ফটাঢোল

বিগ ব্ৰেকিং : মন্টু কোঁচ দত্ত

স্থান ষ্টুডিঅ’

১ম : নমস্কাৰ! সন্ধিয়া ৭ বজাৰ বাতৰিলৈ আপোনালোকক স্বাগতম জনাই মই ৰাজীৱ…

২য় : আৰু মই দীপাংকৰ!

১ম : বাতৰিৰ আৰম্ভণিতেই আপোনালোকক দিবলৈ ওলাইছোঁ এটি বিগ ব্রেকিং! এটি দুখবৰ! অসমৰ জনপ্রিয় ফুটবল তৰাকা ৰূপজ্যোতি বৰদলৈ আৰু আমাৰ মাজত নাই।

২য় : আজি সন্ধিয়া ঠিক ৫ বাজি ২০ মিনিট যোৱাৰ পিছতেই নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ৰূপজ্যোতি বৰদলৈয়ে।

টিভিৰ পর্দাত খৈলুৱৈ গৰাকী খেলা খেলসমূহৰ দুই এটা দৃশ্য দেখোৱাই৷

১ম : টিভিৰ পর্দাত আপোনালোকে ইতিমধ্যে দেখা পাইছে অসমৰ জনপ্রিয় ফুটবল তাৰকা ৰূপজ্যোতি বৰদলৈয়ে আজি সন্ধিয়া ঠিক ৫ বাজি ২০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে৷ পুনৰ বাৰ কওঁ জনিপ্রয় ফুটবল খেলুৱৈ ৰূপজ্যোতি বৰদলৈ আৰু আমাৰ মাজত নাই…

২য় : (কিছু ডাঙৰকৈ) ইতিমধ্যে আমাৰ সাংবাদিক বিতোপন দত্তৰ সৈতে আমাৰ সংযোগ স্থাপন হৈছে৷ আমি পোনে পোনে যাব বিচাৰিম মৃত ৰূপজ্যোতি বৰদলৈৰ বাসগৃহলৈ৷

মৃতকৰ বাসগৃহত

টিভিতৰ পর্দাত কাণ এখনত হাত থৈ মূৰ দুপিয়াই দুপিয়াই এজন লোক

২য় : বিতোপন দত্ত আপুনি যদি শুনি আছে তেন্তে দর্শকসকলক জনাওক কি পৰিবেশে বিৰাজ কৰিছে সেই ঠাইত৷ বিতোপন দত্ত আপুনি যদি শুনি আছে….

মৃতকৰ বাসগৃহ

বিতোপন : হয় দীপাংকৰ, দর্শকসকলে ইতিমধ্যে দেখা পাইছে জনপ্রিয় ফুটবল খেলুৱৈ ৰূপজ্যোতি বৰদলৈয়ে আজি সন্ধিয়া প্রায় ৫ বাজি ২০ মিনিট যোৱাৰ লগে লগে শেষ নিশ্বাস ত্যাগ কৰে…

ষ্টুডিঅ’

২য় : হয় বিতোপন! আপুনি কওক তাত এতিয়া কেনে পৰিবেশ? পৰিয়ালৰ কাৰোবাক আপুনি লগ পাইছে নেকি?

মৃতকৰ বাসগৃহ

বিতোপন : নিশ্চয়কৈ এক শোকাকোল পৰিবেশে বিৰাজ কৰিছে দীপাংকৰ৷ মই কেমেৰা পাৰচন অজয়ক দেখোৱাবলৈ অনুৰোধ কৰিম।

কেমেৰাটো চাৰিওফালে ঘূৰে। এজন ল’ৰাৰ কাষলৈ মাইকটো নি,

বিতোপন : আপুনি মৃতকৰ সম্পৰ্কীয়?

আগন্তুক : হয় ভতিজাক!

বিতোপন : কি ক’ব আপুনি এই মৃত্যুত?

আগন্তুক : কি ক’ম আৰু… ?

হয় দীপাংকৰ এখেত ভতিজাক আছিল। একো ক’ব পৰা নাই তেখেতে, শোকত ভাগি পৰিছে। প্রকৃতার্থত সকলো শোকত ভাগি পৰিছে দীপাংকৰ।

ষ্টুডিঅ’

২য় : হয় বিতোপন। আপুনি পৰিয়ালৰ আৰু কোনোবা সদস্যৰ সৈতে কথা পাতিছিল নেকি?

মৃতকৰ বাসগৃহ

বিতোপন : হয় দীপাংকৰ৷ এয়া মই মৃত ৰূপজ্যোতি বৰদলৈৰ ভাতৃক সুধিব বিচাৰিম৷ ৰূপজ্যোতি বৰদলৈৰ মৃত্যুত এই মুহূর্ত্তত কেনে অনুভৱ হৈছে আপোনাৰ?

ভাতৃ : সচাঁ অর্থত মই নিবিচৰা স্বতেও এই মুহূর্ত্তত দুটামান ফপৰা কুকুৰে কেমেৰা আৰু স্পীকাৰ লৈ মোক আমনি কৰি থকা যেন অনুভৱ হৈছে৷

টুত টুত টুত…

ষ্টুডিঅ’

১ম : বিতোপন দত্তৰ সৈতে আমাৰ সংযোগ বিচ্চিন্ন হৈছে। পৰবর্তী সময়ত আমি আপোনালোকক আকৌ এই বাতৰি দেখোৱাবলৈ চেষ্টা কৰিম।

তাৰ পিছত টিভিৰ পর্দাত সেই বাতৰিটো দেখা পোৱা নগ’ল৷

☆ ★ ☆ ★ ☆

2 Comments

  • হাঃ হাঃ, বেচেৰা ৰিপৰ্টাৰ বিতোপন—

    Reply
  • ঈশ্বৰ বৰা

    বঢ়িয়া লাগিল
    সকলোতে অনুভৱ বিচাৰি ফুৰা মানুহ???

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *