কৌতুক – ডাঃ পার্থসাৰথি ভূঞা
১)
ল’ৰা-ছোৱালীৰ মাজত দুৰ্ঘোৰ প্ৰেম। ল’ৰাৰ দাবীত বাপেকে এদিন ছোৱালীৰ বাপেকক লগ কৰিবলৈ গ’ল। চিনাকি পৰ্বৰ পাছত সুধিলে,
: আপোনাৰ ছোৱালীয়ে বৰ্তমান কি কৰি আছে?
ছোৱালীৰ বাপেক : তাই অভিনয় কৰে।
ল’ৰাৰ বাপেক : ভাল ভাল, ক’ত কৰ নো? চিনেমা, চিৰিয়েল নে থিয়েটাৰত?
ছোৱালীৰ বাপেক : নহয় মানে তাই ‘টিকটক’ত কৰে। আৰু আপোনাৰ ল’ৰাই?
ল’ৰাৰ বাপেক : অ’ দুয়োটা ভাল মিলিব দিয়ক তেন্তে। মোৰ ল’ৰাই আৰ্মীত কৰে। সি সৈনিক ‘পাব জি’ত।
২)
হোমৰ গুৰিত দৰা আৰু কইনা। পূজাৰীৰ মন্ত্ৰপাঠ চলি আছে। এইবাৰ পূজাৰীয়ে দৰা কইনা দুয়োকে থিয় হ’বলৈ দিলে আৰু মন্ত্ৰ মাতি থকাৰ লগে লগে হোমৰ জুইৰ কাষে কাষে ঘূৰিবলৈ নিৰ্দেশ দিলে।
পূজাৰী : মই মন্ত্ৰ মাতি যাম, দুয়ো হোমৰ কাষে কাষে ঘূৰিব, কইনা আগে আগে দৰা পাছে পাছে….ঔম, ধৃং ক্ৰিং প্ৰজাপতেই …..
তেনেতে দৰা কইনাতকৈ আগবাঢ়ি গ’ল, পূজাৰীয়ে বোলে, “হেই হেই…কইনা আগত দৰা পাছত, ঔম মঙ্গলম ভগবানে…….”
এইবাৰ আকৌ দৰা কইনাতকৈ আগ পালেগৈ। পূজাৰীয়ে অতিষ্ঠ হৈ বোলে,
“বাচা, কথা বুজি নোপোৱা নেকি হে, মই অসমীয়াতহে কৈ আছোঁ, ছমছকিটত কোৱা নাই নহয়, তুমি কইনাৰ পাছে পাছে গৈ থাকিবা।
দৰাৰ বাপেকে পূজাৰীৰ কাণে কাণে ক’লে, “দেউ, খং নকৰিব, এয়া তাৰ স্বভাৱৰ দোষ। সি মানে ট্ৰেভেলাৰৰ ড্ৰাইভাৰ।”
☆ ★ ☆ ★ ☆
2:08 pm
মজা
8:53 pm
হয়তো অভাৰটেক কৰাটো ট্ৰেভেলাৰৰ ড্ৰাইভাৰৰ স্বভাৱ??