ফটালিমাৰিক – ধনজিত বৰুৱা
*শিয়ান
সেই সকল মহান বুলি শিয়ালে দিয়ে ভাষণ
জুইৰ উপৰত ত্যাগেৰে যিজনে লয় আসন
সেইকুৰা জুইতে আলু কচু পুৰি
শিয়ালে বছৰ বছৰ জুৰি
মাইক্ৰফোনটো লৈ সৰকাই নিয়ে নিজলৈ ৰেচন
&হে মহান
সংস্কৃতি পাছত ৰাখিব হে মহান বায়ন দেউ
প্রথমে এৰক কলা পেটৰ বিড়াল পণ্ডিতৰ চেউ
আপুনি হে আপুনি
বাকীবোৰ মেটেকা পুনি
বাঘৰ ভাও দি মাছ বিছাৰে কৰি মেউ মেউ
&আপুনি
আমি সহজে ছাৰ বুলিলে আপুনি বোলে ছ্যাৰ
আশা কৰে ছাৰৰ পৰা বিশেষ ধৰণৰ প্যাৰ
চহীৰ মূল্য আপুনি জানে
আমাৰ মূল্যবোধে নামানে
দুনিয়া দাৰিত আমি পনীয়া আপুনি কিন্তু ক্ষাড়।
# লিমাৰিকৰ ছন্দত সোঁৱৰণী
মাহেকৰ মুৰত যে আনে অচিন মামাই
পিংক্ৰিফু,ডেমপেহা আৰু কত সঁফুৰা ভৰাই
অ সৰু চৰাই
নে দেউকাত বহাই
সৰু মোৰ সুখৰ জীপনি দে চোন ঘুৰাই
☆ ★ ☆ ★ ☆