ফটাঢোল

ফটালিমাৰিক – ধনজিৎ বৰুৱা

গালি

আমাৰ আৰু নেতাবোৰৰ একে নহয় শিক্ষা
আমি বোলা আইগৰাকী বেচা কিনাৰ দীক্ষা
জিভা নহয় অদ্ভুত
ৰাজহাড় কিম্ভুত
ৰাজপাটত বহিবলৈ চংবাজীৰে লাজ লগা ভিক্ষা

 

মাৰ তালি

ভোটাৰ নহয় যেন গোটেইমখা নেগুৰৰ চিকৰা
স্বাধীন মহান ভূমিৰ গৃহ এতিয়াও বাঁহ খেৰ ইকৰা
শিক্ষা জীৱন কিতাপৰ
দীক্ষা সৰল জীৱনৰ
কামত নাহি জালত মেৰাই ৰাজনীতিক মকৰা

কৰিম

হাজাৰ বছৰীয়া সভ্যতা অসম ভূমিৰ আছে
এচকুৱা দৰ্শন আমাৰ সেই ভুলো আছে পাছে
সকলোৰে একক ধাৰ
ব্ৰহ্মপুত্ৰৰ বিশাল পাৰ
এক হ’লেই কুটিলৰ ভয় মহাদেৱে উমানন্দত নাচে

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *