ফটাঢোল

কেতিয়াবা এনেকৈও ভাবিবলৈ মন যায় – কমলা দাস

আছে হেংডাং লোৱা নাই,

ল’লেও কিন্তু ধাৰ নাই।

আছে গৰু, নাবায় হাল,

থকাতকৈ ৰাতি কোনোবা গৰু চোৰে নি

বাংলাদেশত চাপ্লাই দিয়াই ভাল।

 

আছে মোবাইল চাৰ্জ নাই,

চাৰ্জ থাকিলে কিন্তু ৰাতি বাৰটালৈ চাব এৰাত নাই।

আছে মূলা খোৱা নাই,

খালে পিছে গেছ হয়।

ঘড়ীটোৱে কয় শুনা টিক্ টিক্ টিক্,

কোনোৱেও মোৰ মূল্য নুবুজিলেও মই ঘূৰোঁ‌ ঠিক ঠিক।

ছাগলী মৰিবৰ ছমাহ হ’ল,

এতিয়াও ছালখনেৰে একো বনাব পৰা নহ’ল।

চকু লাল, বুকু খাল,

আজিকালি সেই পুৰুষৰ নহয় লক্ষণ ভাল।

তৰিলে দেশ, মৰিলে শ্মশান।

সত্যৰ সদায় জয়,

আজিকালি নহয়।

তিনিশ ষাঠি জোপা ৰুলেও কল,

গেছ দি পকোৱা কল খাই নহয় আজিকালি গাত বল।

দূৰৰ পৰ্বত দেখিবলৈ ভাল,

ওচৰত গৈ চেলফি ল’ব পাৰিলে আৰু বেছি লাগে ভাল।

ভুকুতে কলটো নপকে,

গেছ দিলেহে পকে।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply to মনিমা কলিতা Cancel reply

Your email address will not be published. Required fields are marked *