ফটাঢোল

যযাতি : নীলাক্ষি দেৱী ডেকা

বহুতদিনৰ মূৰত গুৱাহাটীৰ পৰা গাঁৱৰ ঘৰলৈ আহিছোঁ। ডাঙৰ ভটিজা ল’ৰাটোৰ বিয়া। ককাইদেউ ঢুকোৱাৰ পৰা ময়েই দুয়োখন ঘৰৰ মূৰব্বী হেন। গাঁৱৰ ঘৰত বৰ্তমান নবৌ আৰু সৰু ল’ৰা ছোৱালী দুটা। ডাঙৰ ল’ৰাটোৱে ইঞ্জিনীয়াৰিং আৰু এমবিএ পাছ কৰাৰ পাছত বাংগালুৰুৰ প্ৰাইভেট কোম্পানী এটাত কৰ্মৰত। বৌৰ ইচ্ছা তাৰ সোনকালে বিয়াখন পতা হওঁক। আলেঙে আলেঙে ছোৱালীও চাইছে দুজনীমান। বৌৰ ভায়েকদুজনেও এই বিষয়ত সহায় কৰিছে বহুত। মোৰ বাৰে বাৰে অহাৰ অসুবিধা। অফিচৰ কামত দিল্লী কলকতা দৌৰি ফুৰোতেই যায়। মাহৰ আধা যদি ঘৰত বাকী আধা হোটেলৰ ৰূমত কটাইছোঁ। আজি বৌৱে জোৰ কৰিছে। ভটিজা নন্দনো আহি ঘৰতে আছে। ইতিমধ্যে চোৱা ছোৱালীবোৰৰ মাজৰে এজনী বৌৰ বৰকৈ পচন্দ হৈছে। ছোৱালীজনী ঘৰৰ নুমলীয়া। এম এ পাছ কৰি ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি এটা কৰি আছে। গুৱাহাটীতেই হেনো। ককায়েকে বিয়া পাতিছে। বায়েক দুজনীৰো বিয়া হৈছে ইতিমধ্যে। আজি নন্দনৰ পচন্দ হ’লে একেলগতে কইনাক আঙঠি পিন্ধাই আহিবৰ মন বৌৰ। বহাগত নতুন পঞ্জিকা ওলালে ভাল দিন বাৰ এটা চাই বিয়াখনো পতাৰ ইচ্ছা।

পুৱা নমান বজাত গাঁৱৰ ঘৰৰ পৰা যাত্ৰা কৰিলোঁ আমি। ছোৱালীৰ ঘৰলৈ দুঘণ্টাৰ বাট। গাড়ী দুখন লৈছোঁ। এখনত নন্দন, মোমায়েক, মামীয়েকহঁত। মোৰ গাড়ীখনত মোৰ লগত মোৰ পৰিবাৰ, ছোৱালীজনী আৰু বৌ। ল’ৰাটোক ইমান লগ ধৰিলোঁ আহিবলৈ মন নকৰিলে সি। লগৰ ল’ৰাৰ লগত এফালে ফুৰিবলৈ যোৱাৰ কথা।
বাটত এঠাইত ৰৈ হোটেলত একোকাপ চাহ খাই লৈ আমি পুনৰ আমাৰ যাত্ৰাপথত আগবাঢ়িলোঁ। গাড়ীৰ পিছৰ চিটত দুই জা- জোৱালী কথাত মগন। মোৰ ছোৱালীজনীয়ে আগৰ চিটত বহি মোবাইলৰ লগত ব্যস্ত। কাণত হেডফোন। কিবা সুধিলেও উত্তৰ পোৱাৰ আশা কম‌। মই আগলৈ মন দি গাড়ী চলোৱাত মন দিলোঁ।
পথৰ দুয়োকাষৰ পথাৰবোৰত ধান চপোৱাৰ পৰ্ব চলি আছে। সোণোৱালী পথাৰবোৰ এফালৰ পৰা নগ্ন হৈ আহিছে লাহে লাহে। ভঁৰালবোৰ ভৰুণ হোৱাৰ সময়।পথাৰলৈ চাই একাকীত্বৰ বাসনা এটাই হেঁচা মাৰি ধৰিলে মোক। অজানিতে দুই ওঁঠৰ মাজেদি হুমুনিয়াহ এটা বাগৰি আহিল।

ছোৱালীৰ ঘৰ পাওঁ মানে দুপৰেই হ’ল। আমি গৈ পোৱাৰ লগে লগে সকলোৱে আদৰ সাদৰেৰে নি আমাক ড্ৰইংৰূমত বহুৱালে। আসাম টাইপৰ আহল বহল ঘৰ। বাৰীখনো ডাঙৰ। ছোৱালীৰ মাক দেউতাক মোতকৈ বয়সত ডাঙৰ হব অলপ। মাকৰ চকুত লগা চেহেৰা। এই বয়সতো দেখাত সুন্দৰীয়েই হৈ আছে। তেখেতক দেখি এনে লাগিল যেন আগতে মই দেখিছোঁ কৰবাত।

প্ৰথমতে একোগিলাছ চৰ্বত আহিল। তাৰপাছত জলপানৰ প্লেট। ছোৱালীৰ ঘৰে অভ্যৰ্থনাত ক্ৰটি ৰখা নাই একো। জলপান খাই শেষ কৰোঁ মানে হাতত চাহৰ ট্ৰে লৈ এগৰাকী বয়সস্থ মহিলাৰ পাছে পাছে তেওঁ সোমাই আহিল চৌদিশে ৰূপৰ জোৱাৰ তুলি। খোজত স্বাভাৱিক সলজতা। মুগ্ধ দৃষ্টিৰে তেওঁৰ মুখলৈ চাবলৈ ওলাওতেই চক খাই উঠিলোঁ মই। সেই থুঁতৰিৰ তিলটো! চুলিখিনি আজি খোঁপা বান্ধি থৈছে যদিও কেঁকোৰা চুলিখিনি ঠিকেই চিনি পাইছোঁ মই। কপালত পৰি থকা অলকা কেইদাল চিনাত কেনেকৈ ভুল কৰিব পাৰোঁ! মই জনা প্ৰিয়দৰ্শিনী নামটো বৌৱে কোৱা নামটোৰ লগত নিমিলে। তথাপিও মোৰ ভুল হোৱাটো অসম্ভৱ। বহুত উজাগৰী ৰাতিৰ সময় পাৰ কৰিছোঁ তেওঁৰ লগত কথা পাতি। মই লিখা গল্পবোৰত তেওঁ মুগ্ধ হৈছে আৰু তেওঁৰ স্বৰচিত কবিতাত মই ডুব গৈছোঁ। বেছিভাগ কথাবতৰা মেচেজৰ যোগেদিয়েই হয় যদিও দুবাৰমান ভিডিঅ কলো কৰিছোঁ। মোৰ ফটোগ্ৰাফীৰ চখৰ কথাও সুধিছিল তেওঁ। মই সুধিছিলোঁ তেওঁৰ প্ৰিয় ৰঙৰ, প্ৰিয় গানৰ কথা। নিশাটো জোনৰ বোকোচাত উঠি আগুৱাইছিল সেইদিনা। বতাহত বনৰীয়া ফুলৰ সুবাস ভাঁহিছিল। আৰু আৰু…।

ফেচবুকৰ প্ৰফাইলত ফটো নাৰাখোৱেই মই। সেইটো মোৰ চিৰদিন মানি চলা প্ৰাৰম্ভিক সাৱধানতা। এসপ্তাহৰ আগতে মোচখিনিও খুৰাইছোঁ। চশমা পিন্ধা অৱস্থাতো দেখা নাই মোক তেওঁ। কিন্তু চকুৰ দৃষ্টি লুকুৱাব পাৰিম জানো? তেনেতে তেওঁ মোৰ মুখলৈ চালে। চশমাযোৰৰ আঁৰত প্ৰাণপ্ৰণে আত্মগোপন কৰিব খোজা আচল মইটোক বাৰু চিনি পাইছে নেকি তেওঁ? আৰু চিনি পাইছে নেকি মোৰ সোঁহাতৰ তৰ্জনীৰ পোখৰাজৰ আঙুঠিটো! লুকুৱাই ৰখা ফেচবুকৰ প্ৰফাইল পিকচাৰখন যেন উন্মোচিত হৈ গ’ল,মই কব নোৱাৰাকৈয়ে!

☆ ★ ☆ ★ ☆

22 Comments

  • কাবেৰী মহন্ত

    খুউব ভাল লাগিল নীলাক্ষী৷

    Reply
  • সমুজ্জ্বল কাশ্যপ

    খুব ভাল লাগিল ? বা।

    Reply
    • নীলাক্ষি

      অশেষ ধন্যবাদ সমুজ্জ্বল ☺️☺️

      Reply
  • বিজু গগৈ

    ভাল লাগিলে পঢ়ি৷

    Reply
  • Karabi Phukon

    ভাল লাগিল পঢ়ি

    Reply
    • নীলাক্ষি

      অশেষ ধন্যবাদ জনালোঁ?

      Reply
  • হেমন্ত কাকতি

    চক খাই উঠিলোহে! সুন্দৰ নীলাক্ষী৷

    Reply
    • নীলাক্ষি

      অশেষ ধন্যবাদ দাদা ?

      Reply
  • বহুত ভাল লাগিল ।

    Reply
    • নীলাক্ষি

      ধন্যবাদ মৌচুমী!☺️

      Reply
  • anjan sadhanidar

    মজা লিখিছা৷ বহুত ভাল লাগিল৷

    Reply
    • নীলাক্ষি

      আন্তৰিক ধন্যবাদ জনালোঁ আপোনাক।

      Reply
  • Anonymous

    ভাল লাগিল ।।

    Reply
    • নীলাক্ষি

      ধন্যবাদ জনালোঁ!☺️☺️

      Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল পালো গল্পটো ৷ (খল)নায়কৰ চৰিত্ৰটো উপস্থাপন কৰাত লেখিকাৰ চাতুৰ্য মন কৰিবলগীয়া ৷ সমাজৰ পতনৰ গোপনীয় এক কাৰণৰ বিশ্লেষণ গল্পটোৰ মাজেৰে লেখিকাই বৰ সুন্দৰভাবে কৰিছে ৷

    Reply
    • নীলাক্ষি

      আপোনাৰ সুন্দৰ মন্তব্যত আপ্লুত হলোঁ। এনেবোৰ কথাৰ পৰাই লিখিবলৈ উৎসাহ আৰু সাহস পাওঁ। আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা ?

      Reply
  • Chandana Das

    বৰ ভাল লাগিল

    Reply
    • নীলাক্ষি

      অশেষ ধন্যবাদ চন্দনা। উৎসাহ পালোঁ। ☺️

      Reply
  • Diganta K Bhattacharya

    কেতিয়া লিখা এইটো? ভাল ভাল!!

    Reply
    • নীলাক্ষি

      জমা দিয়াৰ দিনাই লিখা। বোধকৰোঁ 29 নৱেম্বৰ। ধন্যবাদ দেই!☺️

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *