ফটাঢোল

চানগ্লাচ আৰু মই – ৰিমঝিম দত্ত

বুৰ্বকামি স্বভাৱটো মোৰ জন্মগত। সৰুৰেপৰাই মই মোৰ লগৰ বহু স্মাৰ্ট ছোৱালীতকৈ বহু ক্ষেত্ৰতেই পিছপৰা আছিলো। কিছুমান কথা সোনকালেই অনুধাৱন কৰিব পাৰিলেও বহু কথাত মই একেবাৰে অবুজ আছিলো। যেনে- আলহী আহিলে চাহকাপ বা ভাত খাবলৈ দিয়াৰ পিছত তামোল এখন নযচা, মন নগ’লে দুই-তিনিদিন চুলি নফণিওৱা, ক’ৰবালৈ চাই থাকিলে এঘণ্টামান চকুকেইটা মেলি ট-টকৈ চায়েই থকা, কাণৰ কাষত আহি কোনোবাই টেটু ফালি থাকিলেও গমকে নোপোৱা আদি এশ এবুৰি স্বভাৱেৰে মই ভৰপূৰ আছিলো। সেয়েহে কম বয়সতেই মই ঘৰৰ মানুহৰপৰা বেল, মূৰ্খ, টিউব লাইট আদি অনেক উপাধিৰে বিভূষিত হৈছিলো।

মূৰ্খ, টিউব লাইট আদি অনেক উপাধি পালেও মানুহৰ আগত স্মাৰ্টনেছ দেখুৱাৰ মানসিকতা এটা মোৰ বুকুতো মাজে মাজে সাৰ পাই উঠিছিল। হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকাৰ সময়ত লগৰ দুই এজনী ছোৱালীয়ে চানগ্লাছ পিন্ধিছিল। চানগ্লাছ পিন্ধা ছোৱালীকেইজনীক মই বৰ ধুনীয়া আৰু স্মাৰ্ট দেখিছিলো। হোষ্টেলৰপৰা ঘৰলৈ আহি মোৰ হুলস্থুল – চানগ্লাচ এযোৰ লাগিবই। বহু কাকূতি-মিনতিৰ মূৰত চানগ্লাচ এযোৰ মোৰ ভাগ্যত মিলিল। পিছে মোৰেই দুৰ্ভাগ্য; চানগ্লাচযোৰ কিনাৰ পিছদিনাৰপৰাই কিনকিনীয়া বৰষুণ পৰিবলৈ ধৰিলে। বৰষুণ পৰিল যি পৰিলেই, এসপ্তাহলৈ এৰাৰ নামেই নোলোৱা হ’ল। চানগ্লাচযোৰ পিন্ধি ক’লৈকো ওলাই যাব নোৱাৰাৰ দুখে কোলাই পাচি নধৰা হ’ল।

অৱশেষত এসপ্তাহৰ মূৰত মোৰ অপেক্ষাৰ ওৰ পৰিল। বৰষুণ এৰি ৰ’দৰ অাগমন ঘটিল, তাকো খাওঁ খাওঁ মূৰ্তিৰে। পৰিয়ালৰ দাদা এজনৰ লগত বাইকত হেঁপাহৰ চানগ্লাচযোৰ পিন্ধি নগাঁৱৰ হোষ্টেললৈ ওলালো। নিজকে সচাঁই বৰ বেলেগ আৰু স্মাৰ্ট যেন অনুভৱ কৰিলো।

বাইকত গৈ আমি ৰহাৰ ওচৰৰ কাকতি গাঁও পালোগৈ। ট্ৰেইন আহিবৰ সময় হোৱা কাৰণে কাকতি গাঁৱত ট্ৰেইনৰ গেট পৰি আছিল। ঠাইখন অকণমান আওঁহতীয়া কাৰণে মানুহ-দুনুহ কম আছিল। পাঁচমিনিটমান ৰোৱাৰ পিছত ট্ৰেইনৰ মাত শুনিলো। মই ভাবিলো – আ গয়া মেৰা স্মাৰ্টনেছ দেখানে কা টাইম৷ দাদাক গহীন হৈ নাকৰ পাহিকেইটা ফুলাই ফুলাই ক’লো, “ট্ৰেইনখনত থকা মানুহবোৰক মই বাই বাই দিম দেই”। দাদাক কথাষাৰ কৈ উঠিয়েই ট্ৰেইনখন অহা দেখি আগ পিছ নাচাই হাত জোকাৰিবলৈ ধৰিলো। দাদাই হাতখন থাপ মাৰি ধৰি ভেকাহি মাৰি ক’লে – “বুৰ্বক, কাক হাত জোকাৰি আছ? দেখা নাই এইখন মালগাড়ীহে! চানগ্লাচযোৰ পিন্ধি চকুৰে নেদেখা হ’লি নেকি?”

স্মাৰ্টনেছ দেখুওৱাৰ মোৰ হেঁপাহবোৰ মালগাড়ীৰ শব্দৰ লগত উৰি উৰি গৈ থাকিল আৰু আজিলৈকে উভতি নাহিল৷

(আজিকালি মই অৱশ্যে বহুত চালাক দেই, মানুহজনেহে বুৰ্বক বুলি ভাবে)

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *