হেপ্পী বাৰ্থদে – সোমেশ্বৰ বৰা
ৰাতি বাৰ বাজিল মানে এবেগেতীয়াটোৱে ধৰাধৰ সংকেত দিলেই, ‘হেপ্পী বাৰ্থদে, হেপ্পী বাৰ্থদে’। দুদিনমান আগৰেপৰাই গাটোও সাতখন আঠখন, ৰঞ্জিৎ ৰঞ্জিৎ লাগি আছিল “হেপ্পীৱালা বাৰ্থদে” আহি আছে বুলি। নিজে নাপাতো বুলিলেও জুকাৰ ভায়ে সোঁৱৰাই দিবলৈ নেপাহৰে। জুকাৰ ভাই সহোদৰ ভাই নহ’লেও কেক খোৱাৰ আশাতে ডাটা অন কৰাৰ লগে লগেই মোৰ সকলো বন্ধু বান্ধৱীক মনত পেলাই দিব আজি অমুক/অমুকীৰ বাৰ্থদে। বাৰ বাজিল, কেক কাটক। কেক কটা, কেক খুৱাই দিয়া ফটো দুখনমান আপলোড কৰি দিয়ক। হৈ গ’ল হেপ্পী বাৰ্থদে।
ল’ৰাৰপৰা বুঢ়ালৈকে হেপ্পী বাৰ্থদেৰ নামত উৎসৰ্গিত এয়া মনৰ গুপুত কথা। সময়ৰ খোজত থুপুক থাপাক খোজ দিওঁতে সেয়ে গাওঁ আহক,
সময়ৰ অগ্ৰগতিত
পক্ষীৰাজত উঠি
যাওঁ মই নতুন দিগন্ত লৈ,
নাই আক্ষেপ কোনো
পোৱা নোপোৱাৰ
সমুখত পোহৰৰ
জলন্ত জোৱাৰ
হেপ্পী বাৰ্থদে মানেই ইংলিছ ভিংলিছ ইলাহী কাৰবাৰ। কেক এটা আনিব লাগিব। তাতে নামটো লিখা থাকিব। কেইবছৰমান হ’ল মমবাটিৰ সংখ্যাও তেনেদৰে বহুৱাই জ্বলাই ল’লো। ফু-মাৰি মমবাটি নুমুৱাই দিলো। লগে লগে হাততালি, “হেপ্পী বাৰ্থদে’ টু ইউ”। কেকৰ লগতে অহা কটাৰীখনেৰে কেকটো কাটি খালো আৰু আত্মীয়কো খুৱালো। এইখিনি কৰিবলৈ বাৰ বজালৈ কলমটীয়াই থাকিলো। পিছত দিনৰ বেলালৈ লাঞ্চ/ডিনাৰ, টি-পাৰ্টি চলিল আৰু উপহাৰ কিছুমান পালো।
হেপ্পী বাৰ্থদে ইংলিছ ইংলিছ ফিলিং। গতিকে শুভ ওপজা দিন, শুভ জন্ম দিন আদি শুভবাৰ্তাবোৰও অমিল অমিল যেনহে লাগে। কেনেবাকৈ কেকটো কাটোতে শুভ ওপজা দিন, শুভ ওপজা দিন বুলি হাততালি দি নাইপোৱা বাবেহে কথাটো ক’লো।
পিছে মাকৰ মনে নেমানে। গোঁসাই আগত চাকি এগছি, ধূপ দুডাল জলাই গাবলৈ নেপাহৰে।
কিমতে ভকতি কৰিবো তোমাত হৰি এ
মই মূঢ়মতি নাজানো তাৰ উপায়….
নামঘৰত শৰাই এখন দি আতৈৰ আশীৰ্বাদ ল’ব
নমো নমো নাৰায়ণ প্ৰসন্ন…..
ওপজা দিন উপলক্ষে….
অপৰাধ বিনাষন…
নন্দ যশোদা, বসুদেৱ দৈৱকীয়ে শ্ৰীকৃষ্ণৰ ওপজা দিন পাতিছিল নে নাই নেজানো আমি কিন্তু তেৰাৰ জন্ম দিন পকামিঠৈৰে ধুমধামেৰে পাতো। দেৱী সত্যসন্ধ্যা আৰু কুসুম্বৰ ভূঞাৰ ঘৰত কেক কাটিছিল নে নাই জনা নেযায়। আমাৰহে মাকহঁতে হেপ্পী বাৰ্থদেৰ নামত পুত্ৰৰ বেগত ইকলিয়াচ, কেদবেৰিজৰ চকলেট দুপেকেটমান পঢ়াশালিলৈ দিয়াৰ নিয়ম হ’ল। বাৰ্থদে’ বুলি নতুন কাপোৰ এসাজ পিন্ধাই ডিঙিত পখিলা এটা মাৰি মুৱাহ মুৱাহ কৈ নেদেখা হোৱালৈকে বিদ্যালয়ৰ গে’টত ফ্লাইং কিচ দিয়া নিয়ম হ’ল।
মুৰুলি মোহনৰ পকা মিঠৈৰ ঠাইত আমি যেনিবা গৰৈ পোৰা, গাহৰি পোৰা, কেকোৰা পোৰা, ৰগোন জুচ, বাটাৰ চিকেন, বাটাৰ নান, ইলাহাবাদী, হাইদৰাবাদী ৰেচিপিৰে বাৰ্থদে পালিছোঁ। অলিয়ে গলিয়ে নগা কিটচেন, মিছিং কিটচেন, চাইনীজ কিটচেন, চুংফা, ভোট জলকীয়া – দি ধাবা, চিটি ধাবা, ক্ৰেকলিং মাষ্টাৰ্ড, হাইৱে ধাবাবোৰ, সোণাপুৰৰ ৰিজৰ্ট আছেই দেখোন।
পিছে আচল কথাটো হ’ল, আমাৰ দিনত হেপ্পী বাৰ্থদে আই বোপায়েও মনত ৰখা নাছিল। হেড চাৰে এল পিত নাম লগাওঁতে মিলাই তাৰিখ এটা দিছিল আৰু সেইটোৱেই আছিল আমাৰ হেপ্পী বাৰ্থদে’। আজিকালি হেড চাৰৰ ঠাইত এবেগেতীয়াটোৱে ভুৰুকাত হাতী সুমুৱাই থোৱা দি সব সুমুৱাই থয় আৰু মনত পেলাই দিয়ে।
“মেনি মেনি হেপ্পী ৰিটাৰ্ণচ অফ দি দে।”
☆ ★ ☆ ★ ☆