে চাঞ্চ আছে৷ আগৰটোক হয়তো ব্ৰেকআপ দিব আজি ৰাতি আৰু কালিৰ পৰা তুৰু ৰুৰু ৰুৰু ৰু তাইৰ মোৰে প্ৰেম চুৰু৷ মনৰ ভিতৰত মোৰ ইমানেই প্ৰেমৰ জ্বালামুখী উদ্গীৰণ হৈ আছিল যে সেইৰাতি টোপনিয়েই নাহিল৷ যিজন ল’ৰাই সদায় প্ৰাৰ্থনা সভাত পলম হোৱাৰ কাৰণে কাণত ধৰিব লগা হৈছিল সি সেইদিনাখন স্কুলৰ গেট খোলাৰ লগে লগেই গৈ স্কুলত উপস্থিত হৈছিল৷
প্ৰাৰ্থনা সভা হৈ গ’ল, প্ৰথম পিৰিয়ড আৰম্ভ হোৱাৰ সময়৷ মোৰ মনত উত্তেজনাৰ চিন স্পষ্ট, বন্ধুবৰ্গৰ মোৰ প্ৰতি আশ্বাস যে মোৰ কাম হৈ আছে৷ অৱশেষত স্কুলৰ প্ৰধান আচাৰ্যৰ কক্ষৰ পৰা মোলৈ এটা নিমন্ত্ৰণ আহিল আৰু মোক সহযোগ কৰিবলৈ প্ৰপজেল লৈ যোৱা সেই বন্ধুজনলৈও একেটা নিমন্ত্ৰণ আহিল৷ দুই হতবুদ্ধি বন্ধু ভয়ত থৰহৰি কম্পমান, খোজ কাটলত তেতিয়ালৈ মাইকেল জেকচনৰ নৃত্যৰ প্ৰভাৱ পৰা আৰম্ভ হৈছিলেই৷ তেনেদৰেই গৈ গৈ প্ৰধানৰ কক্ষত দুই বন্ধুৰ প্ৰৱেশ, মুখত ভয়ৰ চিন প্ৰবল৷
: আহা আহা! শুনিছোঁ তোমালোকে ফুটবল খেলি ভাল পোৱা? বলৰ লগত খেলা নে বেলেগৰ লগত?
প্ৰধানৰ প্ৰশ্নত মোৰ দেহৰ মাজেদি ২২০ ভল্টৰ কাৰেণ্ট পাৰ হৈ যোৱা যেন পালোঁ, কিন্তু লগৰজনৰ ভয়টো উৎসাহলৈহে পৰিণত হ’ল৷ দুখোজ আগবাঢ়ি গৈ সি কৈ পালেই,
: হয় আচাৰ্য, এনেই বল লৈয়ে খেলোঁ৷ কেতিয়াবা বল নহ’লে ৰবাবটেঙা বা পলিথিন ৰচীৰে বান্ধি খেলোঁ৷
তাৰ কনফিডেন্স দেখি প্ৰধানৰ খঙে চুলিৰ আগ পাৰ হৈ তাৰ পিনে চোঁচা ল’লে,
: চুপ অভদ্ৰ চলি, যা আঁঠু কাঢ় মোৰ অফিচৰ আগত, কাণত ধৰ, কাণত ধৰ…..
এইবুলি নিজৰ চকীৰ পৰা উঠি আহি বেতডাল লৈ এনেকুৱা কোবালে নহয় দেখি মই কান্দিবলৈ বাকী৷
লগৰটোক বাহিৰত কাণত ধৰাই আচাৰ্যই এতিয়া মোৰ ক্লাছ ল’বলৈ আহিলে,
: ছোৱালীৰ লগত কথা পতাতকৈ ডাইৰেক্ট মাক-দেউতাকৰ লগতেই কথা পাতা৷ সেইকাৰণে মাক-দেউতাকক মাতি পঠাইছোঁ৷ তুমি পাতিবানে ঘৰৰ পৰা মানুহ আহিব?
এইবুলি কোৱাৰ লগে লগে মোৰ ফালে পিঠি দি বহি থকা ব্যক্তি দুগৰাকীয়ে মুখকেইখন ঘূৰাই মোৰ ফালে যিটো চাৱনি দিলে নহয়, ময়ো বোলো,
: আজিতো দেফিনিটলি ফাট মেলা ঔ বসুমতী গাত-পাইপ-পাতাল যি পাওঁ তাতেই লুকাওঁ৷
ক্ষন্তেকৰ কাৰণে মোৰ জিভাখন পেৰালাইজদ্ হৈ পৰিল আৰু তাৰ পিছত তপিনাত লাহী বেতৰ যিকেইটা শ্বাহী কোব পৰিল ঘৰত গৈ আইনাত চোৱাৰ পিছত তপিনাৰ ৰঙ আৰু মোগল মূলৰ মানুহৰ দেহৰ ৰঙ মোৰ একে যেন লাগিল৷ অকল কোবতেই ক্ষান্ত নাথাকিলে, কাণখন এনেকৈ পকালে যেন সেয়া মোৰ কাণ নহৈ হিৰো-হোণ্ডা বাইকৰ ৰেচহে আৰু তাৰ লগত এখন ৱাৰ্নিং লেটাৰ৷ দহমিনিট মান দুই বন্ধু বাহিৰত কাণত ধৰি থাকি শেষত নিজ কক্ষলৈ উভতিলোঁ৷ লাজ অৱশ্যে বেছি পাব লগা নহ’ল কাৰণ প্ৰথম পিৰিয়ডত সাধাৰণতে ছাত্ৰ-ছাত্ৰীক বাহিৰলৈ ওলাই যোৱাৰ অনুমতি দিয়া নহয়৷ কিন্তু যোৱাৰ পৰত ছোৱালীজনীৰ মাক-দেউতাকে দুইটাকে যিটো চাৱনি দি গ’ল এনেকুৱা অনুভৱ হ’ল যেন সেয়া তাইৰ মাক নহৈ সাক্ষাত মেদুছা! দুইটাকে যেন সেই মুহূৰ্ততে জ্বলাই শেষ কৰি দিব৷
সকলোৰে প্ৰস্থানৰ পিছত বন্ধুজনে মোক কাণে কাণে ক’বলৈ ধৰিলে,
: ভালে হল দে, যি মায়েক! আজি নহলি কালিতো তই বাহিৰত এ মাইৰ খালি হৈ! আৰো কি আপী এ ভাই, ফুটবল খেলাৰ কথা বুজে দি প্ৰপজেল দিলু তাকো কৈ দিছে এ বাপ! ভাল আপী চাবা নৰা, যাকে তাকে চালি এ হল নাকি, তোৰ ধৰি ময়ো মাইৰ খালু ধেই!
: অঃ হৈ নাকি! উৎসাহ দিয়া মানুহটু কায় আছিল? সিখিনি টাইমত কবা নোল্লি নালগে বুলি, এথেন মাইৰ খাৱাই তাই বয়া হ’ল! এনেই দেখু নিজে এ কৈ আছিলি ভাল আপী কিবাকিবি হেন তেন!
: তইতো কৈ দিবা পাল্লিহৈ তাইৰ যে কুনবা আছে, কিয় নকলি! আমাৰ লগত তায়ো খালাক হৈ কাণত ধৰা!
: মোক তুহু হে কৈছা কুনবা আছে বুলি, মই কিবা দেখছু নাকি!
: হব দে এথেন, বেলেগ ভাল এটা চাই দিম আহ৷ এথেন ব’ল ৰুমত যাউ৷
ৰূমলৈ ওভোটাৰ পিছত দুই বন্ধুৰ ওপৰত ঠাট্টাৰ যিটো কোব পৰিল সেয়া প্ৰধানৰ বেতৰ কোবতকৈও অসহ্যকৰ আছিল৷ পিছলৈ যেতিয়া ছোৱালীজনীৰ লগত দেখা-দেখি হৈছিল মই আকৌ অহা বাটেই উভতি গৈছিলোঁ৷ পিছত যেনিবা এদিন গম পালোঁ তাইৰ কোনো প্ৰেমিক নাছিল৷ ক্লাছ টেন পাওঁতে আকৌ এবাৰ তাইৰ প্ৰতি থকা সুপ্ত প্ৰেম জাগ্ৰত হ’ল, আকৌ এবাৰ প্ৰপজ কৰিলোঁ৷ এইবাৰ তাই অলপ বুজন হৈছিল কাৰণে অকল “আইনাত নিজৰ মুখখন এবাৰ চাই আহিবি” বুলি কৈয়েই ক্ষান্ত থাকিল৷
———————-
ইয়াৰ পৰৱৰ্তী কালচোৱাত মোৰ প্ৰেমৰ প্ৰব্ৰজন প্ৰক্ৰিয়া চলিয়েই থাকিল, এজনীৰ পৰা আন এজনীলৈ, তাৰ পৰা আন বহুকেইজনীলৈ ফিলিঙচ ট্ৰেন্সফাৰ হৈয়েই থাকিল৷ কিন্তু খৰাং পথাৰত বাৰিষা এদিন নামি আহিল (যেন মোৰ অনুভৱ হৈছিল)৷
বাইদেউৰ বিবাহসূত্ৰে কইনাক থ’বলৈ নগাঁৱলৈ গৈছিলোঁ৷ নগাঁৱৰ ভিতৰৰ গাঁও এখন, ভিনদেউৰ ঘৰত সমনীয়া কোনো নাই৷ ঘৰৰ পৰা পৰম উৎসাহত ওলাইছিলোঁ যে ভিনদেউৰ ঘৰত কোনোবা নহ’লে কোনোবা পখিলা উৰিব আৰু মই ভোমোৰা হৈ সৰলৰেখা-বক্ৰৰেখাত অলপ লাইনৰ আদান-প্ৰদান চলাম৷ এনেয়ো উজনিৰ গাভৰু দেখাত তেনেই দেৱীৰ নিচিনা! কিন্তু ইটাগুড়িৰ প্ৰলেপ সনা মোৰ এই খৰখৰীয়া কপালখন যে আৰু! ষোড়সী ছোৱালী বাদ দিলোঁ, কেঁচুৱা ছোৱালী এজনীৰ লগতও দেখা সাক্ষাৎ নহ’ল!
দিনটো তেনেদৰে থাকি আবেলি বজাৰৰ ফালে অকণমান ওলাই যাওঁ বুলি ভিনদেউৰ চাইকেলখন খুজি ল’লোঁ৷ আহোঁতে গোটেই বাটত বগলী ভকতে ডিঙি মেলি থকাৰ নিচিনা ওচৰৰ পাঁজৰৰ ঘৰবোৰৰ গ্ৰীলৰ ফাঁকে ফাঁকে চকুকেইটাকও পঠিয়াই পঠিয়াই আহি আছোঁ৷
অলপ সময়ৰ পিছত বজাৰ পালোঁ, বজাৰ পাই মনত ভাৱ এটা হ’ল, ইমানদিনে বিয়াঘৰত লুচি-মাংস-মিঠাই খাই খাই আমুৱালে৷ পকৰী আৰু ঘুগুনি অকণ খাবলৈ পালে দিল খুচ হৈ যাব, এনেও আহি পোৱাৰ পৰা মনৰ ভিতৰৰ বতৰ গোমা৷
ৰাস্তাৰ দাঁতিত চাৰিচকীয়া গাড়ী এখনত এজনে গৰম পকৰী আৰু ঘুগুনি বিক্ৰী কৰি আছিল৷ তেওঁৰ তাতেই চকী এখনত বহি খোৱা পৰ্ব আৰম্ভ কৰিলোঁ৷ মই যিখিনি ঠাইত বহিছিলোঁ ঠিক তাৰ বিপৰীতফালে এখন কাপোৰৰ দোকানত তিনিজনী ছোৱালী বহি আছিল৷ তাৰে এজনীৰ ফালে মোৰ চকু পৰিল, ক’লা ৰঙৰ টপ পিন্ধা ছোৱালীজনী দেখাৰ লগে লগেই মোৰ মনৰ ভিতৰত “তুঝে দেখা তো য়ে জানা ছনম….” গীতটো বাজিবলৈ ধৰিলে৷
আঃ কেনেকুৱা ধুনীয়া ছোৱালী! দীঘল চুলিটাৰি এফলীয়াকৈ পেলাই লৈ তাই যিটো লুক দি আছিল, কচমচে তেনেকুৱা সৌন্দৰ্য আগতে ক’তো দেখা মনত নপৰে৷ তাইক চোৱাৰ উৎপাততেই মই কেতিয়া সাত প্লেট পকৰী-ঘুগুনি আৰু চাৰিকাপ চাহ শেষ কৰিলোঁ গমেই নাপালোঁ৷ শেষত দোকানীজনে “আৰু কিবা দিম নেকি” বুলি কোৱাত মুখখন তেওঁৰ পিনে যি ঘূৰালোঁ, সেই দুই মিনিটৰ ব্যৱধানত ছোৱালীজনী নোহোৱা হৈ থাকিল৷ মই বহুত বিচাৰিলোঁ, চাৰিওফালে চকু ফুৰালোঁ কিন্তু তাইক নেদেখিলোঁ৷ আকৌ এবাৰ ভগ্ন হৃদয়ৰ সৈতে ভিনদেউৰ ভগ্নপ্ৰায় চাইকেলখনত পেডেল মাৰি মই উভতিলোঁ৷
বাইদেউৰ ঘৰত থকা সেই তিনিওটা দিনত দিনটোৰ প্ৰায় দুঘণ্টা মান সময় মই সেই কাপোৰৰ দোকানৰ আগত ইফাল-সিফাল কৰিয়েই কটাই দিছিলোঁ, কিজানিবা তাইক এবাৰ দেখা পাওঁ! উভতি যোৱাৰ পৰত মই কন্দনামুৱা৷ চাপৰমুখ জংচনত ট্ৰেইনত উঠাৰ সময়ত মোৰ মুখৰ ভাৱ আৰু শ্বাহৰুখ খানে ডিডিএলজেত ট্ৰেইনত উঠাৰ সময়ত দিয়া মুখৰ ভাৱ প্ৰায় একেই আছিল বুলি মোৰ মনে মোক কয়৷
এতিয়াও সেই ছোৱালীজনী ক’ৰবাত দেখিবলৈ পাওঁ নেকি বুলি ক’লা ৰঙৰ টপ পিন্ধা ছোৱালী দেখিলে ঘূৰি চাবলৈ নাপাহৰোঁ৷
☆ ★ ☆ ★ ☆
1:51 pm
ভাল দিন আহিব । হিম্মট নাহাৰিবা
2:06 pm
ধেই , এনে কপাল লৈ আহিলি? মইয়ে বিচাৰি দিম দে এজনী, বা বুলি মাতিলি যেতিয়া কৰ্তব্য আছে দেছোন। ক’লা টপ পিন্ধা বোৰৰ পিছে পিছে ঘূৰি নুফুৰিবি আৰু।
2:26 pm
নিৰাশ নহ’বা ৷ কামত লাগি থাকা৷ পখিলা এজনী আহিবয়ে ৷
8:57 pm
হাঃ হাঃ, ভাল লাগিল ৰক্তাভ!