ফটাঢোল

পিয়াঁজৰ দাম – উজ্জ্বল দিপ্লু গগৈ

ঠাণ্ডা দিন বুলি RUMDEVৰ মিউজিক চিডি আৰু চ’ডা চলি আছিল বন্ধু এজনৰ ৰূমত৷ কামৰ ব্যস্ততাৰ মাজতো অলপ ৰিলিফ ল’বলৈ কেতিয়াবা অলপ এনে মিউজিক শুনা যায়, কিন্তু সেইবোৰতো মোৰ লগৰ অভাৰস্মাৰ্ট কেইটামানে মোডীৰপৰা হিমন্তবিশ্বলৈকে, ৰাহুল গান্ধীৰপৰা শশী থাৰুৰলৈকে, NRCৰপৰা লাডাখলৈকে, বেংকৰ ডুবো ডুবো অৱস্থাৰপৰা তই মোৰপৰা লোৱা 1000 টকাতো কেতিয়া ঘূৰাই দিবিৰপৰা আৰম্ভ কৰি পত্নীয়ে অনলাইন শ্বপিং কৰি ক’ত বেম্ব’ দিলেৰপৰা গৈ পিয়াজৰ দাম নাচিকৰফালে যে 8/9টকা চলি আছে চব কথা আৰম্ভ কৰি দি আমাৰ দুটামানৰ মূৰটো গৰম কৰি দিয়ে৷

কথাৰ মাজত পিয়াঁজৰ দামৰ কথা ওলাইছিল৷ মই বোলো এক কেজি ভাল পিয়াঁজ আশী টকা দি কিনিবলৈ গৈ বেলতলা বজাৰত কেতিয়াবা পাঁচ মিনিটমান খুচৰিব লগা হয়৷

একেকোবে RUMৰ মিউজিক চিডিৰ গান গাই দোৰোল খাই যোৱা জিভাৰে এটাই কৈ উঠিল ”মোৰ দৰে বিয়া নপতা মানুহৰ কাৰণে পিয়াঁজৰ দাম বঢ়াক লৈ দ’ণ্ট কেয়াৰ ব্বে; সপ্তাহত এবাৰেই পিয়াজ কিনো, তাকো বিশ টকাত৷

উভতি ধৰিলোঁ ‘হ’বই নোৱাৰে৷’

বন্ধু জাঙুৰ খাই উঠিল, “মোৰ ৰূমৰ বজাৰ তই কৰ’ নেকি বে?”

মিউজিক চিডিৰ গান শুনাৰ মাজত মধ্যস্থতাকাৰী আদমী বহুত ওলায়; সেইদিনাও ওলাল৷ ওলায়েই ফুটবলৰ ৰেফাৰীৰ নিচিনাকে দুইফালে হাত জোঁকাৰি ক’লে ‘দুইটা বহ, দুইটা বহ’৷ আমি তৰ্ক লগা দুটাই মধ্যস্থতাকাৰীৰ প্ৰতি সন্মান জনাই বহি দিলোঁ৷ এইবাৰ মধ্যস্থতাকাৰীয়ে বন্ধুক সুধিলে ‘ক’চোন তই ক’ত বিশ টকাত পিয়াঁজ কিন?

দোৰোলখোৱা জিভাখন অলপ চিধা কৰি ধূম্ৰপান দণ্ডিকাডালৰ ধোঁৱাবোৰ নাকে-মুখে সমানে এৰি বিশ টকাত পিয়াঁজ কিনা বন্ধুৱে কৈ উঠিল ”আব্বে মোৰ নিচিনা বিয়া নপতা মানুহক বিশ টকাৰ একপোৱা পিয়াঁজেৰে সপ্তাহটো চলি যায় বে৷”

ইয়াৰ পাছৰখিনি কাহিনী কি বুলিনো ক’ম! বিশটকীয়া পিয়াঁজ কিনা বন্ধুৰ ওপৰত বাকী বিয়া পতা গোটেইকেইটাই আক্ৰমণাত্মক ভংগীত জঁপিয়াই পৰিল; পিয়াঁজ বিশ টকা হোৱাৰ কাৰণে নহয়, মিউজিক চিডিৰ লগত চাকনা হিচাপে মূৰটো খোৱাৰ বাবদ৷

“বিধিসন্মত সতৰ্কীকৰণ : RUMDEVৰ মিউজিক আৰু ধূম্ৰপান দণ্ডিকা বেছি হ’লে বডী পাৰ্টবিলাকৰ ডেমেজ হ’ব পাৰে৷”

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *