মেচী দা : চিত্ৰলেখা দেৱী
হাইস্কুলত পঢ়ি থকাৰ সময়ৰ কথা। আমাৰ ঘৰৰেই স্কুলখন যেন। বেছিভাগ ছাত্ৰ-ছাত্ৰীয়েই স্থানীয় —- লগতে শিক্ষক-কৰ্মচাৰী সকলো। গতিকে আমাৰ একো ভয়-ভীত কৰিব লগা নাই। আমি পাঁচজনীয়া এটা গ্ৰুপ — ৰেখা, দীপা, অনিমা, নিৰু আৰু মই। আমাক গোটেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ভালদৰে জানে; ভালত ভাল আৰু বেয়াত যমকাল। স্থানীয় বুলি আমাক দূৰৰখিনিয়ে সমীহো কৰে। বিদ্যালয়ৰ যিকোনো কামতে আমি পাঁচজনীয়া দলটোৱেই সদায় আগবাঢ়ি যাওঁ। একেখন বেঞ্চতে আমি পাঁচোজনী বহোঁ — আগ বেঞ্চত। আনবোৰ শ্ৰেণীৰ ল’ৰা-ছোৱালীবোৰে ৰটেচন কৰি বহে –আমি কিন্তু নকৰোঁ যি শ্ৰেণীতেই নপঢ়োঁ লাগে। আমি অনুমান কৰিছিলোঁ –শিক্ষকসকলেও আমাক আনতকৈ অকণমান হ’লেও বেছি মনোযোগ দিয়ে, আমাৰ যিকোনো অভিযোগ গুৰুত্ব সহকাৰে লয়। আমি কেইজনীয়েও ইয়াৰ সুযোগ সুবিধা লওঁ যদিও পৰীক্ষাবোৰত আনতকৈ ভাল ফল দেখুৱাবলৈ যত্ন কৰোঁ।
এবাৰ হ’ল কি — হিন্দীৰ ক্লাচত নাথ চাৰে আমাক কিবা এটা লিখিবলৈ দিওঁতে আমাৰ পাঁচজনীৰ ইজনীৰ গাত সিজনীৰ কিলাকুটিৰ খোঁচ পৰিল। সোঁফালৰ একেবাৰে কিনাৰত বহা নিৰু (চিলি)য়ে খঙতে তাইক খোঁচ দিয়া অনিমাক কিবা ক’লে। অনিমাও ৰৈ থকা ভকত নহয় —- তাইও ওলোটাই এবকন দিলে। চাৰ থাকোঁতেই দুইজনীয়ে বকা বকি আৰম্ভ কৰি দিলে। আমিও সহযোগ কৰিলোঁ অনিমাক —নহ’লে বাওঁফালৰ কেইজনীয়ে তাইকো খুঁচিছে বুলি ক’ব যে। চাৰে গালি দুষাৰমান পাৰি ক’লে,
“কাইলৈৰ পৰা গোটেই ক্লাচটোৱে ৰটেচন কৰিবি, তাৰোপৰি তহঁত কেইজনী একেলগে একেখন বেঞ্চত বহিব নোৱাৰ– বেলেগ বেঞ্চৰ ছোৱালীৰ লগত সানমিহলিকৈ বহিবি। নহ’লে কোবাই তহঁতৰ পিঠি ফালিম।”
ইইই — পাৰিবহে যেনিবা কোবাব? চাৰে গালি পাৰিলে আমাৰ হাঁহিহে উঠে –ভয় খাওঁ চাৰি! যিকি নহওক – পিছদিনাৰ দিনটো পালেহি। সেইদিনা মই, ৰেখা আৰু দীপা আন দুজনীতকৈ আগতেই পালোহি। আমি একেলগে বহোঁ বুলি বাকীবোৰে আগতেই সকীয়াই দিলে। আমি আজি কৰোঁ কি? একেলগে নবহাকৈ যে আমি থাকিব নোৱাৰোঁ। ইও এটা বেলেগ আনন্দ। ফুচফুচাই কথা পতা, বাকীবোৰে নেদেখাকৈ ঘৰৰ পৰা অনা শিলিখা কেইটা ভাগ কৰি খোৱা, কিবা লিখিবলৈ দিলে ইজনীয়ে সিজনীৰ পৰা মনে মনে চাই লোৱা —এই বোৰ বেলেগে বেলেগে বহিলে কেনেকৈ কৰিম? আমি তিনিও এটা বুদ্ধি ভাবি উলিয়ালোঁ। সেইমতে আমাৰ পাছৰ বেঞ্চখনৰ পৰা তিনিজনী ছোৱালী উঠাই আনি প্ৰথমখনত বহুৱালোঁহি আৰু আমি তিনিওজনী সিহঁতৰ আগৰ চিট কেইটাত দ্বিতীয়খন বেঞ্চত বহিলোঁ। বেঞ্চখনত থাকি যোৱা বাকী দুজনীক আমাৰ তিনিজনীৰ মাজে মাজে বহুৱালোঁ। অৰ্থাৎ আমি একেখন বেঞ্চতে বহিছোঁ যদিও ওচৰা ওচৰিকৈ বহা নাই। দেৰিকৈ অহা দুজনী য’তে বহে বহিব আৰু! দুখন বেঞ্চত ছোৱালী আছেই। মই চিঞৰি লগৰবোৰক ক’লোঁ —
“ঐ- তহঁতে চাৰে সুধিলে আমি সালসলনি কৰি বহিছোঁ বুলি চবেই ক’বি দেই।” সিহঁতে আৰু আমাৰ কথা না কৰিব পাৰেনে?
বাকী দুজনীৰ প্ৰথমতে নিৰু আহিল। তাই আমাৰ বহাৰ ধৰণ দেখি অবাক হ’ল যদিও ইতিমধ্যে বেঞ্চখন পাঁচজনীৰে ভৰি থকাত মুখখন ফুলাই এপাচি মান কৰি বেলেগ এখনত বহিলগৈ। এনেতে অনিমা আহিল। তাই কালিৰ কথা পাহৰিলে হ’বলা। আমি তিনিজনী দ্বিতীয়খন বেঞ্চত তেনেকৈ বহা দেখি আচৰিত হ’ল আৰু তাইও লগত বহিবলৈ আহিল। আমি তিনিও আগদিনাৰ নাথ চাৰৰ আদেশৰ কথা তাইক মনত পেলাই দি ক’লোঁ,
“আমাৰ চাৰিজনীৰ থান-থিত লাগিল— তয়ো ইখন খালী বেঞ্চত বহি লগৈ যা।”
তাই আমাতকৈ আলসু্ৱা আৰু পেনেৰীয়া ধৰণৰ। মাত-বোল নকৰাকৈ তাই কিছুপৰ আমি তিনিজনী থকা বেঞ্চখনৰ ওচৰতে ৰৈ থাকিল। অৰ্থাৎ তাই বহিলে আমাৰ লগতেই বহিব —নহ’লে ক’তো নবহে। কিছুপৰৰ পিছত তাই কোঁ-কোঁৱাই ঘৰলৈ উভতি গুচি গ’ল। অনিমাৰ ঘৰ আকৌ আমাৰ বিদ্যালয়ৰ নিচেই সমীপতে। আমি অবাক হৈ চাই থাকোঁতেই তাই ঘৰ পালেগৈ। তাই তেনেকৈ গুচি যোৱাৰ বাবে আমাৰ মনবোৰো বেয়া হৈ পৰিল। যেইকি নহওক — প্ৰথম পিৰিয়দ আৰম্ভ হ’ল। আকৌ নাথ চাৰ — বহাৰ কথা আজি একো কোৱা নাই।
তেনেতে সমুখৰ খিৰিকীৰে দেখিলোঁ বিশাল খেল পথাৰখনৰ মাজেৰে হাতত দা এখন লৈ কোনোবা এজন কোবাকোবিকৈ বিদ্যালয়ৰ ফালে আহি আছে। কোন নো? আমি ইজনীয়ে সিজনীক খোঁচ মাৰি দেখুৱালোঁ। অলপ ওচৰ পোৱাত মানুহজন চিনি পালোঁ —-অনিমাৰ দেউতাক চোন! অ– হাতত মেচী দাখন যে! তাই চাগৈ আমাৰ সকলোৰে বদনাম গালে আৰু আমাক খঙতে কাটিবলৈ ভঁৰালী বৰ্তাই দা লৈ আহিছে। আমি বাহিৰলৈ জুমাজুমি কৰি থকা দেখি চাৰেও চালে। দৃশ্য দেখি চাৰো বোধকৰো নাৰ্ভাচ হ’ল। পঢ়াবলৈ এৰি তেখেত নিশ্চুপ হৈ পৰিল। দেউতাকৰ পাছে পাছে অনিমাও আহিছে আৰু দুয়ো হেডচাৰৰ কোঠাত সোমাই পৰিল। কিছু দেৰিৰ পাছত চকিদাৰে নাথচাৰক মাতি নিলেহি হেডচাৰে মাতিছে বুলি। আমাৰ হেড চাৰ বৰ ধেমেলীয়া আছিল। তেখেতে অনিমাক ক্লাচলৈ লৈ আনি আমাক মৃদুকৈ ধমক দি ক’লে,
“কোনে কৈছে তহঁতক ৰটেচন কৰিবলৈ। তহঁতি আটাইকেইজনী সদায় একেলগে বহিবি আৰু বাপেৰহঁতক স্কুলৰ কথা নলগাবিগৈ।”
আমাক আৰু পাই কোনে? পুনৰ আগবেঞ্চত পাঁচোজনী বিদ্যমান। দেউতাক যোৱাৰ পাছত অনিমাক আমি ধৰিলোঁ —
“তোৰ নো দেউতাৰে আমি বহিবলৈ নিদিয়া বুলি দা লৈ আমাক আৰু নাথ চাৰক কাটিবলৈ আহিব লাগে নে?”
“নহয় অ’ –দেউতাই তহঁতক কাটিবলৈ অহা নাই; পদুলি মুখতে দাখন লৈ জেওঁৰা ভেটি আছিল —মোক কান্দি কান্দি যোৱা দেখি হাতৰ দাখন নোথোৱাকৈয়ে হেডচাৰক কি হৈছে সুধিবলৈ গুচি আহিল।”
আমি পিছে সিমান পতিয়ন নগ’লোঁ তাইৰ উত্তৰত। কথাটো লগে লগে বিয়পি পৰিল। স্কুল ছুটিত ঘৰলৈ যাওঁতে বাটতে আমাক ৰখাই ভূঞানী বৰমাই সুধিলে,
“তহঁতৰ স্কুললৈ বোলে আজি মেচী দা গৈছিল?”
আমি স্কুলতো ভালেমান দিনলৈ অনিমা ওচৰত নাথাকিলে ‘মেচীদাৰ জীয়েক’ বুলি কৈছিলোঁ। সন্দেহ এটা অৱশ্যে সৰুকৈ হ’লেও থাকি গ’ল। – –
☆ ★ ☆ ★ ☆
11:45 am
বৰ হাঁহিলো। সৰু কালৰ এইবোৰ কথাই এতিয়া মনত আনন্দ দিয়ে।
ভাল লাগিল।
12:06 pm
মেচীদা জীয়েক আছে নাই অ এতিয়া
3:52 pm
মেচি দা ৰ জীয়েক মানে মিট দা হবও পাৰে ন! ভাল লাগিল । সৰু সৰু ঘটনা হলেও কিমান যে ৰসাল ।
4:00 am
বৰ ৰস পালো দেই..