কবি সন্মিলনৰ ইলিজি – নবজিত বৈশ্য
এদিনৰ কথা
বহি আছিলোঁ কবিৰ সভাৰ এচুকত
কবিতা শুনি বহি থাকোঁতে
মোৰ নখবোৰে আঁচুৰিবলৈ ধৰিলে মোক
অৰ্থৰ ঢালেৰে প্ৰতিহত কৰি
শব্দৰ খঞ্জৰ
কোনোমতে বহি থাকিলোঁ
শালীনতা ৰক্ষা কৰি
যিদৰে কবিৰ সভাত এজন কবি
বহি থাকে বুলি মোৰ বিশ্বাস
মোৰ বিশ্বাসৰ সৰলতাক দুৰ্বলতা বুলি প্ৰতিপন্ন কৰাৰ অহেতুক আকাংক্ষাত
লাহে লাহে জিঘাংসু হৈ উঠিল
মোৰ দুৰ্বিনীত নখবোৰ
লাহে লাহে উদণ্ড হৈ উঠিল
জেপৰ পৰা মোবাইল-স্ক্ৰীণ ফাইল-ডায়েৰীৰ পাতৰ পৰা
উফৰি অহা শব্দবোৰ
উদণ্ড শব্দবোৰৰ হাতত নিগৃহীত
মোৰ অৰ্থবোৰে পাছ হোঁহকিবলৈ ধৰিলে
হত্যা ধৰ্ষণ লুৃ্ণ্ঠন অগ্নিসংযোগ চুৰিকাঘাত আদি শব্দবোৰে আক্ৰমন চলালে মোৰ অৰ্থৰ গাঁওবোৰত
অৱশেষত
কাব্য প্ৰত্যন্তৰ মোৰ গাঁওবোৰৰ পৰা
যেনিয়ে-তেনিয়ে পলাল
আৰোপিত অৰ্থৰ বশ্যতা স্বীকাৰ কৰিব নোখোজা মোৰ শব্দবোৰ
এৰি থৈ কৌপাতৰ চালিৰে সজা
বঞ্চিত বহুজনৰ দৰে পঁজা
অচিনা অৰণ্যত মাজনিশালৈ ঘুৰি-পাকি
ভোক আৰু ভাগৰত লবেজান হোৱাৰ পাছতহে
মোৰ শব্দবোৰে বুজি পালে
সিহঁতৰ অৰ্থৰ দেশ উছন কৰা আক্ৰমনকাৰীহঁত আচলতে শব্দ নাছিল
আছিল উচ্চাৰণ
হয়তো কবিৰ সভাত
কবিতাতকৈ শক্তিশালী হৈ উঠে উচ্চাৰণ
হয়তো কবিৰ সভাত
কবিতাতকৈ শক্তিশালী হৈ উঠে
কবিতা লিখা মানুহজন
সেয়েহে মই প্ৰস্তাৱ ৰাখিলোঁ মোৰেই ওচৰত
সমৰ্থন কৰিলোঁ মোৰেই শপতত
শব্দবোৰৰ সুস্বাস্থ্যৰ খাতিৰত
বাতিল কৰা হ’ক অনাগত দিনৰ
সকলোবোৰ কবি সন্মিলন
পুণশ্চঃ
এই প্ৰস্তাৱ উঠাই লোৱা হ’ব পাৰে
যদি কেতিয়াবা কৰবাত
কবিতাৰ সভা বহে
কবিতাৰ আল-পৈছান ধৰিবলৈ
কবিতা লিখা মানুহবোৰো আহে
যদিহে শব্দবোৰৰ নিৰাপত্তাৰ উপযুক্ত ব্যৱস্থা থাকে
☆ ★ ☆ ★ ☆