তিতা -কেঁহা – হিমাংশু ভাগৱতী
চুন ৰহা হে না তু ৰো ৰহা হু মেই ..
এখন দেশত লোহিত নদীয়াল বাস কৰিছিল । বাস কৰিছিল মানে ,খিলঞ্জীয়া নাগৰিক।
লোহিত নদীয়ালৰ বয়স কিমান ভালকৈ কোনেও নাজানে, আচলতে কোনেও জানিব নিবিচাৰে । উৎসৱে পাৰ্বনে নহ’লে নহয় ধৰণৰ এক পৰম্পৰা হৈ গৈছে কাৰণেহে সেইবোৰ দিনত লোহিত নদীয়ালক সকলোৱে বিচৰাৰ দৰে কৰে , এনেয়ে ক’ত পৰি থাকে খবৰ নাই । খবৰ লবলৈ কাৰো আহৰি নাই , সকলো ব্যস্ত যে ; ইমান কাম থাকে সকলোৰে। এইবিলাক লৈ লোহিত নদীয়ালৰ কোনো আক্ষেপো নাই ,নিজৰ মতে চলি থাকে।
হঠাৎ লোহিত নদীয়ালক লৈ সকলোৰে খদমদম লাগিল। দেশখনৰ ৰজাই লোহিত নদীয়ালৰ অৰিহণাক সন্মান জনাই কিবা উৎসৱ পাতিব । বিৰাট কাৰবাৰ । সমগ্ৰ নাগৰিক উবুৰি খাই পৰিল, লোহিত নদীয়ালক জনাবোৰেও নজনাবোৰেও । মুঠতে সকলোৰে দিন ৰাতিৰ আলোচনাত লোহিত নদীয়ালে আগস্থান পালে। টিভি, পেপাৰ, ফেচবুক সকলোতে আলোচনা বিলোচনা চলিল।
লোহিত নদীয়াল প্ৰেমীবোৰ দুটা ভাগত ভাগ হ’ল ।এটাই আস্থা চেনেলৰ জৰিয়তে ৰজাক সমৰ্থন জনালে আৰু আনটোই পি এচ পি এন (পৰ চৰ্চা পৰ নিন্দা) চেনেলৰ জৰিয়তে কাৰ্য্যসূচী বোৰৰ প্ৰতিবাদ কৰিলে আৰু লোহিত নদীয়ালৰ ওপৰত হব পৰা বেয়া প্ৰভাব বোৰৰ আলোচনা আগবঢ়ালে।
ৰজা ঘৰৰ কাম, যেনেকৈ নহ’লেও যথাৰীতি সমাপ্ত হব । হ’লো। লোহিত নদীয়ালে বিশেষ একো অনুভৱ নকৰিলে। জীৱন কালত ইমান অভিজ্ঞতা হৈছে যে এই সৰু সুৰা কথাবোৰে বেচি একো প্ৰভাব নেপেলায়।
অনুষ্ঠান শেষ হোৱা ৰাতিৰ কথা । লোহিত নদীয়াল বিৰক্তিত বহি আছিল। দুৰত দুটা দলত মানুহ কিছুমান বহি আছে। প্ৰথম দলটোত পি এচ পি এন ৰ মানুহবোৰ। বহুত চেষ্টা কৰিও একো সুবিধা কৰিব নোৱাৰি দুখতে মদৰ আড্ডাত বহিছে। লাহে লাহে কথা বাৰ্তাবোৰ গৰম হৈ আহিছিল। লোহিত নদীয়ালে বৰ এটা মন কৰি থকা নাছিল। হঠাৎ দলৰ কোনোবা এটাই কিবা খঙত মদৰ বটল এটা জোৰেৰে মাৰি পথিয়ালে , আহি লোহিত নদীয়ালৰ গাতে পৰিল । বৰ দুখ পালে লোহিত নদীয়ালে । দেহ মন দুয়োটাতে । যাঃ যি হ’ল হ’ল। পাহৰি যাবলৈ যত্ন কৰিলে। নেক্সত ৰজাঘৰে কিবা কৰিলে সুবিধা অলপ যেনেকৈ নহ’লেও লব লাগিব বুলি সিদ্ধান্ত লৈ পি এচ পি এন দলটো আতৰি গ’ল।
আস্থা গ্ৰুপৰ পাৰ্টী গোটেই ৰাতি চলিল। হাজাৰ হওক চাকচেচ পাৰ্টী। লোহিত নদীয়ালেও দুৰৰ পৰা অলেখ লেখ চাই থাকি টোপনি গ’ল। ৰাতি পুৱা হোৱাৰ আগে আগে হঠাৎ নদীয়ালৰ টোপনি ভাগি গ’ল। মস্ত হাহাকাৰ, কাজিয়া । উমান লৈ নদীয়ালে গম পালে ভাগ বতৰাক লৈ গণ্ডগোল। পাৰ্চেণ্টেজৰ অংক মিলা নাই , উঠা উঠি, মাৰ পিট। হঠাৎ কোনোবা এজনে আকৌ এটা মদৰ বটল জোৰেৰে মাৰি পথিয়ালে। লোহিত নদীয়ালৰ গাত বেয়াকৈ লাগিল। কিন্তু কি কৰিব, নিৰুপায় । কাজিয়া শেষ নোহোৱাকৈয়ে আস্থা গোটৰ মানুহবোৰ লাহে লাহে আতৰিল।
পুৱালৈ দুখে কষ্টে লোহিত নদীয়ালৰ টোপনি নাহিল। এইকেইদিন লোহিত নদীয়ালে তেওৰ ৰাতিপুৱাৰ সংগীবোৰকো দেখা পোৱা নাছিল। বোধহয় ভীৰৰ মাজত হেৰাই আছিল। আজি এটা দুটাকৈ আহিব লোৱা দেখি লোহিত নদীয়ালে সকাহ পালে । অলপ দুখ বুজা দুই এজন পালে মনৰ দুখবোৰ পাতলিব।
সম্বৰ্ধণা জনাই পিন্ধোৱা মালাবোৰ লাহে লাহে লোহিত নদীয়ালে পুতি থ’লে , আবৰ্জনা হৈছিল গোটেইবোৰ। ঘৰখনত গোট খোৱা জাঁবৰবোৰ আতৰ কৰাৰ উপাই ভাবি থাকোতে বহুত সময় গ’ল। হঠাৎ বৰষা কলিতাক মনত পৰিল, হয়তো বৰষা আহিলে একে বাৰে চাফা কৰি দিব পাৰিব সকলো।
লোহিত নদীয়ালে বৰষালৈ ৰিঙিয়ালে। এই কেইদিন শুনি শুনি বোধহয় , হিন্দীতে ওলাই গ’ল। লোহিতে ৰিঙিয়ালে
চুন ৰহা হে না তু
ৰো ৰহা হু মেই ■■
5:14 pm
ভাল লাগিল
9:37 pm
Namami, bhal lagil
11:35 am
ভাল লাগিল |
আগলৈ আৰু নতুন নতুন গল্পৰ আশাৰে…….
10:10 am
প্ৰকৃত স্বৰূপটো ব্যংগৰে প্ৰকাশ কৰিছে। এয়া ৰজাঘৰীয়াৰ অপসংস্কৃতি, সুন্দৰ ভাৱে ফুটি উঠিছে ভাল লাগিল।
7:15 pm
আলটিমেট !