ফটাঢোল

ফটা প্ৰেম : জ্ঞান বৰদলৈ

অভিনবৰ বাবে বহু আকাংক্ষিত আজিৰ দিনটো৷ আজি দেবলিনাৰ বাৰ্থ ডে৷ দুয়ো প্ৰেমিক প্ৰেমিকাই আজি দিনটো বিশেষ ভাৱে উদযাপন কৰাৰ প্লেন৷ সেই বাবেই চহৰৰ অভিজাত ৰেষ্টুৰেণ্টখনত কালি সন্ধিয়াই গৈ অভিনবে এখন টেবুল বুক কৰি আহিছে আৰু বাৰ্থ ডেৰ বাবে কিবা অলপ স্পিছিয়েল এৰেঞ্জ কৰি আহিছে৷ তাতে আকৌ মুম্বাইত পঢ়ি থকা দেবলীনাৰ পেহীয়েকৰ জীয়েকজনীও তাইৰ লগত অহাৰ কথা, গতিকে প্ৰগেম আৰু স্পিছিয়েল।

ৰাতিপুৱাই ডাঢ়ি, চুলিকেইডাল কাটি আহোঁ বুলি স্কুটাৰখন লৈ অভিনব ঘৰৰ পৰা ওলাই আহিল৷ ঘৰৰ পৰা ওলাই গলিটোৰ সন্মুখ পাওঁতেই কোনোবা এটাই অভি দা, অভি দা বুলি চিঞৰি উঠিল। পাছফালে ঘূৰি চাই দেখে যে সেইটো তাহাঁতৰ ভাড়া ঘৰত থকা পাচলি বেপাৰী হেকাদা৷

হেকা দাই সি ৰোৱাৰ লগে লগেই আঠ, দহটা মান পাচলি মোনা লৈ তাৰ স্কুটাৰত বহি পৰিল৷ ক’লে দাদা মোক বচাওক, আজি সেউজ নগৰত থকা পুলিচৰ অচি এজনৰ পুতেকৰ অন্নপ্ৰশন। মোৰ পাচলি যোগানৰ অৰ্ডাৰ আছিল, মোৰ চাইকেলখন বেয়া হ’ল। এতিয়া অচি ছাৰে ফোন কৰি ধমকি দিছে যে সোনকালেই পাচলি দিবগৈ লাগে, ৰান্ধনী ৰৈ আছে, নহ’লে মোক জেলত ভৰাব। দাদা মোক বচাওক৷ আপুনিতো জানেই মানুহজনীৰ বেমাৰৰ বাবে মোক পইচাৰ কিমান দৰকাৰ৷

অভিনব পৰিল ধৰ্ম সংকতত, দুখীয়া বিপদত পৰা মানুহক সহায় কৰিব লাগে বুলি সৰুৰে পৰা শিকি আহিছে৷ গতিকে সি ক’লে,

: হেকা দা ঠিক আছে বাৰু মই কিন্তু আপোনাক নমাই থৈয়ে গুচি আহিম মোৰ কাম আছে।

হেকাদায়ো হ’ব ব’লা ব’লা বুলি কৈ আৰু তিনিটা মান মোনা স্কুটাৰখনৰ কেউফালে বান্ধি দিলে৷ হেকা দাই গোটেই ৰাস্তাটো সি তেওঁৰ বাবে ভগৱান, সি কিমান দয়ালু, তাৰ ভবিষ্যত কিমান ভাল হ’ব আদি কৈ তাক ভুৰি ভুৰি আশীৰ্বাদ দি আহিছে৷ সিহঁত সেউজ নগৰৰ গলিটোত সোমাওঁতেই এজন বয়সস্থ মানুহে হেকাদাক দেখি চিঞৰি উঠিল।

: এই হেকা, হেকা, ৰ চোন ৰ। তই ক’ত যাৱ? আজি চাইকেল এৰি স্কুটাৰত পাচলি লৈ আহিলি যে? মোক কমকৈ পাচলি কেইটামান দি যাচোন।

হেকাদাই তাক ক’লে সেইজন তেওঁৰ বৰ পুৰণি কাষ্টমাৰ, গতিকে বেলেগ বেপাৰীৰ পৰা পাচলি ল’লে তাৰ কাষ্টমাৰ ভাগিব। এনেও পাচলি বেছিকৈ আছে যেতিয়া কেইটামান তেখেতক বিক্ৰী কৰিয়েই যাওঁ৷ মানুহজনীৰ বাবে পইচাৰ কিমান দৰকাৰ তুমি জানাই নহয় বুলি ব্লেকমেইল কৰি তাক ৰ’বলৈ ক’লে। অগত্যা উপায় নাপাই সিও ৰৈ দিলে৷ স্কুটাৰৰ পৰা নামিয়েই হেকাদাই দগা পাল্লা উলিয়াই পাচলিৰ দৰ দাম কৰাত লাগি গ’ল। বুঢ়াই বেছি দাম হৈছে বুলি কমাই ল’বলৈ জোৰ কৰিছে, হেকাই নিদিয়ে৷ বহুত সময় এনেদৰে দৰ দামত লাগি থকা দেখি অভিনব অতিস্থ হৈ বুঢ়াক উদ্দেশ্যি ক’লে। আপুনি কি দহ, বিছ টকাৰ কাৰণে কেৰজেৰ কৰি আছেহে, এনেই টাইম ওৱেইষ্ট কৰি আছে৷ গেটৰ সন্মুখতে পাচলি পাইছে তাতো বাৰগেইনিং মেণ্টেলিটি।

তাৰ মুখত ইংৰাজী শুনি বুঢ়াৰ মেজাজ গৰম হৈ গ’ল৷ ভিতৰলৈ চাই চিঞৰি উঠিল, ঐ সোনপোনা সোনকালে ওলাই আহচোন পাচলি বেপাৰীয়ে মোক ইংৰাজীত গালি পাৰিছে৷ লগে লগেই ভিতৰৰ পৰা হৃষ্ট পুষ্ট, জিম কৰি বডি বনাই থোৱা সোনপোনা ওলাই আহিয়েই অৰ্ধ ইংৰাজী অৰ্ধ অসমীয়াত তাৰ আৰু হেকাদাৰ লগত তৰ্কাতৰ্কি কৰিবলৈ ধৰিলে। অভিনবৰো খং উঠিল, সিওঁ যি তি গালি পাৰিবলৈ ল’লে৷ পৰিবেশটো হুলস্থূলীয়া হৈ পৰিল। হেকা দাই দুয়োটাকে বুজাবলৈ চেষ্টা কৰিলে। এপাকত সোনপোনাক বুজাবলৈ যাওঁতে কথাৰ লাচতে দগা পাল্লাযোৰ অভিনবৰ হাততে দি দিলে৷ ঠিক সেই সময়তে বুঢ়াৰ পৰিবাৰ ভিতৰৰপৰা ওলাই আহিল পিছে পিছে দুজনী ছোৱালী। বুঢ়ীয়ে ভিতৰৰ পৰাই বেপাৰীক গালি পাৰি আহিছে। ছোৱালী দুজনী দেখি অভিনবৰ মূৰত সৰগ ভাগি পৰিল। কাৰণ তাৰে এজনী দেবলীনা৷ হাতত দগা, পাল্লা স্কুটাৰৰ চাৰিওফালে পাচলিৰ মোনা, মোনাৰ পৰা জাতিলাও, লাইশাক আদিয়ে মূৰ উলিয়াই থকা অভিনবক পাচলি বেপাৰীৰ ৰূপত দেখিয়েই তাই কান্দি উঠিল। তাই কন্দা দেখি পৰিস্থিতি আৰু বেলেগ ফালে ধাল খালে।
তাই কান্দি কান্দি কৈ উঠিল,

: পাচলি বেপাৰ কৰিছ মোৰ পেহাক গালি পাৰিছ, কাজিয়া কৰিছ, আজি মই পেহাৰ ঘৰত থাকিবলৈ আহিলোঁ কাৰণেহে তোৰ স্বৰূপটো দেখিলোঁ। ছোৱালীৰ মন ভুলাবলৈ কোম্পানীৰ একজিকিউটিভ বুলি কৱ, লাজ নালাগে তোৰ, মিছা কথা কৈ প্ৰেম কৰিবলৈ। আজিৰ পৰা তোৰ লগত মোৰ কোনো সম্পৰ্ক নাই। সোন দাদা ইয়াক ভালকৈ পিটা, ই মহা মিছলীয়া, ধূৰ্ত পাচলি বেপাৰী হয়৷

লগে লগেই হেকাদাৰ পলায়ন। সোনপোনা দাদাৰ বলিষ্ঠ হাতৰ পৰশত অভিনবৰ দেহত ফুল বাচ খালে৷ সি একো কথাই ক’বলৈ নাপালে৷ একমাত্ৰ হেকাদাৰ কাৰণেই ওপৰৰ পাৰিৰ দাঁত এটা হেৰুৱাই দেবলিনাৰ পেহাকৰ ঘৰৰ সন্মুখতেই তাৰ প্ৰেমৰ যৱনিকা পৰিল৷

☆ ★ ☆ ★ ☆

3 Comments

  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ধেই বৰ বেয়া লাগিল দেই৷ হেকা দাই সব শেষ কৰি দিলে৷ বাকী লেখাটো বৈদ্য জমনি৷

    Reply
  • হেমন্ত কাকতি

    ৰাম ৰাম! তামাম কাৰবাৰচোন! বৰ ভাল লাগিল৷

    Reply
  • Anonymous

    জমনি দেখোন…

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *