ফটাঢোল

আপদীয়া পদ্য – চিদানন্দ বৰা

 

বুকুত কুঠাৰ মাৰিলেও ’ক’ বুলিব নোৱাৰে যি
সমাজৰ ঠিকাদাৰ, দেশৰো লেকাম ধৰে সি
ধন্য ধন্য গনতন্ত্ৰ
ধন্য তোৰ তন্ত্ৰমন্ত্ৰ
চাণক্যনীতিৰহে জয়জয়ময়, পঢ়াশুনাত ধৰি ফালিবা কি !

 

 

দেশ বুলিলে নালাগে আদেশ – কিযে মৌসনা কথা,
আখৈ ফুটাদি ফুটিলে মুখত, নাপায় হিয়াই বেথা।
অতি ভক্তি চোৰৰ লক্ষণ
গো-গ্ৰাসে কৰা ভক্ষণ
কঠালচোৰৰ ভকতি দেখিবা , যদি চাব জানা আঠা !!

কুৱেটীবাবুৰ বাৰীৰ ঢাপত আছিল এজনী সাপ
এলাপেচা একোৱেই নাখায়, উটৰ গাখীৰতহে ৰাপ
লেখি লেখি পাৰে কণী
ঘৰতো সেয়ে ওৱাদানি
বটাচৰাইৰ কণী বুলি ভাৱি , বিজয়েও মাৰে থাপ !!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *