ফটাঢোল

বেল বাজাও : ডা° পার্থসাৰথি ভূঞা

“এইজনী তাইৰ মাহীমাকহে, বিৰাট বদমাছ। তাইক খুব অত্যাচাৰ কৰে গিৰিয়েকে, ইহঁতেই বিয়া দিছিল সেইডাললৈ”

হস্পিটেলৰ পৰা ঘৰলৈ আহি সোমাওঁতেই মায়ে মোৰ শ্ৰীমতীক এনেদৰে কৈ থকা শুনা পালোঁ। এতিয়া ভাদ মাহ। এই মাহটোত নামতিসকলৰ সাধাৰণ জ্ঞান বহুত বৃদ্ধি পায়। নাম সামৰি প্ৰসাদ লোৱাৰ সময়ত দেশ দুনীয়াৰ বিভিন্ন কথা ওলাই। আজিকালি মানুহৰ ইঘৰ সিঘৰ ফুৰা একেবাৰে কমি গ’ল। গতিকে বহু কথা গম নোপোৱাকৈ থাকে। পিচে এই মাহটোতে সকলো লেটেষ্ট নিউজ সকলোৰে জ্ঞাত হৈ যায়।

বৰ্তমান ডিজিটেল যুগ। সেয়ে এতিয়া হেনো এগৰাকীয়ে আন গৰাকীৰ কাণত ফুচফুচাই কিবা কৈ থকাটোকে কয়, “ডাটা ট্ৰেন্সফাৰ” আৰু যেতিয়া কাণৰ পৰা মুখখন আঁতৰাই আনি ডাঙৰকৈ কয় যে , “যি যেনেকৈ মৰে মৰক, আমাৰনো কি আহে যায়, নহয় বৌ?”, তেতিয়া বুজিব যে “ডাটা ট্ৰেন্সফাৰ কমপ্লিট”!

বাৰু যি নহওক গাৰ্হস্থ্য হিংসাৰ কথা শুনিলে মনটো খুব বেয়া লাগে। আমি যিটো পৰিৱেশত ডাঙৰ হ’লোঁ, নিজৰ ঘৰ বা জনাশুনা মানুহখিনিৰ মাজত এইবিলাক কথা কেতিয়াও নেদেখিলোঁ। আজিকালি বাতৰি কাকতখন খুলি ল’লে এটা দুটা তেনে ঘটনা প্ৰায়ে দেখা যায়। বৰ্তমান আৰু এটা কথা দেখা যায়, তেনে ঘটনাৰ পৰা কোনো বোৱাৰীৰ মৃত্যু হ’লে (হত্যা বা চুইচাইড কৰিলে), পিছত ৰাইজে দোষীৰ ঘৰ জ্বলাই দিয়ে বা গিৰিয়েক, শাহু-শহুৰ আদিক মাৰপিট কৰে। কিন্তু কাৰোবাৰ মৃত্যুৰ পিছত জানো আইন হাতত তুলিলৈ এইবোৰ কৰিলে সেই বোৱাৰী গৰাকী ঘূৰি আহিব?
গতিকে কিবা কৰিব লগা থাকিলে, আগতেই কৰিব লাগিব। পিচে আমাৰ মানুহে আগতে এইবিলাক জানিলেও লোকৰ কথাতনো কিয় মূৰ সুমুৱাওঁ বুলি ভাবে আৰু বহু অত্যাচাৰ পাই থকা মহিলায়ো নিজৰ ভৱিষ্যত বা সুৰক্ষাৰ কথা ভাবি আনক একো নোকোৱাকৈ মনে মনে থাকে। এইবিলাক দেখি শুনিয়ে ২০০৮ চনৰ পৰা ‘বেল বাজাও’ বুলি এটা অভিযান চলি আছে। মল্লিকা দত্ত নামৰ এগৰাকী মহিলাৰ প্ৰচেষ্টাত আৰম্ভ হোৱা এই অভিযানত মিনিষ্ট্ৰী অফ ৱমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আৰু UNICEF য়েও সহায় কৰিছে। তেওঁলোকে বহু ঠাইত মানুহক সজাগ কৰিছে আৰু বহু স্বেচ্ছাসেৱক সৃষ্টি কৰিছে। তেওঁলোকে এনে গাৰ্হস্থ্য হিংসা কমাবলৈ ওচৰ চুবুৰীয়াক দিয়া বুদ্ধিটো এনে ধৰণৰ, ধৰক আপোনাৰ ঘৰৰ কাষৰ কাৰোবাৰ ঘৰত আপুনি পতি পত্নীৰ মাজত কাজিয়া বা মাৰপিত কৰি থকাৰ কথা গম পাইছে, এতিয়া আপুনি চিধাই গৈ কি হৈছে বুলি সুধিলে হয়তো আপোনাকো লোকৰ কথাত কিয় সোমাব লাগে বুলি অপদস্ত কৰিব পাৰে। গতিকে তেওঁলোকে কিবা হুলস্থূল শুনিলে নজনা ভাবত ‘বেল বাজাও’ মানে তেওঁলোকৰ ঘৰলৈ গৈ মাত দিবলৈ কৈছে, কিবা এটা বিচাৰিহে যেন গৈছে বা কিবা বেলেগ কথা এটা যেন সুধিবলৈহে গৈছে। তেনেকৈ গৈ যদি আপুনি ১৫/২০ মিনিট মান সময়ো তেওঁলোকৰ ঘৰত বহে, তেতিয়া সেই সময়ৰ অত্যাচাৰৰ পৰা মানুহজনী ৰক্ষা পৰিব আৰু অত্যাচাৰ কৰা সকলেও ওচৰ চুবুৰীয়াই কিবা গম পাইছে নেকি বুলি অলপ সন্দেহ কৰিব। ইয়াৰ ফলত বহু ঘটনাত অত্যাচাৰ কমাৰ প্ৰমাণ এই NGO য়ে পাইছে।

ইয়াৰ উপৰিও গিৰিয়েক বা শহুৰৰ ঘৰৰ মানুহৰ বিৰুদ্ধে কে’চ দিলেও যে আজিকালি প্ৰটেকচন অফ ৱমেন এগেন্সট ডমেষ্টিক ভায়লেন্স এক্ট ২০০৫ৰ জৰিয়তে মহিলা গৰাকীয়ে সকলো দিশৰ পৰাই সুৰক্ষা পাই, তাৰ বিষয়ে তেওঁলোকে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিছে। নিজৰ সংসাৰ ভাঙিব নোখোজা নাৰী এগৰাকীয়েও যে অভিযোগ দিলেই গিৰিয়েকক আজিকালি পুলিচে মাৰি পিটি জেলত ভৰাই নথৈ দুয়োৰে মাজত কথা বতৰাৰে এটা আপোচ মীমাংসা কৰাৰো ব্যৱস্থা আছে, সেইবিলাকৰ বিষয়ে প্ৰচাৰ কৰিছে।

বেংগালুৰুতো APSA (এছোচিয়াচন অফ পিপুল ফৰ ছচিয়েল এক্সন) নামৰ এটা সংস্থাই ‘বেল বাজাও’ৰ দৰেই কিছুমান ব্যৱস্থা লৈ আৰু কথা বতৰাৰ দ্বাৰা বহুকেইটা এনে গাৰ্হস্থ্য হিংসাৰ ঘটনাত সুফল পাইছে৷

গতিকে ঘৰৰ ওচৰত এনে ঘটনাৰ উমান পালে, সাংঘাতিক কিবা এটা ঘটি যোৱাৰ পাছত সক্ৰিয় হ’বলৈ ৰৈ নাথাকি যদি ৰাইজে আগতীয়াকৈ কিবা এটা পদক্ষেপ লয়, হয়তো বহু বোৱাৰীৰ প্ৰাণ ৰক্ষা পৰিব বা বহু সংসাৰ নভঙাকে ৰ’ব।

বাৰু, সি যিকি নহওক, মাৰ কথাকেইটা শুনি উৎকণ্ঠাৰে ভিতৰলৈ গৈ সুধিলোঁ, “কোনে কাক মাৰপিট কৰে অ’ মা?”। মায়ে হাঁহি হাঁহি উত্তৰ দিলে, “নহয় অ’, স্বপ্নাক(মোৰ শ্ৰীমতী) ষ্টাৰ প্লাছৰ এই চিৰিয়েলখনৰ কাহিনীটোহে কৈ আছোঁ।”

ধেৎ তেৰী……

☆ ★ ☆ ★ ☆

8 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *