ফটাঢোল

আহে সংগীসৱ আকাশে কি বাদ্য বাজত : নিৰ্মালি সন্দিকৈ

: ৰসিকা, উঠ উঠ৷ সূত্ৰধাৰ পৰবেশ কৰিলেই সেয়া৷ ইমান মৰ টোপনি নে তোৰ? কৃষ্ণ ওলাল বুলিলে আৰু গোপিনীসকলৰ প্ৰবেশ হ’বই৷ যাৱনে নেযাৱ!

:হুঁ! তই ওলালি নেকি? ওলা তেনে৷ দৰ্জাখন এনেয়ে জপাই থ’বি৷

ৰাধিকাই বুজিলে ৰসিকা নাযায়৷ তাই যি বকিছে সেয়া টোপনিতে বকিছে৷ দিনটোৰ পৰিশ্ৰমৰ শেষত ৰসিকাই টোপনিত নহয়, মৰাশৰ দৰে চাঙীতহে পৰি থাকে আচলতে৷ চুলিকোচাৰে খোপাটো বান্ধি ৰাধিকাই বিচনাতে উঠি বহিল৷

ছেঃ কি কৰা যায়! নামঘৰলৈ দুখোজৰ বাট৷ মানুহ অহা যোৱা কৰিয়ে আছে৷ সেইবোৰ মানুহৰ লগতে তায়ো গুচি যাব পাৰে৷ মইনাৰ মাক আৰু মিতালিৰ পেহীয়েকে নামঘৰ চৌহদৰ বাহিৰত বুটভজা, পকৰি, ঘুগনীৰ দোকান দিছে৷ সিহঁতক ইটো সিটো দিবলৈ ব্ৰজেনে ইপাকে সিপাকে চাইকেল লৈ অহা যোৱা কৰি আছে৷ তাকে ক’লেও সাউতকৈ সি থৈ আহিব৷ মানুহেও একোতো নেভাবে৷ ৰাস ভাওনা চাবলৈ বহি থকা পাটগাভৰু এজনীয়ে মুখত একো নঘঁহিলেও মানুহে এবাৰ ঘূৰি চায়৷ ৰাধিকাৰ বয়স এতিয়া সেইটো পৰ্যায়ত নাই৷ থাকোঁতেও মানুহে তাইক নেচাইছিল৷ নেচাইছিল ৰসিকাকো৷ সেইকণ বয়সত সিহঁতে বিস্ময়েৰে লগৰ ছোৱালীবোৰৰ সৌভাগ্যক ঈৰ্ষা আৰু দুখেৰে চাই থাকিছিল৷ মিতালীৰ কাৰণে একেসময়তে ৰফিক, পুতুল আৰু দীপু সমানে বলিয়া হৈছিল৷ তাই লচপচ্ কৈ স্কুল গৈছিল৷ বাটতে জিতু পিয়নৰ পৰা কোনোবাটোৰ চিঠি এখন পাই মিচমিচ্ কৈ হাঁহিছিল৷ তাইৰ সমানে সমানে গৈ থকা ৰাধিকাহঁতে তাইক পাছ পেলাই থৈ গৈছিল আৰু মনে মনে ভাবিছিল, আচলতে মিতালীয়েহে সিহঁতক পাছ পেলাই থৈ গ’ল!

এদিন এদিনকৈ মইনা, মিতালী, ৰাণী, দূৰ্গা-আটাইমখাই দুয়োজনীকে পাছ পেলাই থৈ গ’ল৷ আৰু হয়ো, লগ সমনীয়া আটাইমখাই এটি হাতত ধৰি আনটি কোলাত লৈ মাকৰ ঘৰলৈ আহিব পৰা হোৱালৈকে ৰাধিকা বা ৰসিকাৰ জীৱনত ৰস জীপ বুলিবলৈ একো নিমিলিল৷ সিহঁতৰ গাৰ বৰণটো, সমান বুকু দুখন, ক্ষীণ শৰীৰ দুটা আৰু গালৰ হনু ওলোৱা মুখ দুখনলৈ কোনেও ৰ লাগি নেচালে৷ কেতিয়াবা বাটে ঘাটে ওলাই গ’লে পেন্দুকণাবোৰে সিহঁতক অলপ সময় চাইছিল৷ কিন্তু হয় পিছমুহূৰ্ততে সিহঁতবোৰৰ লগত থকা অকনমান বয়সত ডাঙৰ ছোৱালী এজনীয়ে কিবা এটা কাণে কাণে কৈ দিছিল নহয় পেন্দুকণাটিয়ে কোনেও একো নকলেও নিজেই ভেঁ ভেঁ কৈ কান্দি দিছিল৷ লাহে লাহে ৰাধিকাই পৰাপক্ষত বাটলৈ ওলাবলৈ এৰিলে৷ ৰসিকাৰ পিছে উপায় নাছিল৷ ৰিটায়াৰ্ড বুঢ়া মাষ্টৰ মাষ্টৰণী এহালৰ ঘৰত কাম কৰিবলৈ যাব লাগে৷ দা দৰমহা ভাল৷ আলহীয়ে এৰা মিঠাইৰ পৰা বুঢ়ীৰ পুৰণি শাড়ী, মেখেলা, ৰং যোৱা পৰ্দা, জীয়েকৰ বিয়াত উঠা কাপ, হটকেচ, গিলাচ, বিচনা চাদৰলৈকে ৰসিকাই বোনাচ পায়৷ বুঢ়ীৰ কোনো কেৰজেৰ নাই৷ ৰসিকাও কামত ভাল৷ একো সঁকিয়াব নালাগে, শিকাবও নালাগে৷ বৰঞ্চ তাইহে কেতিয়াবা বুঢ়ীক শিকায়৷

: ইইই বিয়া খাবলৈ হ’বলা এইযোৰ পিন্ধে?

তাই এনেকৈ ক’লে বুঢ়ীয়ে সোধে, কোনযোৰ পিন্ধো ক চোন? মাইনীয়ে বিহুত দিয়াযোৰ নে কি? ৰসিকাই অলপ ভাবি কয়,

: নহয়! ডাঙৰ ভিনদেউৰ মাকে যে দিছিল, লতাফুল থকা! সেইযোৰকে পিন্ধক।

বুঢ়ীয়ে বিয়ৈনীয়েকে দিয়া টচৰ কাপোৰযোৰ পিন্ধি বিয়ালৈ যায়৷ ঘৰলৈ আহি ৰসিকাই কয়হি৷ ৰাধিকাই “এ সঁচা? হয়তোন আকৌ! নহয়নো কি?” এনেকৈ সঁহাৰি দি শুনে৷ মাকে ভেকাহি মাৰি আঁতৰি যায়৷ মাকৰ মতে, কি ডাল ফালিছ! বাটত চালি ধৰি অহা যোৱা কৰহে কৰ! মতা এটা হ’লে নেগুৰত লগাব নোৱাৰ!

উপজোঁতে একেলগে অহাই নহয়, দুৰ্ভাগ্যও প্ৰায় একেলগেই কঢ়িয়াই আনিছিল দুইজনীয়ে৷ দিনটোত বাপেক মাকহালে সময় সুবিধা পালেই কথাটো মনত পেলাই থাকিছিল৷ মনত পেলোৱা নহয়, আচলতে কথাটো উনুকিয়াই বুঢ়া বুঢ়ীয়ে নিজৰ দুৰ্দশাৰ ভাৰখন অলপ পাতলাবলৈ চেষ্টা কৰিছিল৷ সিহঁত দুইজনীৰ তুলনাত বিজিতৰ প্ৰতি মাক বাপেকৰ আচৰণ আছিল সম্পূৰ্ণ বিপৰীত৷ চমৎকাৰৰ কথা এয়াই যে, মাকহঁতৰ লাই পায়ো সি দুয়োজনীক কোনোদিন হীন চকুৰে চোৱা নাছিল৷ বৰঞ্চ বায়েকহঁতৰ প্ৰতি তাৰ অগাধ আস্থা আৰু মৰম দেখি বুঢ়া বুঢ়ী হ’বলৈ আৰম্ভ কৰা মাক বাপেকহালে বিচূৰ্তি খাইছিল৷ ৰসিকা আৰু ৰাধিকাই ৰাতি বিয়লি ঘৰ সোমালেও মাকৰ চিন্তা নাছিল৷ দেও ভূতেও নিনিয়া সিহঁত দুজনীৰ চেহেৰা দুটাক লৈ বুঢ়ী একেসময়তে নিশ্চিন্তও হৈছিল আৰু হুমুনিয়াহো চাৰিছিল৷ বিজিতে কিন্তু আনৰ ঘৰত বন কৰি দুপইচা ঘটা বায়েকহঁতক আগবঢ়াই আনিবলৈ সদায় আবেলিতে ওলাই গৈছিল৷ বায়েকহঁতে তাক ৰঘূবৰৰ লগত যোগালি মিস্ত্ৰীৰ কামত সুমুৱাই দিয়াৰ পাছতো সি কাম নথকা দিনত দুয়োজনীকে অনা নিয়া কৰি থাকিল৷

লাহে লাহে সিও সময় নোপোৱা হ’ল৷ বায়েকহঁতেও একো নেভাবিলে৷ এসময়ত বিজিতৰ এনেকুৱা হ’লগৈ যে, সি কাম শেষ কৰি মেটৰপট্টিৰ পিনে এপাক চাইকেল লৈ নগ’লে শান্তি নোপোৱা হ’ল৷ তাত কোনোবাই মূড়িলাৰু, নিমকি আৰু বাদামভজা বেচে৷ সি সেইবোৰ ঘৰলৈ আনে৷ তাৰ নিজৰ ভাগৰ কোঠাটোৰ বেৰত দৰ্জা এখন কাটি পিছবাৰান্দালৈ আগবঢ়াই চালি এখন সাজে৷ শুকুৰবৰীয়া বজাৰৰ পৰা আলনা এডাল, চালপীৰা এখন আনে৷ বায়েক দুজনীলৈ ৰবৰৰ দুযোৰ চেণ্ডেল কিনে৷ ৰসিকাহঁতে তাৰ কাণ্ড কাৰখানা চাই আমোদ পায়৷ সিহঁততকৈ সাতবছৰ সৰু ভায়েক যে কামৰ মানুহ হ’বগৈ, তাকে পাতি পাতি ৰাতি বিচনাত পৰে৷ কামৰ হেঁচাত নে আন কিবা পাকত পৰি বিজিতে ৰাতি ৰাতি ঘৰ সোমোৱা কৰিলে৷ তাকে তাক সুধিম সুধিম বুলি চাকিটো জলাই লৈ এৰাতি মজিয়াত টোপনিয়াই থকা বায়েক দুজনীক ভেবাচেকা খুৱাই সি ঘৰলৈ আহিল৷ চাইকেলৰ কেৰিয়াৰৰ পৰা নামিল হাতত টোপোলা লোৱা শকুন্তলা৷ ৰসিকাহঁতৰ চকুৰ আগেদিয়েই আলতাঘঁহা ভৰিৰে তাই বিজিতৰ লগত মাকহঁতৰ কোঠালৈ সোমাই গ’ল৷ তাই হালকে সেৱা কৰিলে৷ বুঢ়া বুঢ়ীয়ে দস্তুৰমত ভাল পালে৷ ল’ব লগা সেন্দূৰকণ তাই মন্দিৰত লৈয়ে আহিছিল৷ গতিকে তাই পোনে পোনে বিজিতৰ নতুন চালপীৰা থকা কোঠাটোত সোমালগৈ৷ তৰ্জাৰে সজা দৰ্জাখন বন্ধ কৰাৰ সৰু শব্দটো ৰাধিকাৰ কাণত এটা প্ৰচণ্ড বিস্ফোৰণৰ দৰে লাগিল৷ ৰসিকাই একো যেন হোৱাই নাই ধৰণেৰে ক’লে,

: শোওগে ব’ল।

দুইজনী বিচনাত পৰিলগৈ৷ দুইজনীয়ে আকাশ পাতাল ভাবি থাকিল৷ বিজিত আৰু শকুন্তলাই এতিয়া মানে কি কথা পাতিব পাৰে, তাকে দুইজনীয়ে বেলেগে বেলেগে ভাবি থাকিল৷ এসময়ত ক’ৰবাত যেতিয়া শিয়ালে হোৱা দি উঠিল, তেতিয়া ৰসিকাই আপোনমনে ক’লে,

: ভালেই হ’ল দে৷ তাৰ এই আঘোণতে বাইশ নহ’ব জানো? আমাৰ বুঢ়া বুঢ়ীহালৰ লগ এটা হ’ব৷ কাইলৈ পৰহিলৈ নাতি এটা হ’লে ঘৰ ভৰি পৰিব৷ আমিতো অনবৰতে ঘৰত নেথাকোঁ!

আচলতে তাই ক’ব খুজিছিল,

: আমিতো সদায় ঘৰত নেথাকোঁঁ৷

ৰাধিকাই সকলো বুজিলে৷ তাই বিৰবিৰালে,

: শুই থাক৷ ৰাতি পুৱাবই৷

দুইজনীয়ে পিঠিয়াপিঠিকৈ বাগৰ সলালে৷ দুইজনীয়েই টোপনিৰ ভাও ধৰি কিবা শুনিবলৈ পোৱাৰ আশাত কাণ উনাই ৰ’ল৷ ঠিক সিহঁতৰ বেৰখনৰ সিপাৰেই সোতৰ বছৰীয়া শকুন্তলাই ভায়েকৰ সৈতে এখন নতুন চালপীৰাত নতুন ধৰণেৰে শুইছে৷ তাৰ পৰা কিবা কথা বতৰাৰ শব্দ উফৰি আহিলেও সিহঁতৰ শুনাৰ দৰ্কাৰ নাই৷ কিন্তু, দুইজনীৰে যেন কিবা এটা শুনিবলৈ মন গ’ল৷ এটা নিষিদ্ধ হেঁপাহে সিহঁতৰ ৰাতিটো দীঘল কৰি নিলে৷ এটা সময়ত শকুন্তলাই চেপা মাতেৰে ক’লে,

: ধেৎ!

আৰু কিবা শুনাৰ আশাত ৰসিকাই কাণ থিয় কৰিলে৷ শব্দৰ নামত শকুন্তলাৰ খাৰুবোৰৰ জুনজুননি শুনা গ’ল৷ লগত বিজিতৰ মাত,

: কি ধেৎ! খাৰুবোৰ খুলি দিওঁ দে৷

ৰাধিকাই নিজক বুজালে, এতিয়া সিহঁত দুজনী সাৰ পাই থকাৰ কোনো মানে নাই৷ সিহঁত এতিয়া মৰটোপনিত ঢলি পৰাৰ দৰকাৰ৷ সিহঁত দুজনী এতিয়ালৈকে সাৰ পাই থকা মানেই কোনোবা গায়কে ষ্টেজত প্ৰাণ ঢালি গান গাই থাকোঁতে বদমাছ মদাহী দৰ্শকে টেঁটুফালি চিঞৰি ছন্দপতন ঘটোৱাৰ নিচিনা কথা৷

ৰসিকাই গাৰুটোৰে কাণ দুখন হেঁচা মাৰি ধৰিলে৷

ৰাধিকাই ভাবিলে, শুৱালকুছিৰ পিনৰ পৰা যে আহে সত্যেন ফেৰীৱালা! তাক দিনত ঘৰলৈ মাতিব লাগিব৷ ক’লা, চাপৰ আদবয়সীয়া সত্যেনৰ কথা কিয় মনলৈ আহিল, তাই নিজেই নুবুজিলে৷

ৰাতিপুৱা ৰসিকাই সকলোতকৈ আগেয়ে উঠে৷ কিন্তু সাৰ পাই এঙামুৰি দিওঁতেই তাই গম পালে, শকুন্তলাই চোতাল সাৰিছে৷ অলপ পৰ তাই সাৰ সিকতি নোহোৱাকৈ তেনেকৈয়ে পৰি থাকিল৷ বিচনাৰ পৰা নামি গা-পা ধুৱে মানে শকুন্তলা সিহঁতৰ কোঠালৈ সোমাই আহিল৷ শাড়ী মেৰিয়াই থকা ৰসিকাক তাই ক’লে,

: বাই চাহ খাব দেই৷ মূড়ি লাৰুটোও খাই চক৷

ৰসিকাই ঘূৰি চালে৷ শকুন্তলাৰ হাতত চাহ, মূড়িলাৰুৰ প্লেট৷ সেউজীয়া চিচাৰ খাৰুবোৰ তাই পিন্ধি আছে৷ শুই উঠিয়ে পিন্ধিলে চাগৈ!!

তাৰ পাছৰ দিনবোৰত ৰসিকাই বুঢ়া মাষ্টৰৰ ঘৰত গেবাৰি খাটি থাকিল৷ ৰাধিকাই দুই একৰ ঘৰত কেতিয়াবা বিচাৰিলেহে যায়৷ ঘৰৰ বন আঁজুৰিবলৈকে তাই ভাল পায়৷ শকুন্তলাই নিমকি, মুড়িলাৰু ঘৰতে বনায়, বুঢ়ীয়ে পেকিং কৰি দিয়াত হাত লগায়৷ বিজিতে কোনোবা দোকানত নি দিয়েগৈ৷ ৰসিকাহঁতে ৰাতি খাই উঠি নৰয়েই৷ চিধাই বিচনালৈ যায়৷ শকুন্তলাই পাকঘৰ অঁতাই শুবলৈ যায় মানে সিহঁত দুজনীৰ এঘুমটি হয়গৈ৷ কেতিয়াবা টোপনি নধৰিলেও দুইজনীয়ে সাৰ সিকটি নোহোৱাকৈ পৰি থাকে৷ টোপনি নহা যেন পালে ৰাধিকাই কিবিকিবি কথা কয়৷

এদিন ক’লে,

: শুনিছ! আজি সত্যেন আহিছিল৷ কিবাকিবি ৰাখিলোঁঁ৷

ৰসিকাই সোধে,

: কিবাকিবি মানে?

: এইৰ কাৰণে তেলৰ বটল, সেন্দূৰ, কাজল এটেমা এনেকুৱা!

: তই কি ল’লি!

ৰাধিকাই ফুচফুচাই কয়,

: একদম নতুন জিনিচ৷ এনেকুৱা চা!

তাই বুকুৰ ওপৰত দুখন হাতেৰে মুঠি মাৰি দেখুৱায়।ৰসিকাই বুজে৷ পেডেড ব্ৰা৷

: সেইটো কিহৰ দৰকাৰ হ’ল তোৰ? সেইটো পিন্ধি ক’লৈ বিয়া খাবলৈ যাবি?

বৰ ৰহস্যৰ কথা যেন ভাৱত ৰাধিকাই ৰসিকাৰ কাণৰ ওচৰলৈ আহি ক’লে,

: অহামাহত ৰাস জানিছ? নাচোঁতে পিন্ধিম৷

গাঁওখনৰ ধুনীয়া, বগী ছোৱালী বোৱাৰীমখাৰ শাৰীত ৰাধিকাৰ গোপী অৱতাৰটো কল্পনা কৰি ৰসিকাৰ হাঁহি উঠি গ’ল৷ তাই ৰাধিকাৰ ফালে ঘূৰি ক’লে,

: ইয়ে হয়? নাচিবি দে৷ শো এতিয়া৷

ৰাধিকাই শুব নোৱাৰে৷ কিবা এটা অস্থিৰ আনন্দত তাইৰ টোপনি নাহে৷ গীতি বা পাৰ্বতী কোনোবা এজনী প্ৰথম গোপী হ’ব৷ সিহঁতৰ পাছত শাৰী পাতি লাৱন্য, জোনাকী, ৰেণু নহ’লেবা হিমানী এনেকৈ গাভৰু মখা৷ হয়তো বোৱাৰীবোৰৰ বেলেগ এলাইন পাতি দিব৷ বয়সৰ জোখাৰে তাই গাভৰুমখাতকৈ ডাঙৰ, সিহঁতৰ লাইনত তাই নিমিলিব৷ গগণ বায়নে তেনে তাইক বোৱাৰীৰ লাইনৰ শেষৰপিনেও দি দিব পাৰে! বৃন্দাবনৰ দীপলিপ্ গাভৰু গোপী এমখাৰ মাজত কানাইৰ বাঁহীত মতলীয়া ৰাধিকা হৈ তাই সপোন ৰাজ্যত উটি ফুৰে৷ সত্যেনে চাদৰ মেখেলাও আনে৷ তাৰ পৰাই চুমকী লগোৱা কাপোৰ এযোৰ ল’ব লাগিব৷ ৰসিকাক বুঢ়ী মালিকনীয়ে ইস্ত্ৰীয়ে পোৰা মচুৰ ৰঙৰ এসাজ পাটৰ কাপোৰ দিছিল৷ পোৰাখিনি আঁচলৰ ফালে লৈ ল’লেই হৈ যাব৷ শকুন্তলাই ঘৰত থাকিলেও লক্ষীবিলাস তেল ঘঁহি খোপা বান্ধে৷ লিপষ্টিক ঘঁহে, কাজল আঁকে, দীঘলীয়া সেওঁতাত সেন্দূৰ লয়৷ তাইক বৰ ভাল দেখে৷ খোপাটো তায়ে বান্ধি দিব পাৰিব৷ সজায়ো দিব৷ তাইক ক’লেই হ’ল৷ ভাবি ভাবি ৰাতি এপৰত তাই টোপনি যায়৷ ভাবোঁতে ভাবোঁতে তাই এনেকৈ হেৰাই যায় যে, বিজিতে নিজৰ কোঠাৰ দৰ্জা মৰাৰ শব্দটোও তাই নুশুনে৷ শকুন্তলাই খুকখুক্ কৈ হাঁহে, তাকো নুশুনে৷

ৰাসলৈ সাদিন থাকোঁতে ৰাধিকাই বাটৰ পৰা মাতি পঠিওৱাত সত্যেন আহিল৷ ৰসিকাই টকা দি গৈছে৷ শকুন্তলাক মন পছনৰ কাপোৰ এযোৰ ল’বলৈ কৈ গৈছে৷ বাৰান্দাত মূঢ়াত বহি সত্যেনে ইযোৰৰ পিছত সিযোৰ কাপোৰ উলিয়ালে৷ শকুন্তলাই গাত লৈ প্ৰতিবাৰতে বুঢ়ীক দেখুৱালে৷ বুঢ়ীয়ে কেঞাগোলাৰ গাদীত বহা মহাজনৰ গাম্ভীৰ্যৰে কৈ থাকিল,

: তোৰ মন পচন্দমতে ল যিযোৰ মন যায়৷ বায়েৰে দিছে টকা৷ লৈ ল ভাল চাই৷

বুঢ়ীৰ কথাত চিন নিচিন বাহাদুৰি অকণ! কাপোৰ লোৱা হৈ গ’ল৷ সত্যেনে তাইক চিচা খাৰু এখিনিও পিন্ধাবলৈ লৈছিল৷ শকুন্তলাই হাতৰ ঠাৰি দেখুৱাই ক’লে, আজিকালি তাই চিচাখাৰু নিপিন্ধে, বৰ ভাঙে৷ বাবাকে তাইলৈ সোণৰ মিহি চুড়ী দুযোৰ গঢ়াই পঠিয়াইছে৷ সত্যেন যোৱাৰ পাছত শকুন্তলাই উপযাচি ক’লে,

: বায়ে এইযোৰকে ৰাসত পিন্ধিব দিয়ক৷ তাৰ পিছত মোক দি দিব৷

ৰাধিকায়ো মনতে তাকে ভাবি আছিল৷ কিন্তু শকুন্তলাৰ কথাটোত তাইৰ আনন্দ নালাগিল৷ শকুন্তলাই যেন ৰাধিকাৰ অৱয়বটোক, গাৰ ক’লা বৰণটোক আৰু আগবাঢ়ি গৈ থকা বয়সটোক অকনমান পুতৌ কৰিলে৷

বহুত গুণা গঁঠাৰ পাছত ৰাধিকাই মচুৰ ৰঙৰ পুৰণি পাটৰ কাপোৰযোৰকে পিন্ধাটো ঠিক হ’ল৷ ইস্ত্ৰীয়ে পোৰাখিনি সৰু সৰুকৈ কোঁচ দি পিন্ধিলে একো ধৰিব পৰা নাযাব৷ তেনেকৈ পিন্ধাই দিয়াৰ দায়িত্বটো শকুন্তলাই নিজেই ল’লে৷ কাঁচি এখনে, বস্তা এটাই লৈ ৰাধিকাই আখৰালৈ যায়৷ নামঘৰৰ বাটচ’ৰাত বহি জীয়ৰী বোৱাৰীমখাৰ ধেই দাওঁ, খিত্ দাওঁ চাই থাকে৷ শাৰী পাতিবলৈ সাহে নুকুলায়৷ কোনোবা এজনীয়ে জোৰ জবৰদস্তিকৈ মাতিও নিনিয়ে! যোগেনৰ বোৱাৰীয়েকক কৰবীহঁতে বহি থকাৰ পৰি ঠেলি নি আগত ঠিয় কৰাই লৈছেগৈ, বোলে বৌৱে মাজুলিৰ জীয়ৰী হৈ নেনাচিব কেলৈ! ৰাধিকাই আধামান আখৰা যোৱাৰ পাছত নামঘৰ চৌহদৰ ঘাঁহবোৰ কাটিবলৈ লয়৷ ঘাঁহ কাটি থকা ৰাধিকাক দেখিলে কাৰো ভাবিবলৈ সাধ্য নাই যে তাই আচলতে নাচিবলৈহে গৈছে! ৰাধিকাই তলমূকৈ ঘাঁহ কাটি থাকোঁতে খোলৰ বোলবোৰ আওৰাই থাকে৷

“থাতিনি ধগিতা ধগি থাতিনিতি তা, তাতাখ্ৰি খ্ৰি ৰাতাখ্ৰি খ্ৰি ৰিনদ্ৰিক্ ধেই!”

বজাওঁতে সেইখিনিতে সোঁফালে এপাক ঘূৰিব লাগিব৷
আখৰালৈ ছয়দিন যোৱাৰ পাছতো দৰবত দিবলৈকো তাইক কোনেও নাচিবলৈ নেমাতিলে৷ মহেনৰ জীয়েকে এদিন মাথোঁ সুধিলে,

: বায়েনো সদায় ঘাঁহসোপাকে কাটিবলৈ আহিব পায়নে? নেনাচ কেলৈ?

তাই যেন বৰ নোহোৱা নোপজা কথা এষাৰহে ক’লে, তেনে ভাৱত ৰাধিকাই হাঁহিলে,

: ওৱা! আমি নাচিলে তহঁতক কোনে চাব হেৰৌ! ছাগলীজনীৰ পোৱালি জগিছে অ আই! ঘাঁহ দুডালমানকে কাটি নিও, তহঁতকো চাওঁ বুলিহে আহিছোঁ। আমাৰনো কি নচা বগা?

মহেনৰ জীয়েকে,

: অ’ কাট দে বাই৷ ৰাসৰ দিনালৈকে জেগাকনো চফা হ’ব৷

বুলি পাতলকৈ কৈ থ’লে৷ ৰাধিকাই মনে মনে আশা কৰিছিল, মহেনৰ জীয়েকে তাইক টানি নিয়াদি নি শাৰীত ঠিয় কৰাবগৈ আৰু ৰাধিকাই উপায় নেপাইহে যেন নাচিছে, তেনে ভাবত নাচিবলৈ আৰম্ভ কৰিব!

শেষত যেতিয়া ৰাসৰ গধূলিটো পালেহি, শকুন্তলাই নিজৰ সমস্ত অভিজ্ঞতাৰে ৰাধিকাক সজাবলৈ আৰম্ভ কৰিলে৷ কাজল, আলতা, জিকমিক টিপফোঁট, লিপষ্টিক, টেমাৰ পাউদাৰৰ পৰা আৰম্ভ কৰি গালত কপাহেৰে সেন্দূৰৰ বোল লগাই দি শকুন্তলাই নিজৰ সোতৰ বছৰীয়া জীৱনকালৰ প্ৰথমটো খনিকৰৰ দায়িত্ব সামৰণি মাৰিলে৷ ৰাধিকাই যেতিয়া তাইৰ নিজৰ ভাগৰ আইনাখনত মুখ চালেগৈ তেতিয়া তাত ৰাধিকা নোলাল, ওলাল তেনেই পুতলা এজনী৷ তাকে যেনিবা সেই পুতলাজনী দুষ্ট সৰু ছোৱালী এজনীয়ে ৰং পেন্সিল, কলম, কাজল নাইবা মাকহঁতৰ ফেব্ৰিক বোলাই লেতেৰী কৰি পেলোৱা ধৰণৰ! শকুন্তলাই বিছকৰ্মাৰ ফটোত আঁৰি থৈ দিয়া মালাডাল খুলি তাকো ৰাধিকাক পিন্ধাই দিলে৷

বুঢ়া বুঢ়ীহাল পাটি এখন লৈ ফুটগধূলিতে নামঘৰ পালেগৈ৷ ৰাধিকাক সজাই শকুন্তলাও ওলাল৷ বিজিতে চাইকেলেৰে লৈ যাব৷ শকুন্তলাই পিন্ধা নীলা কাপোৰসাজত তৰাৰ দৰে চুমকীবোৰ জিলিকিছে৷ ব্লাউজটোৰ জোখ এই এমাহতে তাইলৈ সৰু হ’ল৷ বাউসিটোতে অকনমান টানো হৈছে৷ তথাপি খোলাৰ এলাহত তাই তেনেকৈয়ে ওলাল৷ দৰ্জী লীলাই তাইক কৈছিলেই,

: অকন ডাঙৰকে চিলা৷ বিয়া হ’লে শকত হ’বিয়েচোন!

কথাটো মানি ল’লেই ভাল আছিল৷ পিচে তাইনো কেনেকৈ জানে, বিজিতৰ মৰমত তাই এমাহতে শকত হ’ব! তাতে ঝামেলা নথকা ঘৰ৷ কি বুঢ়া-বুঢ়ী কি বাই শাহু কাৰোৰে ওজৰ নাই৷ আদৰত আছে তাই৷ ইয়াৰ পিছত শকত নহৈ পাৰেনে? শকুন্তলা ওলাই যোৱাৰ পিনে চাই ৰাধিকা পিৰালিতে বহিল৷ ৰসিকা আহক৷ তাই বেণী গুঠি কুঁহিলাৰ মালা মেৰাই দিব আৰু দুইজনী একেলগে যাব৷ বাটেদি নামঘৰলৈ বুলি শনাহী এমখা গৈছেই৷ মাক, বৌয়েক, বায়েকহঁতৰ ৰিহা মেখেলা পিন্ধি বুকুত নাৰিকলৰ কোৰোকা ভৰাই সেইমখাই প্ৰতিবাৰ ৰাসতে ওলায়৷ অঞ্চলটোৰ গোটেইকেইখন ৰাসতে সিহঁত উপস্থিত হ’বই৷ মানুহেও হাঁহিবলৈ চল এটা পায়৷ তাতে সিহঁতৰ তেল৷ সিহঁতমখা চাইকেলৰ টিলিঙা বজাই পদূলি পাৰ হ’ল কি নহ’ল, ৰসিকা ঘৰ সোমালহি৷ ৰাধিকাই পিছে পিছে আহি চাকিটো মুখৰ ওচৰত ডাঙি ধৰিলে৷

ৰসিকাই দেখিলে, চাকিৰ পোহৰত এজনী জৰাজীৰ্ণ দেৱী (দেৱীয়েইতো! শিশুৰ দৰে নিৰ্বোধ ৰাধিকাজনী)৷ গছৰ তলত বিসৰ্জন দিয়াৰ পিছত ৰ’দে বৰষুণে থাকি থাকি বিবৰ্ণ, শুকান, অস্থিচৰ্মসাৰ হৈ পৰা মাটিৰ শৰীৰ৷ সেই শৰীৰত কোনোমতে ওলমি আছে, মানুহজনীতকৈও বিবৰ্ণ এসাজ কাপোৰ৷ ঘোলা চকুহালত কাজলৰ প্ৰলেপ আৰু বলিৰেখাময় কপালত জিকমিক ৰঙা ফোঁট৷ তালু ওলোৱা লিংলিঙিয়া চুলি দুডালমান৷ খটাসুৰ ল’ৰাই খেলাৰ ছলেৰে উঘালি পেলালে যেনে হয়, ঠিক তেনে!

এইক ৰাসত নাচিবলৈ পঠিয়ালে মানুহে হাঁহিবলৈ আৰু এটা চেলু পাব৷ তেলেফটা ডেকা কেইটাৰ লগত শাৰী পূৰাই ৰাধিকাই নেনাচিলেও হ’ব৷ ৰসিকাই খহটা মাতেৰে ক’লে,

: বিজিতৰ লগতে নগ’লি কেলেই, মোৰ গোটেই গাতে বিষ৷ টোপনিও ধৰিছে৷

ৰাধিকাৰ মুখৰ আন্ধাৰকণ আৰু অলপ গাঢ় হৈ পৰিল৷ তাই কোনোমতে ক’লে,

: দে অকন শো তই৷ তাৰ পিছত যাম৷ গায়ন বায়ন উঠাই নাই৷

ৰসিকাই গিলো নিগিলোকৈ ভাত দুটামান গিলিলে৷ কিহবাই যেন তাইৰ ডিঙিত সোপা মাৰি ধৰিছে৷ কান্দোনো হ’ব পাৰে৷ অথচ ৰাধিকাৰ ডিঙিত ধৰি তাই হাও হাওকৈ কান্দি পেলাবও নোৱাৰে৷ ৰসিকাই মৰাশৰ দৰে বিচনাত পৰি থাকিল৷ গাত নহয়, বুকুত উঠা বিষ এটাই তাইক দেই পুৰি নিলে৷ এসময়ত ৰাধিকাই যেতিয়া “সূত্ৰধাৰ পৰবেশ কৰিলেই সেয়া” বুলি নামঘৰ পাবলৈ উত্ৰাৱল হ’ল, তেতিয়া ৰসিকাইও নিপুণ অভিনেত্ৰীৰ দৰে টোপনি জড়িত মাতেৰে ভ্ৰম বকাৰ দৰে বকিলে৷ ৰাধিকা উঠি বহিল৷ চুলিখিনিৰে খোপা এটা বান্ধি তাই পাকঘৰত সোমালগৈ৷ ৰসিকাই খুটুং খাটাং শুনিলে৷ অলপ দেৰিৰ পাছত তাই বাট পালেগৈ৷ নামঘৰলৈ মানুহ গৈয়ে আছিল৷ তায়ো সিহঁতৰ লগ লাগিল৷

হটং মটং, ওখ ক্ষীণ চেহেৰাৰ, মুখত কেৰাহীৰ তেলী ছাঁই ঘঁহা ৰসিকাক মানুহবোৰে পিছে তাই বুলি নেজানিলে৷ চিনিও নেপালে৷

ৰাধিকাই নাচিব৷

বুকুত কেৰোকা ভৰাই মাকহঁতৰ চাদৰ মেখেলা পিন্ধা শনাহীমখাৰ পিছতে তাই শাৰী পাতিব৷

সূত্ৰই কৈছে, “আহে সংগীসব আকাশে কি বাদ্য বাজত…”

ৰাধিকাই খোজ এৰি চেৰেলি কুকুৰ এজনীৰ দৰে দৌৰিবলৈ আৰম্ভ কৰিলে৷

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *