ফটাঢোল

কৌতুক – ঋতুপৰ্ণ শৰ্মা

পুত্ৰ : পাপা পাপা, মায়ে আচলতে কি বিচাৰে… মই কনফিউজ হৈ যাওঁ জানানে!

দেউতাক : নাপায় মাৰ কথা তেনেকৈ ক’ব। কি হ’লনো মোক ভালকৈ বুজাই কোৱাচোন।

পুত্ৰ : চোৱাচোন সিদিনা মই ইংৰাজীৰ পৰীক্ষাত ৮৫ নম্বৰ পোৱাৰ বাবে মোক ইমান গালি পাৰিলে বোলে তোমাৰ বাকী ১৫ নম্বৰ কলৈ গ’ল। আজি আকৌ অসমীয়াত ৯৮ নম্বৰ পোৱাৰ বাবে চাৰক গালি দি আছে বোলে বহী ভালকৈ চাইনে নাচায়, ইমান নম্বৰ দিছে যে! মই এতিয়া কি কৰোঁ‌ কোৱা?

দেউতাক : একো নাই বাবা, তুমি মাৰাৰ কথাত লাগি নাথাকিবা। মাৰাই তোমাৰ ভালৰ বাবেহে কৈছে। তুমি ভালকৈ পঢ়াত মন দিয়া দেই।

(মনতে – বাবা তই কি বুজিবি মাৰৰ মনৰ কথা। আজি ইমান দিনে ময়ে নুবুজিলোঁ‌ মাৰে আচলতে বিচাৰে কি!)

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *