হস্তিনাপুৰ – সোণটো ৰঞ্জন বৰুৱা
হস্তিনাপুৰৰ বাতানুকূল কুৰুকুলৰ ৰাজসভা। সন্ধ্যা সময়।
সভাকক্ষত মাত্ৰ ধৃতৰাষ্ট্ৰ আৰু প্ৰধান পৰামৰ্শদাতা শকুনিয়ে ফুচফুচাই কিবা বিষয়ত আলোচনা কৰি আছে। বাকী সকলো সভাসদ ইতিমধ্যে মনোৰঞ্জনৰ বাবে দিহাদিহি প্ৰস্থান কৰিছে। অৱশ্যে শকুনি য’ত প্ৰধান পৰামৰ্শদাতা, তাত বাকী সভাসদৰ কাম সভা শুৱনি কৰা।
তেনেতে শকুনিৰ অতি বিশ্বস্ত সহকাৰী এজনে অতি বেগেৰে প্ৰৱেশ কৰি তেওঁৰ কাণে কাণে কিবা খবৰ দিলেহি। অলপ সময় কিবা ভাবি শকুনিয়ে সহকাৰীক আদেশ দিলে “দ্ৰোণাচাৰ্য্যক আমাৰ গুপ্ত কক্ষলৈ তাৎক্ষণিক তলব দিয়া। সাৱধান, যাতে খবৰ ভীষ্মৰ কাণত নপৰে।”
গুপ্ত কক্ষ। ধৃতৰাষ্ট্ৰ সিংহাসনত, গুৰুগম্ভীৰ স্বৰে শকুনিয়ে সন্মুখত অধোবদনে থিয় হৈ থকা গুৰু দ্ৰোণৰ ক্লাছ লৈ আছে,
“লুক মিঃ দ্ৰোণ, শুনিবলৈ পাইছোঁ আপোনাৰ বাৰ্ড একজামত মাত্ৰ অৰ্জুন পাছ হৈছে। মানে বাকী এশ চাৰিজন ফেইল। কি হৈছে এইবোৰ? স্কুল চলাবলৈ গ্ৰাণ্ট ঠিকেই পাই আছেতো। তাৰপাছতো এনে ৰিজাল্ট। আপোনাৰপৰা ১০০% বিচাৰিছিলো আৰু আপুনি ৰাজ্যৰ ধন মিছ ইউজ কৰিছে। পৰশুৰামৰ শিষ্য বাবে আপোনাক ১০৫ জন ৰাজকোঁৱৰৰ গুৰু নিযুক্তি দিছিলো। কিন্তু আপুনি মাত্ৰ এজনকহে……”
” চাৰ, শিক্ষাদানৰ ক্ষেত্রত মই কেতিয়াও পাল মৰা নাই। ৰাজকুমাৰসকলক নিয়মিতভাবে সৈদ্ধান্তিক আৰু ব্যৱহাৰিক দিশসমুহত প্ৰশিক্ষণ দি আছোঁ। আজি ধনুবিদ্যাৰ পৰীক্ষা আছিল। ধনুবিদ্যাত অৰ্জুন অদ্বিতীয়। মোৰ বিশ্বাস, অৰ্জুন এই সংসাৰৰ আটাইতকৈ নিপুণ ধনুৰ্বিদ হ’বগৈ। সেইদৰে ভীম, দুৰ্যোধন গদা, নকুল, সহদেৱ তৰোৱাল, যুধিষ্ঠিৰ বৰ্শা…… “
দ্ৰোণাচাৰ্য্যই নিজৰ চাফাই দিলে যদিও জানে, পিএৰ কোনো যুদ্ধৰ অভিজ্ঞতা নাই। জুৱা আৰু মানুহৰ মাজত কাজিয়া লগোৱাই তেওঁৰ মুখ্য কাম। গুৰুৰ ছাগল চুৰি কৰি লগৰীয়াৰ লগত খানা খোৱাৰ বাবে বিদ্যালয়ৰপৰা খেদা খোৱা মানুহ পি এ। একমাত্র মহাৰাণীৰ অনুগ্রহত এই পি এৰ ৰূপ লৈ ঘূৰি ফুৰে।
লগতে দ্ৰোণাচাৰ্য্যই এইটোও ভালদৰে জানে। পি এ ই ব্যৱহাৰিক দিশত তেওঁৰ লগত ফেৰ মাৰিব নোৱাৰিলেও, এটা কলমত তেখেতৰ বিদ্যালয়ৰ চাটাৰ ডাউন কৰি দিব পাৰে বা বেলেগ গুৰু নিয়োগ কৰাব পাৰে।
“লুক মি. দ্ৰোণ, ইটচ টু মাচ্চ। আপুনি এনিমেচন টেকনলজিৰ সহায়ত ল’ৰাহঁতক ধনুৰ্বিদ্যাৰ শিক্ষা দিব পাৰে। কাঁড় শ্ল’মোচনত গৈ চৰাইৰ চকুত লাগিব। সিহঁতেও দেখি উৎসাহ পাব, উৎসাহিত হৈ বিদ্যা লাভৰ প্ৰতি ধাউতি বাঢ়িব। তাকে নকৰি এতিয়াও সেই আওপুৰণি পদ্ধতিত শিক্ষা দি আপুনি ৰাজকোষৰ ধন অপব্যয় কৰা নাই নে? এতিয়া মহাৰাজে কি সিদ্ধান্ত লয় নাজানো, মই কিন্তু অত্যন্ত নিৰাশ হৈছোঁ।”
দ্ৰোণাচাৰ্য্যক গুৰু পৰশুৰামে এবাৰ কৈছিল, শিক্ষকে চাকৰি কৰিলে শিক্ষক হৈ নাথাকে, ভৃত্যলৈ পৰিবৰ্তন হয়। নিজৰ বিবেকক বন্ধক দি শিশুৰ বিকাশ কৰাৰ সলনি ৰজাক সন্তুষ্ট কৰি থাকিবলগীয়া হয়।
দ্ৰোণাচাৰ্য্যও উপায়বিহীন, শিক্ষকতা নকৰিলে পেট প্ৰৱৰ্তাবলৈও অন্য বাট নাই। যাব ক’লৈ? তল মূৰ কৰি উত্তৰ দিলে “মই মোৰ সামৰ্থ্য অনুযায়ী পূৰ্ণ চেষ্টা কৰিছোঁ। যদি অাপোনালোক ইয়াত সন্তুষ্ট হোৱা নাই, তেন্তে মোক আৰু এটা সুবিধা দিয়ক। চেষ্টা কৰিম, সকলো শিশুকেই যাতে ধনুৰ্বিদ্যাত সমানে পাৰ্গত কৰি তুলিব পাৰো। ”
ইমান সময়ে মনে মনে থকা ধৃতৰাষ্ট্ৰই মাত লগালে “আচাৰ্য্য, আপোনাৰ দক্ষতা তথা প্ৰচেষ্টাৰ প্ৰতি মোৰ কিঞ্চিতো সন্দেহ নাই। আমি মাত্ৰ বিচাৰিছোঁ সকলো শিশু সকলো বিদ্যাতে পাৰ্গত হওক। শতাধিক শিশুৰ ষাঠিজনেও চৰাইৰ চকুত কাঁড় মৰা হ’লেও আপোনাৰ যোগ্যতাৰ ওপৰত প্ৰশ্ন নুঠিলে হয়। কিন্তু মাত্ৰ এজন শিশু পাছ কৰা কথাটো হজম হোৱা নাই। হয়টো আপোনাৰ শিক্ষা দানত টেকনিকেল ফল্ট আছে।”
“এটা কাম কৰক গুৰুদেৱ, শকুনিৰ সহায় লওক। তেখেতে এই বিষয়ক লৈ ইতিমধ্যে বহু দেশ ভ্ৰমণ কৰিছে। তাৰে দুখনমান দেশত বোলে পৰীক্ষাত ১০০% পাছ কৰা পদ্ধতিত শিক্ষা দান কৰে। প্ৰতি পৰীক্ষাত পাছ কৰি গ’লে শিশুৰ মনোবলো বৃদ্ধি পাই, জীৱনৰ প্ৰতিটো পৰীক্ষা তেনেদৰেই সফল হৈ গৈ থাকে। মোৰ মতে আপুনি শকুনিৰ অভিজ্ঞতাৰ সহায় লওক। “
দ্ৰোণাচাৰ্যই আৰু একো মাত নামাতিলে। মাতি জানো কিবা লাভ হ’ব? বহু বিবেচনাৰ শেষত শিশুসকলৰ এখন চিলেবাছ দ্ৰোণাচাৰ্য্যক দিয়া হ’ল। সেই চিলেবাছ অনুসৰি দ্ৰোণাচাৰ্য্যই শিক্ষা দিব লাগিব। যদি পৰীক্ষাত কোনো শিশুৱে ফেইল কৰে, তেন্তে দ্ৰোণাচাৰ্য্যৰ ইনক্ৰিমেণ্ট বন্ধ কৰি দিয়া হ’ব। টিএ, ডিএ তেতিয়াহে পাব যেতিয়া ৯০% শিশুৱে পাছ কৰিব। অকল এজন ধনুৰ্বিদ, দুজন গদাধাৰী উলিয়ায়েই ইমান মোটা দৰমহা হজম কৰিবলৈ নাপাব।
চিলেবাছ তৈয়াৰ কৰিবলৈ শকুনিৰ অধ্যক্ষতাত এক উচ্চস্তৰীয় কমিটি গঠন হ’ল। শকুনি আয়োগৰ প্ৰতিবেদন মতে প্ৰতি বিষয়ক ৫০ নম্বৰৰ প্ৰশ্ন দিয়া হ’ব। মূল্যায়নৰ শেষত বহীসমূহ হস্থিনাপুৰলৈ প্ৰেৰণ কৰিব লাগিব।
(শিশু সকলৰ উত্তৰ চাই দ্ৰোণাচাৰ্য্যইনো কি শিক্ষা দিছে আভাস পোৱা যাব) মুঠ ৫০ নম্বৰত, মৌখিক, এচাইনমেণ্ট, প্ৰজেক্ট আদিত ৩০ নম্বৰ থাকিব, বাকী ২০ নম্বৰৰ লিখিত পৰীক্ষা হ’ব। প্ৰশ্নকাকতসমুহ ৰাজধানীৰপৰা প্ৰেৰণ কৰা হ’ব। ইত্যাদি….
ছমাহৰ পিছত ৰাজধানীৰপৰা অহা প্ৰশ্ন কাকত আহিল।
ছমহীয়া পৰীক্ষা
বিষয় – ধনুর্বিদ্যা
নম্বৰ – ৫০, সময় – ২ ঘণ্টা
১) যিকোনো ৫ টা প্ৰশ্নৰ উত্তৰ দিয়া।
ক. ধনুর্বিদ্যা কিয় শিকিব লাগে? উদাহৰণসহ বুজাই দিয়া।
খ. ধনু আৰু গদাৰ মৌলিক পাৰ্থক্য কি? ১০০ শব্দৰ ভিতৰত লিখা।
গ. উৎকৃষ্ট ধনুৰ দহটা গুণ বুজাই লিখা।
ঘ. যুদ্ধৰ পাঁচটা নিয়ম লিখা।
……..
……..
ঞ. যুৱৰাজ হ’বলৈ এক উৎকৃষ্ট ধনুৰ্বিদ হোৱা অাৱশ্যক নে? বুজাই লিখা।
প্ৰশ্ন কাকত দেখি দ্ৰোণাচাৰ্য্যৰ মূৰ ঘূৰি গ’ল। ধনুৰ মুঠিত হাত নলগোৱা এজনেওচোন এইবোৰ প্ৰশ্নৰ উত্তৰ দি পাছ কৰি যাব পাৰিব। কিন্তু এজন দক্ষ যোদ্ধা হ’ব পাৰিব জানো? তেওঁ লগালগ ৰাজধানী লৈ সহকাৰী এজন প্ৰেৰণ কৰি নিজৰ সংশয়ৰ বিষয়ে জনালে।
“আপোনাৰ কাম পৰীক্ষা পতা, তাৰপাছত বহীসমূহ ইয়ালৈ প্ৰেৰণ কৰা। বাকী বিষয়সমূহ চাবলৈ আমি আছোঁ নহয়। আমি এজন যোদ্ধা চিনাক্ত কৰাৰ সলনি সকলো শিশু পাচ কৰাটো বিচাৰিছোঁ। শিশুসকলৰ ওপৰত মানসিক চাপ নপৰিবলৈ প্ৰশ্নসমূহ উজু কৰি দিয়া হৈছে।”
ৰাজধানীৰপৰা শকুনিৰ উত্তৰ আহিল। হাত ভৰি বন্ধা দ্ৰোণাচাৰ্য্যৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাদে উপায় নাইকিয়া হ’ল। পৰীক্ষাত ১০০% শিশু উত্তীৰ্ণ হ’ল। ধৃতৰাষ্ট্ৰ সন্তুষ্ট হৈ দ্ৰোণাচাৰ্য্যক মহা আড়ম্বৰে গুৰুশ্ৰেষ্ঠৰ সন্মান দিলে…..
আৰু তেতিয়াৰেপৰা এতিয়ালৈ হস্তিনাপুৰত……
☆ ★ ☆ ★ ☆
8:14 pm
বঢ়িয়া লাগিল সোনটো
9:22 pm
সদায়েই উচ্চ ব্যংগ পঢ়িবলৈ পাঁও তোমাৰ পৰা
9:28 pm
এইখন মহাভাৰত আমাৰ শিক্ষামন্ত্ৰীক পঢ়ুৱাব লাগিব তেন্তে। সোণটো দা, এইটোৱেই চাগে আপোনাৰ যোৱা দুইমাহৰ ফচল ন?
10:12 pm
ভাল লাগিল
7:40 am
তামাম দিলাহে সোনটো৷